বনৰীয়া হাতীয়ে ভাঙিলে বিদ্যালয়ৰ পকীবেৰ

গুৱাহাটী, ১৩ জুনঃ মহানগৰীৰ সোনাপুৰৰ এখন প্ৰাথমিক বিদ্যালয়ৰ পকীবেৰ ভাঙিলে বনৰীয়া হাতীৰ জাকে। সোনাপুৰৰ আৰক্ষী চকীৰ অন্তৰ্গত আমৰাবাটি গাৱত থকা আমৰাবাটি প্ৰাথমিক বিদ্যালয়খনৰ পকীবেৰ ভাঙি যায় আমচাং অভয়াৰণ্যৰ পৰা ওলাই অহা এক হাতীৰ জাকে। বিদ্যালয়খনৰ পকীবেৰ ভাঙি যোৱাত বৰ্তমান বিদ্যলয়খনত পাঠদান …

মানিকপুৰৰ বাংলাপাৰাত যুৱকক চোকা অস্ত্ৰৰে আক্ৰমণ

মানিকপুৰ, ১৩ জুনঃ বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী চকীৰ অন্তৰ্গত  বাংলাপাৰাত যোৱা নিশা এজন যুৱকক মাৰপিট কৰা ঘটনা সংঘটিত হয়। নাম্বাৰপাৰাৰ ইব্ৰাহিম আলীৰ পুত্ৰ আব্দুল্লা মিয়া(১৭) যোৱা নিশা বাংলাপাৰাৰ পৰা নাম্বাৰপাৰা ৩য় খণ্ডৰ নিজ ঘৰলৈ আহি থকা অৱস্থাত  বাটত দুই দুৰ্বৃত্ত …

নেৰানেপেৰা বৰষুণত ডুবিল মহানগৰী

গুৱাহাটী, ১৩ জুনঃ যোৱা কিছুদিন ধৰি বৃদ্ধি পোৱা গৰমৰ প্ৰকোপৰ পৰা দেওবাৰে অহা এজাক বৰষুণে মহানগৰীবাসীক কিছু সকাহ দিয়ে যদিও দেওবাৰৰ নিশাৰ ভাগৰ পৰা আৰম্ভ হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বা়নত ডুব যায় মহানগৰীখনক। মহানগৰীৰ বিভিন্ন স্থান জলমগ্ন হৈ পৰে …

নামনি অসমত আক্ৰাছুৰ বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

সংবাদ ৩৬৫ ডেস্ক, ১২ জুনঃ পৃথক কমতাপুৰ আৰু কোঁচ ৰাজবংশীৰ জনজাতিকৰণৰ দাবীত আক্ৰাছুৱে আহ্বান জনোৱা ৩৬ ঘন্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাব পৰিছে নামনি অসমৰ বিভিন্ন প্ৰান্তত। বৰপেটাৰ সৰভোগ, বিটিএডিৰ  গোসাইগাঁও, বিজনী, গোৰেশ্বৰ, শ্ৰীৰামপুৰৰ বিভিন্ন স্থানত উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয়৷ সৰভোগত …

প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে পেট্ৰ’ল ঢালি হত্যাৰ চেষ্টা যুৱতীক

মানিকপুৰ, ১২ জুনঃ বঙাইগাঁওৰ মানিকপুৰত প্ৰেম প্ৰত্যাখ্যান কৰাৰ কাৰণে  প্ৰেমিকে প্ৰেমিকাৰ গাত পেট্ৰ’ল ঢালি জ্বলাই হত্যাৰ চেষ্টা কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰেমিকাক হত্যাৰ চেষ্টা কৰা প্ৰেমিক সুমিত সাহাই দীৰ্ঘদিন ধৰি বৰপেটা ৰোডৰ নিশা বৰ্মণক প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল৷ …

আবকাৰী-আৰক্ষীৰ গাফিলতিত বৰহাটত বৃদ্ধি অবৈধ মদৰ বেহা

বৰহাট, ১২জুনঃ চৰাইদেউৰ অন্তৰ্গত বৃহত্তৰ বৰহাট অঞ্চলত অবৈধভাৱে গঢ় লৈ উঠা মদৰ ভাটি সমূহে অঞ্চলটোৰ  সামাজিক তথা শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিছে। বৰুৱাচালি মৌজাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত এই বৃহত্তৰ বৰহাট অঞ্চলৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয় সমূহৰ নিচেই কাষতে অবৈধ মদৰ ঘাটি …

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ শ্মশান যাত্ৰা

সোণাপুৰ, ১২ জুনঃ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গুৱাহাটী সংমণ্ডলৰ অধীনস্থ ডিমৰীয়াৰ বিভিন্ন প্ৰান্তত বিকল হৈ থকা বিশুদ্ধ খোৱাপানী আঁচনি সমূহ শীঘ্ৰে কাৰ্যক্ষম কৰাৰ দাবীত আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ প্ৰায় পাঁচ শতাধিক প্ৰতিবাদকাৰীয়ে পুৱা ১১ বজাত সোণাপুৰ ক্ষুদ্ৰ …

আইটিচিৰ মালভৰ্ত্তি অপহৃত ট্ৰাক উদ্ধাৰ

গুৱাহাটী, ১২ জুনঃ চাংসাৰী আৰক্ষীয়ে অভিযান চলাই আইটিচিৰ এখন মালভৰ্ত্তি অপহৃত ট্ৰাক উদ্ধাৰ কৰাৰ লগতে দুজন ব্যক্তিক আটক কৰে৷ উল্লেখ্য যে, যোৱা ৯ জানুৱাৰীত চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত আইটিচিৰ এখন মালভৰ্ত্তি ট্ৰাক কোকোৰাঝাৰলৈ গৈ থকা অৱস্থাত অপহৃত হৈছিল৷ আইটিচিৰ এ …

উত্তৰ-পূৰ্বাঞ্চলৰ খেলুৱৈক সম্বৰ্ধনা টি জি কানেক্টৰ

গুৱাহাটী, ১২ জুনঃ ভাৰতীয় ফুটবল আৰু শৰীৰচৰ্চাৰ ক্ষেত্ৰখনলৈ অনবদ্য বৰঙণি আগবঢ়োৱা উত্তৰ-পূৰ্বাঞ্চলৰ ফুটবল খেলুৱৈ আৰু শৰীৰ চৰ্চাবিদক টি জি কানেক্টৰৰ উদ্যোগত সম্বৰ্ধনা জনোৱা হয়৷ চ্চিজেল আৰু বডি বিল্ডিং ইণ্ডিয়া ডটকমৰ পৃষ্ঠপোষকতা আৰু ইণ্ডিগ’ৰ সমৰ্থনপ্ৰাপ্ত এই অনুষ্ঠানটোত বিশ্ব বিজেতা আৰাম্বাম ববী সিংৰ …

বেকী নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ আঁচনি মুকলি

বৰপেটা, ১১ জুনঃ বৰপেটাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত বৰডাঙাত বেকী নদীৰ গৰাখহনীয়াই ৰোধৰ কাৰণে পাৰ্কপাইন আৰু ৰিং বান্ধৰ আঁচনি দুখন মুকলি কৰে জনীয়া সমষ্টিৰ বিধায়ক আব্দুল খালেকে। উল্লেখ্য যে, বৰপেটাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত বৰডাঙাত মাথাউৰি নিৰ্মাণৰ কাম সৰ্ম্পূণ কৰা হৈছে। মাথাউৰিটো …