চৰাইদেউত প্ৰহসনত পৰিণত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মাৰ্ক টু টিউৱেল

বৰহাট, ১৯ জুনঃ চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ বিভিন্ন পঞ্চায়তত জনসাধাৰণক বিশুদ্ধ খোৱা পানী যোগানৰ নামত স্থাপন কৰা মাৰ্ক টু টিউৱেল সমূহ সম্প্ৰতি প্ৰহসনত পৰিণত হৈছে ৷ অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে সোণাৰি সংমণ্ডলৰ অধীনত স্থাপন কৰা এই মাৰ্ক টু টিউৱেল …

ক্ষেত্ৰীত কাৰ্বি ছাত্ৰ সন্থাৰ বাৰ্ষিক নৱাগতা আদৰণি সভা

সোণাপুৰ, ১৮ জুনঃ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা কাৰ্বি জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনোৱা উদ্দেশ্যে ক্ষেত্ৰীৰ ডিমৰীয়া মহাবিদ্যালয়ৰ প্ৰাঙ্গণত এখনি নৱাগতা আদৰণি আৰু বছৰেকীয়া চা-চিনাকী সভাৰ আয়োজন কৰা হয়৷ কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে …

হাতত বেজি-সূঁতালৈ বনাঞ্চল ৰক্ষাৰ যুদ্ধত নামিছে মহিলা

ছৰফৰাজ খান, গুৱাহাটী, ১৮ জুনঃ হিন্দীত এষাৰ কথা আছে ‘ছুই জাহাপে কাম আয়ে ৱাহ কিয়া কৰে তালৱাৰ’ অৰ্থাৎ য’ত বেজিৰে কাম কৰিব পাৰি তাত তৰোৱালৰ কি কাম? এইষাৰ কথাকে প্ৰমাণ কৰিবলৈ দ্বীপৰ বিলৰ পাৰত কেইগৰাকীমান মহিলাই হাতত বেজিলৈ নামি পৰিছে …

অনলাইনেৰে সংযোজন গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ লাভৰ প্ৰক্ৰিয়া

গুৱাহাটী, ১৮ জুনঃ  ৰাজ্যৰ পৰিবহণ বিভাগে গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ ব্যৱস্থাক অনলাইন ব্যৱস্থাৰে সংযোজন কৰাৰ বাবে আঁচনি গ্ৰহণ কৰিছে৷ এই আঁচনিৰ অধীনত গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ বাবে যিসকলে আবেদন কৰিব বিচাৰে তেওঁলোকে অনলাইন প্ৰক্ৰিয়াৰে আবেদন কৰিব পাৰিব৷ পৰিবহণ বিভাগৰ সূত্ৰই সদৰি …

মাজুলীত উজলা যোজনা মুকলি মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ১৮ জুনঃ গ্রামাঞ্চলত বসবাস কৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলাসকলৰ বিকাশৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি গ্রহণ কৰিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ উজলা যোজনাই দৰিদ্ৰ মহিলাক ৰন্ধন গেছৰ সুবিধা বিনামূলীয়াকৈ লাভ কৰাৰ ব্যৱস্থা কৰি সমাজৰ পিছপৰা শ্রেণীক আগুৱাই নিবলৈ …

আজিৰ নিয়োগ বাৰ্তা

তেজপুৰ মহাবিদ্যালত Professor, Associate Professorৰ ২৭টা, Research Associate, Field Assistantৰ ৪টা পদত নিযুক্তি আৱেদনৰ অন্তিম তাৰিখঃ ২৩ জুন সবিশেষ যোগাযোগঃ  www.tezu.ernet   অসম বিশ্ববিদ্যালয়ত গেষ্ট ফেকাল্টিৰ ৫টা পদত নিযুক্তি আৱেদনৰ অন্তিম তাৰিখঃ ৪ জুলাই সবিশেষ যোগাযোগঃ  www.asu.ac.in   ডিব্ৰুগড় বিশ্ববিদ্যালয়ত …

মাজুলীৰ বিভিন্ন তথ্য থকা এনড্রাইড মোবাইল এপ’ মুকলি মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ১৭ জুনঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ সত্ৰীয়া সংস্কৃতি মিচিং জনগোষ্ঠীয় সংস্কৃতি, হােটেল, পর্যটন আৱাসস্থলী পর্যটকৰ বাবে পৰিবহণ সেৱা ইত্যাদিকে ধৰি মাজুলীৰ বিভিন্ন তথ্য সামৰি এটা এনড্রাইড মোবাইল এপ’ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ উপস্থিতিত আনুষ্ঠানিকভাবে …

এপ’ল’ হাস্পাতালে গুৱাহাটীত মুকলি কৰিলে ইয়াৰ ৭০ তম হাস্পাতাল

গুৱাহাটী, ১৭ জুনঃ ভাৰতৰ আগশাৰীৰ চিকিৎসা সেৱা প্রদানকাৰী প্রতিষ্ঠান এপ’ল’ হাস্পাতাল গ্রুপে গুৱাহাটীত প্ৰথমখন পূর্ণাঙ্গ মাল্টি স্পেচিয়েলিটি হাস্পাতাল মুকলি কৰে। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই চিকিৎসালয়খন আনুষ্ঠানিকভাৱে মুকলি কৰে। অনুষ্ঠানতমন্ত্রী ড০ শৰ্মাৰ লগতে ডিব্ৰুগড়ৰ …

গৰমত মেকআপঃ মধুমিতা শইকীয়া

গৰমৰ দিন আহিলে মুখত ক্ৰীম অকণো লগাব মন নাযায়৷ তাতে মেকআপ লগাব কোনে বিচাৰিব৷ গৰমৰ দিনত বহুত জন্মদিনৰ পাৰ্টী, অফিছ পাৰ্টী থাকে৷ পাৰ্টীত অলপ সাজি-কাছি নগ’লে ভালো নালাগে৷ কিন্তু মুখত কিবা লগালে প্ৰথমে ঘাম ওলাই আৰু তাৰ পিছত মুখখন ৰঙা …

প্ৰৱঞ্চক আটক

বাইহাটা চাৰিআলি, ১৭ জুনঃ চিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত মুচলিম ঘোপাৰ অন্তৰ্গত মজনুৰ আলি নামৰ এজন প্ৰৱঞ্চকক গুৱাহাটীত আটক কৰা হয়৷ মজনুৰ আলীয়ে কমলপুৰৰ ধীৰাজ শইকীয়াৰ পৰা কামৰ ঠিকা যোগানৰ নামত ২০০৯ চনত ১.৫ লাখ টকা ঘোচ লৈছিল৷ কিন্তু ধীৰাজ শইকীয়াৰ …