অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰচাৰ অভিযান

গুৱাহাটী  ১ ছেপ্টেম্বৰ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰচাৰ অভিযান আৰম্ভ। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আৰম্ভ কৰিলে এই প্ৰচাৰ অভিযান। মঙলবাৰৰ পৰা ৰাজ্যজুৰি অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্রাম সমিতিয়ে আৰম্ভ কৰিলে প্ৰচাৰ অভিযান। দীৰ্ঘদিন ধৰি কাৰাবন্দী হৈ …

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শৰীৰত হ্ৰাস পাইছে অক্সিজেনৰ মাত্ৰা

গুৱাহাটী ১ ছেপ্টেম্বৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শৰীৰত হ্ৰাস পাইছে অক্সিজেনৰ মাত্ৰা। কৰ’ণা ভাইৰাছত আক্রান্ত হৈ চিকিৎসাধীন অৱস্থাত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী। নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কৰ’ণা ভাইৰাছত আক্রান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় …

দুলু আহমেদে কংগ্ৰেছক ১১ টা সমষ্টিৰ পৰা উৎখাত কৰিব

ছয়গাঁও ৩১ আগষ্ট কংগ্ৰেছ ত্যাগ কৰি কংগ্ৰেছক উৎখাত কৰাৰ হুংকাৰ। প্ৰাক্তন কংগ্ৰেছ নেতা দুলু আহমেদে কংগ্ৰেছক ১১ টা সমষ্টিৰ পৰা সম্পূৰ্ণৰূপে উৎখাত কৰিব।সোমবাৰে ছয়গাঁৱত উপস্থিত সদ্য কংগ্ৰেছ ত্যাগী নেতা দুলু আহমেদৰ বিস্ফোৰণ। কংগ্ৰেছ ত্যাগ কৰিয়ে কংগ্ৰেছৰ বিৰুদ্ধে নামি পৰিছে প্ৰাক্তন …

দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দেহাৱসনা

নিউজ ডেস্ক ৩১ আগষ্ট দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দেহাৱসনা। ৮৪ বছৰ বয়সত দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। দিল্লীৰ এখন চিকিৎসালয়ত যোৱা ১০ আগষ্টৰ পৰা চিকিৎসাধীন আছিল প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী। ব্ৰেইন ক্লাট চাৰ্জাৰীৰ পিছৰে পৰা ভেন্টিলেচনত আছিল …

ধুবুৰীত ব্ৰহ্মপুত্ৰ নদীত শিহুৰ নিধনযজ্ঞ

ধুবুৰী ৩১ আগষ্ট ধুবুৰীত ব্ৰহ্মপুত্ৰ নদীত একাংশ দুষ্ট চক্ৰই চলাই আহিছে শিহুৰ নিধনযজ্ঞ৷ জিলাখনৰ পাৰ্শৱৰ্তী মাঝেৰচৰ অঞ্চলৰ পৰা এটি মৃত শিহু উদ্ধাৰ কৰে বন বিভাগে। মাছ মৰিয়াৰ ফাঁচী জালত পৰি শিহুটোৰ অকাল মৃত্যু ঘটা বুলি জানিব পৰা গৈছে।  সমগ্ৰ বিশ্বতে …

সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ ৭২ ঘন্টীয়া অনশন কাৰ্যসূচী

গুৱাহাটী ৩১ আগষ্ট দিছপুৰ লাষ্ট গেটত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ ৭২ ঘন্টীয়া অনশন কাৰ্যসূচী। পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবীত সোমবাৰৰ পৰা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ৭২ ঘন্টীয়া অনশন কাৰ্যসূচী আৰম্ভ। কোচ ৰাজবংশী জনগোষ্ঠীৰ আত্ম নিয়ন্ত্ৰণৰ অধিকাৰ সুনিশ্চিত …

লাহৰিজানত হেৰইনসহ আটক দুই সৰবৰাহকাৰী

ডিফু  ৩১ আগষ্ট ড্ৰাগছ বিৰোধী অভিযান চলাই কাৰ্বি আংলং আৰক্ষীৰ আন এক বৃহৎ সাফল্য৷ সোমবাৰে লাহৰিজানত নিষিদ্ধ হেৰইনসহ আটক কৰিলে দুই সৰবৰাহকাৰীক। চাবোনৰ বাকছৰ পৰা উদ্ধাৰ কৰিলে ৫৭২ গ্ৰাম ওজনৰ হেৰইন। বিগত কিছুদিন ধৰি কাৰ্বি আংলং-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত কাৰ্বি আংলং …

পৰিয়াল বৰ্গৰ সৈতে মন্ত্রী, বিধায়ক আৰু সাংসদৰ ঘৰত আশ্রয় গ্রহণ হুংকাৰ বেতন বাঞ্চিত শিক্ষক সমাজৰ

গুৱাহাটী ৩০ আগষ্ট ৰাজ্যৰ প্ৰায় বাৰ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে চাকৰি নিয়মীয়াকৰণৰ আশা বৰ্তমানেও বুকুত পুহি ৰাখিছে যদিও শিক্ষা তথা বিত্তমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ এটা বক্তব্যই শিক্ষক সমাজ পুনৰ আশাহত হোৱা দেখা গৈছে। উল্লেখ্য যে দুটা দিনৰ পূর্বে টেট …

জৰাজীৰ্ণ পথৰ বাবে বকোৰ কটলগাঁৱৰ ৰাইজৰ দুৰ্দশা

বকো ৩০ আগষ্ট জৰাজীৰ্ণ পথৰ বাবে বকোৰ কটলগাঁৱৰ ৰাইজৰ দুৰ্দশা। নিৰ্বাচনৰ পূৰ্বৰে নেতা আহি পথটো পকী কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যদিও প্ৰতিশ্ৰুতি পূৰণ নকৰে। অৱশেষত ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিলে পথটো। কটলগাঁৱৰ মাজেৰে পাৰ হৈ যোৱা বকো-পয়ৰাংগা আৰু বকো-শোলাপথ সংযোগী …

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত বিনা চিকিৎসাই সৰ্প দংশনত আক্ৰান্ত মহিলাৰ মৃত্যুৰ অভিযোগ : চিকিৎসকৰ বিৰুদ্ধে এজাহাৰ

আমিনুৰ ৰহমানৰ সৈতে আশ্রফৰ ৰহমান হাজৰিকা শিৱসাগৰ ৩০ আগষ্ট শিৱসাগৰ অসামৰিক চিকিৎসালয়ত শনিবাৰে নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। সৰ্প দংশনত আক্ৰান্ত এগৰাকী মহিলাৰ চিকিৎসাকৰ হেমাহীৰ বাবে মৃত্যু হোৱাৰ অভিযোগত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে জয়সাগৰ আৰক্ষী চকীত এজাহাৰ …