ড্ৰাগছ বিক্ৰী কৰি ক্ৰয় কৰিছিল দুই লাখ টকীয়া বাইক : আৰক্ষী লৈ গ’ল থানালৈ

গুৱাহাটী : দুই লাখ টকীয়া ‘য়ামাহা আৰ ১’ বাইক। একেবাৰে নতুন, জিলিকি থকা বাইক। চাগে কিছুদিন পূৰ্বে ক্ৰয় কৰা হৈছিল বাইকখন। ড্ৰাগছ বিক্ৰীৰ ধনেৰে বাইকখন ক্ৰয় কৰাৰ বাবে বাইকখন থানাত লৈ গ’ল আৰক্ষীয়ে। ড্ৰাগছ বিক্ৰী কৰি এখন বিলাসী বাইক কিনিছিল …

বৰপেটা জিলাৰ বিভিন্ন অঞ্চলত বিপদ সীমাৰ ওপৰেদি বৈছে বেঁকী নৈ

বৰপেটা : বছৰৰ দ্বিতীয়টো বানৰ কবলত পৰিছে ৰাজ্যৰ কেইবাখনো জিলা। উজনি-নামনিৰ কেইবাখনো জিলাৰ বহু অঞ্চল প্লাবিত কৰিছে বানৰ পানীয়ে। বৰপেটা জিলাৰো বহু অঞ্চল এতিয়া বাঢ়নী পানীৰ তলত। জিলাখনত বেঁকী নৈয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে। বিশেষকৈ জনীয়াত বেঁকী নৈৰ পানী বিপদ …

আৰক্ষীৰ অভিযানত ২ কোটি টকা মূল্যৰ হেৰ’ইনসহ গ্ৰেপ্তাৰ দুজন

গোঁসাইগাঁও : অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ অন্য এক গুৰুত্বপূৰ্ণ সাফল্য। মুক্তাৰ আলী নামৰ এজন আৰক্ষী জোৱানৰ বাবেই এই সাফল্য লাভ কৰিলে আৰক্ষীয়ে। গোঁসাইগাঁও মহকুমাৰ শিমুলটাপু আৰক্ষী চকীৰ জোৱান মুক্তাৰ আলীয়ে জব্দ কৰে প্ৰায় ২ কোটি টকা মূল্যৰ হেৰ’ইন। বঙাইগাঁও …

পিষ্টল লৈ বজাৰত ঘূৰি থকা মেঘালয়ৰ এজন যুৱক গ্ৰেপ্তাৰ

মানকাচৰ : হাটশিঙিমাৰীত পিষ্টলসহ এজন যুৱক গ্ৰেপ্তাৰ। হস্তনিৰ্মিত পিষ্টললৈ বজাৰত ঘূৰি থকা অৱস্থাত যুৱকজনক গ্ৰেপ্তাৰ কৰা হয়। যুৱকজনৰ ঘৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত বুলি জানিব পৰা গৈছে। মেঘালয়ৰ টিক্ৰিকিল্লাৰ ২৪ বছৰীয়া দেনিবাড চাংমা নামৰ যুৱকজনে মোনাৰ ভিতৰৰ হস্তনিৰ্মিত পিষ্টল ভৰাই বজাৰত …

ডিমা হাছাওত চালক-হেণ্ডিমেনসহ পাঁচখনকৈ ট্ৰাক জ্বলাই দিলে দুৰ্বৃত্তই

হাফলং : ডিমা হাছাও জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। চালক-হেণ্ডিমেনসহ পাঁচখনকৈ ট্ৰাক জ্বলাই দিয়ে দুৰ্বৃত্তই। প্ৰথমে ট্ৰাক কেইখনৰ ওপৰত দুৰ্বৃত্তৰ ধাৰাসাৰ গুলী বর্ষণ ইয়াৰ পিছতে অগ্নি সংযোগ। অগ্নিদগ্ধ অৱস্থাত ট্ৰাক কেইখনৰ পৰা উদ্ধাৰ চালক-হেণ্ডিমেনৰ মৃতদেহ। পাঁচখন ট্ৰাকৰ ভিতৰত এখন …

মিজোৰামৰ মহিলা ড্ৰাগছ সৰবৰাহকাৰী গুৱাহাটী আৰক্ষীৰ জালত

গুৱাহাটী : মিজোৰামৰ মহিলা ড্ৰাগছ সৰবৰাহকাৰী গুৱাহাটী আৰক্ষীৰ জালত। ৪৫ বছৰীয়া ড্ৰাগছ সৰবৰাহকাৰী মিজোৰামৰ মহিলা গৰাকী শ্বিলংৰ পৰা আহিছিল গুৱাহাটীত। অসম আৰক্ষীৰ বিশেষ শাখাৰ তথ্যৰ আধাৰত মহানগৰ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে মহিলা গৰাকীক। জব্দ প্ৰায় ৮৫০০ টা নিচাজাতীয় য়াবা …

অসমক মাছ উৎপাদনত আত্মনিৰ্ভৰ কৰাৰ নিৰ্দেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

গুৱাহাটী : মীন উৎপাদনৰ ক্ষেত্ৰত অসমক সম্পুৰ্ণৰূপে এখন আত্মনিৰ্ভৰ ৰাজ্যত পৰিগণিত কৰাৰ বাবে মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অধীনত ২০০০ পুখুৰী নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিছে। মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বৃহস্পতিবাৰে বিভাগীয় কক্ষত মীন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে …

এইবাৰ বহিঃৰাজ্যত অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

গুৱাহাটী : ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি অসমক ড্ৰাগছমুক্ত কৰাৰ বাবে অসম আৰক্ষীয়ে গ্ৰহণ কৰা পদক্ষেপ দিনক দিনে অধিক কঠোৰ হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যজুৰি অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখি এটাৰ পিছত আনটো বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। …

জলপথ প্ৰাধিকৰণ আৰু নুমলীগড় শোধনাগাৰৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

বোকাখাত : জলপথৰে নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰিত প্ৰকল্পৰ বাবে উচ্চ প্ৰযুক্তিৰ যান্ত্ৰিক সঁজুলি আনিবৰ বাবে বৃহস্পতিবাৰে নুমলীগড় শোধানাগাৰ কৰ্তৃপক্ষ আৰু ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় ৷ নুমলীগড় শোধানাগাৰৰ নগৰাঞ্চলৰ কুঞ্জকানন প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কেন্দ্ৰীয় …

নগৰবেৰাৰ বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস ও সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ আৰম্ভণি

আব্দুল হক নগৰবেৰা : কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ নগৰবেৰাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস ও সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ আৰম্ভণি অনুষ্ঠান বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। এই উপলক্ষে ৰাতিপুৱা ৯-৩০ …