মালিগাঁৱত নাহৰফুটুকী বাঘৰ পোৱালি উদ্ধাৰ

গুৱাহাটী, সংবাদ ৩৬৫, ৩ জুলাইঃ মহানগৰীৰ মালিগাঁৱৰ গোশালাৰ দেৱকাটা নগৰত মঙলবাৰে এটা নাহৰফুটুকী বাঘৰ পোৱালি উদ্ধাৰ হয়। দেৱকাটা নগৰৰ বাসিন্দা প্ৰৱণ চৌধুৰী নামৰ এজন লোকৰ চৌহদত নাহৰফুটুকী বাঘৰ পোৱালিটো প্ৰত্যক্ষ কৰি ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্থানীয় …

বাক্সা জিলাৰ মুছলপুৰত দিন ডকাইতি : মাইক্ৰ ফাইনেঞ্চৰ এজেন্টৰ পৰা আঢ়ৈ লক্ষাধিক টকা লুট

বাক্সা, সংবাদ ৩৬৫ ৩ জুলাইঃ বাক্সা জিলাৰ মুছলপুৰত মঙলবাৰে সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। মুছলপুৰৰ সমীপৱৰ্তী হাৰিভাঙা চ’কত সংঘটিত হয় দিন ডকাইতিৰ ঘটনা। প্ৰাপ্ত তথ্য মতে এল এণ্ড টি নামৰ মাইক্ৰ ফাইনেঞ্চ কোম্পানীৰ ধনজিৎ শৰ্মা নামৰ এজেণ্ট এজনে মুছলপুৰ …

বন মহোৎসৱ উপলক্ষে বাক্সাত ১০ হেজাৰ গছপুলি ৰোপনৰ আঁচনি

বাক্সা, সংবাদ ৩৬৫, ৩ জুলাইঃ এক জুলাইৰ পৰা সাত জুলাইলৈ ৰাজ্যত পালন কৰা হৈছে ৬৯ সংখ্যক বন মহোৎসৱ। বন মহোৎসৱ উপলক্ষে মঙলবাৰে বাক্সা জিলা বন প্ৰাধিকাৰীৰ অন্তৰ্গত তামুলপুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যলয়ৰ এলেকাধীন ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত এক গছপুলি ৰোপন …

শিক্ষকৰ কামনাৰ বলি হৈ অন্তঃসত্বা হ’ল ১৪ বছৰীয়া বনকৰা কিশোৰী

ৰঙিয়া, সংবাদ ৩৬৫, ৩ জুলাইঃ কামৰূপ জিলাৰ ৰঙিয়াৰ বড়িগোগত এক জঘন্য কাণ্ড সংঘটিত হৈছে। এগৰাকী ১৪ বছৰীয়া বনকৰা কিশোৰীক ধৰ্ষণ কৰি অন্তঃসত্বা কৰিলে এজন লম্পট শিক্ষকে। ভুক্তভোগী কিশোৰীগৰাকীৰ অভিযোগ মতে বড়িগোগ আঞ্চলিক হাইস্কুলৰ শিক্ষক তথা নিজ বড়িগোগ গাঁৱৰ বাসিন্দা প্ৰমোদ দত্তই কিশোৰী …

কচুগাঁৱৰ দুমবজাৰত চোৰাং শালকাঠৰ কুণ্ডাসহ ভূটানৰ ট্ৰাক জব্দ

কোকৰাঝাৰ, সংবাদ ৩৬৫, ৩ জুলাইঃ কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ দুমবজাৰত সোমবাৰে নিশা কচুগাঁও বন সংমণ্ডলৰ বনকৰ্মীয়ে অভিযান চলাই পাঁচ লক্ষাধীক টকাৰ চোৰাং শাল কাঠৰ কুণ্ড জব্দ কৰিবলৈ সক্ষম হয়৷ এক বিশেষ তথ্যৰ আত ধৰি সোমবাৰে নিশা প্ৰায় দহ বজাত কচুগাঁও বনাঞ্চলৰ সুৰক্ষাৰ …

বাক্সাত অবৈধ কাঠৰ মিল উৎসাত

বাক্সা, সংবাদ ৩৬৫, ৩ জুলাইঃ বাক্সা জিলাৰ কুমাৰীকাটা বনাঞ্চলিক এলেকাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তত একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে অবৈধ কাঠৰ ৰমৰমীয়া বেহা চলাই থকাৰ অভিযোগ দীৰ্ঘদিন ধৰি উত্থাপিত হৈ আহিছে। চোৰাং কাঠৰ ব্যৱসায়ী সকলে সীমান্ত অঞ্চলটোত কাঠ ফুলাৰ দৰে গঢ়ি তুলিছে অবৈধ …

ছাত্ৰীক যৌন নিৰ্যাতন চলাই জেললৈ শিক্ষক

শিমলুগুৰিৰ পৰা নেকিবুল হক, সংবাদ ৩৬৫, ২ জুলাইঃ শিৱসাগৰ জিলাৰ নাজিৰাত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত এজন শিক্ষক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে ঐতিহাসিক গড়গাঁৱৰ কাৰেংঘৰৰ সমীপত অৱস্থিত গড়গাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী গৰাকীক বিদ্যালয়খনৰ …

সেনাৰ স্পীণ্টাৰৰ টুকুৰা লাগি নিহত যুৱক

বাক্সা, সংবাদ ৩৬৫, ২ জুলাইঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ দৰঙামেলা আৰক্ষী চকীৰ অন্তৰ্গত পাহাৰপুৰৰ ফায়াৰিং ৰেঞ্জত সোমবাৰে এক অঘটন সংঘটিত হয়। সেনা বাহিনীয়ে নিয়মীয়া প্ৰশিক্ষণ চলাই থকাৰ মাজতে স্পীণ্টাৰৰ টুকুৰা মুৰত লাগি নিহত হয় এজন যুৱক। জানিব পৰা মতে বাক্সা …

হাটশিঙিমাৰীত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সম্পাদক আজিজুল ৰহমানঃ এন আৰ চিলৈ ভীতিগ্ৰস্ত নহবলৈ ৰাইজক আহ্বান 

হাটশিঙিমাৰী, সংবাদ ৩৬৫, ২ জুলাইঃ আগন্তুক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ প্ৰতি লক্ষ্য ৰাখি হাটশিঙিমাৰীত সোমবাৰে সদৌ অসম গৰীয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সম্পাদক আজিজুল ৰহমানে দক্ষিণ শালমাৰা-মানকাচৰ গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ সমিতিৰ সভাপতি জাহাংগীৰ আলম মণ্ডল আৰু সমিতিৰ কৰ্মকৰ্তা সকল এক গুৰুত্বপূৰ্ণ …

এইবাৰ বৰপেটা জিলাৰ বাঘবৰৰ চৰত মৰেল পুলিচৰ দপদপনি

কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ২ জুলাইঃ ৰাজ্যত দৈনিক সংঘটিত হৈ আহিছে মৰেল পুলিচৰ দপদপনি। বৰ্তমান সময়ত মৰেল পুলিচৰ দপদপনিয়ে তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্য৷ যোৱা কিছুদিন পূৰ্বে মৰেল পুলিচৰ বাবে সংঘটিত হৈ যোৱা অভিজিত নাথ আৰু নিলোতপল দাসৰ ডকমকা …