দিছ্পুৰ থানাত নীলমণি সেন ডেকাৰ বিৰুদ্ধে এজাহাৰ দাখিল সদৌ অসম বঙালী নাগৰিক সমাজৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২১ নৱেম্বৰ : সদৌ অসম বঙালী নাগৰিক সমাজে প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ বিৰুদ্ধে বৃহস্পতিবাৰে দিছ্পুৰ থানাত এখন এজাহাৰ দাখিল কৰে । এজাহাৰ দাখিল কৰি ভাৰতীয় দণ্ডবিধি অনুসৰি প্ৰাক্তন মন্ত্ৰীগৰাকীক শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়। এজাহাৰখনত সদৌ …

অসম গণ পৰিষদে খুলিলে ছাত্ৰ সংগঠন : জন্ম হ’ল অসম ছাত্ৰ সংগঠনৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২১ নৱেম্বৰ : কংগ্ৰেছৰ এন এছ ইউ আই, বিজেপিৰ এ বি ভি পিৰ পাছত এইবাৰ অসম গণ পৰিষদে খুলিলে ছাত্র সংগঠন । বৃহস্পতিবাৰে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্রৰ বাকৰিত জন্ম হ’ল সংগঠনটোৰ । নাম অসম ছাত্ৰ সংগঠন। এই অনুষ্ঠানটিত …

ব্যক্তিগত খণ্ডৰ হাতলৈ নাযায় এন আৰ এল

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২১ নৱেম্বৰ : অসম চুক্তি অনুসৰি স্থাপন হোৱা নুমলীগড় তেল শোধনাগাৰ চমুকৈ এন আৰ এল বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে । তাৰ পাছৰে পৰা বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদেৰে উত্তপ্ত হৈ আছিল অসমৰ পৰিস্থিতি। অসমত এনে …

যুৱ সাংবাদিক সন্থা ,অসমৰ বঁটা ঘোষণা : বিগত বৰ্ষৰ দৰে এইবাৰো ৰাজ্যৰ কেইবাজনো সাংবাদিকক প্ৰদান কৰা হ’ব বিভিন্ন শিতানত একোটাকৈ বঁটা

গুৱাহাটীৰ পৰা নন্দিনী মহন্ত, সংবাদ ৩৬৫, ২০ নৱেম্বৰ : যথোচিত মান্যতাৰ স্বাৰ্থত আত্ম প্ৰকাশ হোৱা যুৱ সাংবাদিক সন্থা,অসমৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ২০২০ চনৰ ৯ ফ্ৰেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত কৰা হ’ব । বিগত বৰ্ষৰ দৰে এইবছৰো বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত শ্ৰেষ্ঠ বাতৰি …

” মাজুলী গাভৰু ” শীৰ্ষক গীতটিৰ ভিডিঅ’ক লৈ বিতৰ্কত কণ্ঠশিল্পী বাবু বৰুৱা : ফেচবুকৰ জৰিয়তে বিচৰা ক্ষমা মানি নলয় মাজুলীবাসীয়ে

গুৱাহাটীৰ পৰা নন্দিনী মহন্ত, সংবাদ ৩৬৫, ২০ নৱেম্বৰ : সাধাৰণতে বিতৰ্কৰ মাজত নথকা জনপ্ৰিয় কণ্ঠশিল্পী বাবু এতিয়া বিতৰ্কৰ মাজত। বাবু বৰুৱাক তীব্ৰ সমালোচনাৰ লগতে চ’চিয়েল মিডিয়াত বিভিন্ন কটু মন্তব্যৰে থকা-সৰকা কৰিছে । আচলতে বাবু বৰুৱাৰ ভুল কি আছিল ? শেহতীয়াকৈ …

জনতা ভৱন কাৰ্যসূচী সফল নহ’ল মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ : খানাপৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰতে স্থগিত ৰখা হ’ল প্ৰতিবাদী কাৰ্যসূচী

গুৱাহাটীৰ পৰা নন্দিনী মহন্ত, সংবাদ ৩৬৫, ২০ নৱেম্বৰ : বুধবাৰে খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা জনতা ভৱন ঘেৰাও কৰি মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল । সন্থাটোৰ দাবীসমূহ আছিল এন জি অ’ক দিয়া মধ্যাহ্ন ভোজন …

ওৰাঙৰ গেলাবিলৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা : দুৰ্ঘটনাত থিতাতে নিহত ৮ জনকৈ লোক

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২০ নৱেম্বৰ : যোৱা ৰাতি ওৰাঙৰ গেলাবিলত মঙ্গলদৈৰ পৰা তেজপুৰ অভিমুখে বিয়া খাই উভতি অহাৰ পথত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় ৮ জনকৈ লোক । তেজপুৰৰ তেলেৰীয়াত বিয়া খাবলৈ গৈ উভতাৰ …

প্ৰকৃতি সুৰক্ষাৰ দাবীৰে শংকৰদেৱ উদ্যানত উপস্থিত অৰণ্য মানৱ যাদৱ পায়েং

গুৱাহাটী, ১৯ নৱেম্বৰ : গছৰ সুৰক্ষাৰ হকে মাত মাতিবলৈ ভৰলুমুখৰ শংকৰদেৱ উদ্যানত মঙলবাৰে পুৱাই উপস্থিত হয় অৰণ্য মানৱ যাদৱ পায়েং। চৰকাৰে প্ৰকৃতিৰ ওপৰত চলোৱা ধ্বংসকাৰ্যক তীব্র ভাষাৰে সমালোচনা কৰে প্ৰকৃতি প্ৰেমীগৰাকীয়ে। “আমি উন্নয়নৰ বিৰোধিতা নকৰো। কিন্তু উন্নয়নৰ নামত জধে-মধে গছ …

চোৰে টোপনি কাঢ়িছে একাংশ যোৰাবাটৰ ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি ট্ৰাকৰ চালকক

যোৰাবাট, সংবাদ ৩৬৫, ১৯ নৱেম্বৰ : যোৰাবাটত একাংশ ব্যৱসায়ীৰ লগতে ট্ৰাকৰ চালকৰ টোপনি কাঢ়িছে চোৰে। সঘনাই সংঘটিত হৈ আছে যোৰাবাট অঞ্চলত চুৰি কাৰ্য । মঙলবাৰে পুৱা ৪.৩০ বজাত পথৰ দাঁতিত ৰৈ থকা এখন ট্ৰাকৰ পৰা তিনিজনীয়া এটা চোৰৰ দলে বেটেৰী …

গুৱাহাটীত পুনৰ জব্দ সোণৰ বিস্কুট

গুৱাহাটী, সংবাদ ৩৬৫, ১৯ নৱেম্বৰ : গুৱাহাটীত পুনৰ ৰে’ল আৰক্ষীয়ে জব্দ কৰে ৪০ লাখ মূল্যৰ সোণৰ বিস্কুট। ব্ৰহ্মপুত্ৰ মেইল যোগে মুম্বাইলৈ সৰবৰাহ কৰা সময়তে জব্দ কৰা হয় সোণখিনি । উল্লেখযোগ্য যে মণিপুৰৰ পৰা অনা হৈছিল উক্ত সোণখিনি। ইতিমধ্যে সোণ সৰবৰাহকাৰী …