নগাঁৱত সংঘটিত হৈছে জঘন্য ঘটনা: ধৰ্ষণৰ পিছত জ্বলাই দিয়াৰ চেষ্টা ১৩ বছৰীয়া যুৱতীক

নগাঁৱৰ পৰা ৱাহিদুদ জামান, সংবাদ ৩৬৫, ২৩ মাৰ্চ: নগাঁও জিলাত পুৰুষৰ পৈশাচিক কামনাৰ বলি হৈ সম্প্ৰতি মৃত্যুৰ যন্ত্রণাত ছটফটাই আছে এগৰাকী ১৩ বছৰীয়া পঞ্চম শ্রেণীৰ ছাত্রী। জিলাখনৰ বটদ্ৰৱা আৰক্ষী চকীৰ অন্তগর্ত ধনীয়াভেটীৰ লালুং গাঁৱত শুক্ৰবাৰে সংঘটিত হৈছে এক জঘন্য ঘটনা …

মাৰ্ঘেৰিটাত পাঁচটাকৈ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী

মাৰ্ঘেৰিটাৰ পৰা ৰবিন শৰ্মা, সংবাদ ৩৬৫, ২৩ মাৰ্চ: শুক্ৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা সমিতিৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। মাৰ্ঘেৰিটা সমষ্টিৰ বান, গৰাখহনীয়া ৰোধ কৰাৰ লগতে বিভিন্ন সমস্যা সমাধানৰ দাবীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলে …

নগাঁৱত আৰক্ষী গুলীত দুৰ্ধষ ডকাইতি নিহত

নগাঁৱৰ পৰা পিংকি শইকীয়া, ২৩ মাৰ্চ : নগাঁও জিলা আৰক্ষীয়ে অপৰাধজনিত কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান চলাই থকাৰ পিছতো জিলাখনত অবৈধ মাৰনাস্ত্ৰৰ লৈ দুৰ্বৃত্তই অপৰাধজনীত কাৰ্যকলপা অব্যাহত ৰাখিছে। দীৰ্ঘদিন ধৰি জিলাখনৰ বিভিন্ন অঞ্চলত একাংশ অপৰাধী চক্ৰই অবৈধ মাৰনাস্ত্ৰৰ ব্যৱসায় চলাই থকাৰ লগতে …

কলহী নৈত গা ধুবলৈ গৈ ছাত্ৰ সন্ধানহীন

কুকুৰমাৰা, সংবাদ ৩৬৫, ২৩ মাৰ্চ: শুক্ৰবাৰে সংঘটিত হোৱা এক মৰ্মান্তিক ঘটনাই জোকাৰি যায় দক্ষিণ কামৰূপৰ সমগ্ৰ কুকুৰমাৰা অঞ্চল।কুকুৰমাৰাৰ ৩ নং আমতলা গাঁৱৰ নৃপেন দাসৰ একমাত্ৰ পুত্ৰ তথা আৰকেচি হাই স্কুলৰ ষষ্ট শ্ৰেণীৰ ছাত্ৰ শংকৰ দাস নামৰ এঘাৰ বছৰীয়া কিশোৰ এজন …

আৰক্ষীৰ পূৰ্বে গৃহস্থই চি চি টি ভি ফুটেজ চাই ধৰিলে চুৰ

গোলাঘাটৰ পৰা চেমিম আলী, সংবাদ ৩৬৫, ২৩ মাৰ্চ: গোলাঘাট নগৰৰ ৩ নং ৰেলগেটৰ বাসিন্দা মিজান আহমেদৰ বাসগৃহত বৃহস্পতিবাৰে নিশা চোৰে পৰিয়ালৰ সকলো সদস্যক মুখত স্প্ৰে মাৰি অচেতন কৰি চুৰি কাৰ্য সংঘটিত কৰে। নিশা চোৰে মিজান আহমেদৰ ঘৰৰ খিৰিকীৰ ফাকেৰে স্প্ৰে …

গোলাঘাটৰ এৰেঙ্গাপাৰাৰ কুচুম পেট্ৰল পাম্পত ভয়াবহ অগ্নিকাণ্ড

গোলাঘাটৰ পৰা চেমিম আলী, সংবাদ ৩৬৫, ২৩ মাৰ্চ: গোলাঘাট জিলাৰ এৰেঙ্গাপাৰাৰ কুচুম পেট্ৰল পাম্পত শুক্ৰবাৰে এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। পেট্ৰল পাম্পখনত ৰখাই থোৱা এখন তেল ভৰ্তি টেংকাৰত হঠাৎ সংঘটিত হোৱা অগ্নিকাণ্ডই ভয়াবহ ৰূপ ধৰণ কৰি পেট্ৰল পাম্পখনত থকা অন্য …

সাৰদা কেলেংকাৰীৰ মূল খলনায়ক সুদীপ্ত সেনক গুৱাহাটী কাৰাগৰলৈ প্ৰেৰণ

গুৱাহাটী, সংবাদ ৩৬৫, ২৩ মাৰ্চ: সাৰদা কেলেংকাৰীৰ মূল খলনায়ক সুদীপ্ত সেনক ১৪ দিনৰ বাবে গুৱাহাটী কেন্দ্ৰীয় কাৰাগৰলৈ প্ৰেৰণ। সুদীপ্ত সেনক পুনৰ ৬ এপ্ৰিলত আদালতত হাজিৰ কৰোৱা হব। সাৰদা কেলেংকাৰীৰ মূল খলনায়ক সুদীপ্ত সেনক গুৱাহাটীত পঞ্জীকৃত হোৱা দুহেজাৰ কোটি টকাৰ সাৰদা …

গুৱাহাটী ৰে’ল ষ্টেচনত ১২খন সোণৰ বিস্কুট জব্দ

গুৱাহাটী, সংবাদ ৩৬৫, ২৩ মাৰ্চ: গুৱাহাটী ৰেল ষ্টেচনত ৰেল আৰক্ষীয়ে শুক্ৰবাৰে ১২ খনকৈ সোণৰ বিস্কুটসহ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা ৰেল আৰক্ষীয়ে অভিযান চলাই সোণৰ বিস্কুটসহ সৰবৰাহকাৰী দুজনক আটক কৰে। জানিব পৰা মতে সৰবৰাহকাৰী দুজনে …

বৰঝাৰ বিমান বন্দৰত গুলীসহ আটক জোৱান

মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ২২ মাৰ্চ: গুৱাহাটীস্থিত বৰঝাৰ বিমান বন্দৰত ৫টাকৈ গুলীসহ এজন সেনাৰ জোৱান আটক হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৰহাট জিলাৰ লিচুবাৰীত কৰ্মৰত এএছচিবিএন ৫৫৪ৰ সেনা জোৱান তথা তামিলনাডু নিবাসী নায়ক এ সুব্ৰমনিয়াম নামৰ লোকজনে বৃহস্পতিবাৰে …

দিব্যজ্যোতি শইকীয়াৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলৰ টিম আন্নাৰ সদস্য সকলে অংশগ্ৰহণ কৰিব আন্নাৰ আন্দোলনত

গুৱাহাটী, সংবাদ ৩৬৫, ২২ মাৰ্চ:  জন লোকপাল বিল আৰু কৃষকসকলৰ বিভিন্ন সমস্যাৰ স্থায়ী সমাধানকে ধৰি কেইবাটাও দাবীত অহা ২৩ মাৰ্চৰ পৰা দিল্লীৰ ৰামলীলা ময়দানত বিশিষ্ট সমাজসেৱী আন্না হাজাৰেৰ নেতৃত্বত টীম আন্নাৰ দ্বাৰা আৰম্ভ হব লগীয়া সত্যাগ্ৰহ আন্দোলনৰ বাবে অসম তথা উত্তৰ …