চামেলী মেমচাবৰ স্ৰষ্টা আব্দুল মজিদ আৰু নাই

সংবাদ ৩৬৫ ডেস্ক, ২৪ ছেপ্টেম্বৰঃ চামেলী মেমচাবৰ স্ৰষ্টা আব্দুল মজিদ আৰু নাই৷  ছবিজগতৰ বহুতৰে বাবে মজিদকাই খ্যাত বিশিষ্ট অভিনেতা তথা  পৰিচালক আব্দুল মজিদে পুৱা ৯.৩০ বজাত ৮৬ বছৰ বয়সত দিছপুৰৰ জিএনআৰচি চিকিৎসালয়ত চিকিৎ‍সাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে।  ১৯৩১ৰ ১৬ নৱেম্বৰত …

পুৱাই স্বচ্ছ ভাৰত অভিযানত তিতাবৰ আৰক্ষী জোৱান

তিতাবৰ, ২৪ছেপ্টেম্বৰঃ মাৰাণাস্ত্ৰৰ পৰিৱৰ্তে এইবাৰ হাতত ঝাৰু তুলি ল’লে তিতাবৰ আৰক্ষী জোৱানে। পুৱাই থানাৰ চৌহদ, বাথৰুম চাফা কৰাত ব্যস্ত তিতাবৰ আৰক্ষী থানাৰ জোৱানসকল৷ হাতে হাতে ঝাৰু লৈ থানাৰ চৌহদৰ সকলো লেতেৰা জাবৰ জোঁথৰ চাফা কৰাত ব্যস্ত হৈ পৰিছে জনসাধাৰণক সকলো …

গল্পকাৰ নিলোৎপল বৰুৱাৰ প্ৰতিকৃতি দাহ ৰূপসী ব্লক কংগ্ৰেছৰ

কলগাছিয়া ২৪ ছেপ্টেম্বৰঃ অসমৰ তিনিজনকৈ সংখ্যালঘু বিধায়কক  ফেচবুকত পিষ্টলেৰে গুলীয়াই হত্যাৰ ভাবুকি প্ৰদান কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে নিলোৎপল বৰুৱা নামৰ এগৰাকী গল্পকাৰে। বৰুৱাই কেৱল হত্যাৰ ভাবুকিয়েই দি ক্ষান্ত নাথাকি বিধায়ক তিনিজনক বাংলাদেশী বুলিও অভিহিত কৰে। বিধায়ক তিনিগৰাকী ক্ৰমে আব্দুল …

কলগাছিয়াৰ অপহৃত গাড়ী চালক উদ্ধাৰঃ আটক-১

কলগাছিয়া ২৪ ছেপ্টেম্বৰঃ কলগাছিয়াৰ পৰা গোৱালপাৰালৈ নিজৰ এএছ০১ এমএ০৬৪ নম্বৰৰ চুইফট ডিজায়াৰ গাড়ী ভাড়াত লৈ যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ থকা গাড়ী চালক ৰফিকুল ইছলাম ওৰফে ৰাইজুদ্দিনক বৰপেটা আৰু গোৱালপাৰা আৰক্ষীয়ে যৌথ অভিযান চলাই উদ্ধাৰ কৰে। প্ৰাপ্ত তথ্য মতে, অপহৰণ কৰাৰ পিছত অপহৰণকাৰীয়ে ৰফিকুল ইছলামৰ ঘৰত …

তিতাবৰৰ যুৱক নিৰুদ্দেশ

তিতাবৰ, ২২ ছেপ্টেম্বৰঃ তিতাবৰ ডফলাটিঙৰ নতুন ককিলাৰ এজন যুৱক সন্ধানহীন হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে, নতুন ককিলাৰ গোবিন দাস আৰু কল্পনা দাসৰ একমাত্ৰ পুত্ৰ দীপাংকৰ দাস (২০) নামৰ যুৱকজন বিগত ১০ দিন সন্ধানহীন হৈ আছে৷ …

ৰাণীত চিআৰপিএফৰ উদ্যোগত স্বচ্ছতা সেৱা সমদল

ৰাণী, ২৩ ছেপ্টেম্বৰঃ ৰাণীত ১৭৫ চিআৰপিএফ বেটেলিয়নে স্বচ্ছতা সেৱা অভিযানৰ অংশ হিচাপে স্বচ্ছতা সেৱা শীৰ্ষক এক বিশাল শোভাযাত্ৰা উলিয়াই। ৰাণীৰ কেবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী, দল-সংগঠনৰ লগতে চিআৰপিএফৰ বহু কেইগৰাকী শীৰ্ষ বিষয়াই এই স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ উল্লখ্য যে, …

কাজিৰঙাৰ এনআৰএল এনাৰ্জী ষ্টেছনত অপহৰণ

কাজিৰঙা, ২২ ছেপ্তেম্বৰঃ কাজিৰঙাৰ শিলজুৰিৰ এনআৰএল এনাৰ্জী ষ্টেছন তেল ডিপুৰ পৰা অস্ত্ৰধাৰী দুৰ্বৃত্তই এজন কৰ্মচাৰীক অপহৰণ কৰি নিয়া ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে, নিশা প্ৰায়  ১১-৩০ বজাত তিনিজনীয়া অস্ত্ৰধাৰী দুৰ্বৃত্তৰ এটা দলে ডিপুত প্ৰৱেশ কৰি ভাস্কৰ …

কাপলাবড়ীৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত চুৰি

মুকালমুৱা, ২৩ ছেপ্টেম্বৰঃ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত কাপলাবড়ীৰ এখন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা নিশা চোৰে প্ৰায় পাঁচ লক্ষাধিক টকাৰ সামগ্ৰী  চুৰি কৰি নিয়ে৷ প্ৰাপ্ত তথ্য মতে, কাপলাবাৰীৰ পৰাণ আলী নামৰ লোকজনৰ  ইলেকট্ৰনিক ব্যৱসায়ীক প্ৰতিষ্ঠানৰ তলা ভাঙি চোৰৰ দলটোৱে দোকানৰ ভিতৰত প্ৰৱেশ …

দুৰ্গা পূজাৰ ব্যস্ততাৰ মাজত তিতাবৰত কেঁকুৰা চেপা

তিতাবৰ, ২৩ ছেপ্টেম্বৰঃ শাৰদীয় দুৰ্গা পূজা সমাগত। মা দূর্গাক আদৰিবলৈ সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি চলিছে।  দোকান বজাৰ সকলোতে পূজাৰ বজাৰক লৈ ব্যাপক তৎপৰতা। এই তৎপৰতাৰ মাজতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহ’বলৈ তিতাবৰ যান বাহন নিয়ন্ত্ৰণ আৰক্ষীয়ে ব্যৱহাৰ কৰিছে কেঁকুৰা চেপা। …

কলগাছিয়াৰ কামাৰগাঁৱত চিআৰপিএফৰ স্বচ্ছতাই সেৱা অভিযান

কলগাছিয়া ২২ ছেপ্তেম্বৰঃ বৰপেটাৰ সৰভোগৰ কামাৰগাওঁ স্থিত চিআৰপিএফৰ জি/১০ বেটেলিয়ানে স্বচ্ছতাই সেৱা কাৰ্যসূচী ৰূপায়ন কৰে৷ চিআৰপিএফৰ জি/১০ বেটেলিয়ানৰ এছিছটেন্ট কামাণ্ডেন্ট সুদেশ কুমাৰ আৰু আৰক্ষী বিষয়া বহুৰাণ ওৰাঙৰ নেতৃত্বত অৰ্ধ শতাধিক জোৱানে পুৱা ৮ বজাৰ পৰা ১১ বজালৈ কামাৰগাওঁ চিকিৎসালয়, খাৰিজা বিজনী ছোৱালী মধ্য ইংৰাজী বিদ্যালয়, …