বিগত তিনি দিন ধৰি চেঙাৰ বিধায়ক শুকুৰ আলী বানাক্ৰান্তৰ কাষত

আব্দুল হক নগৰবেৰা ১৮ জুলাই বৰপেটাত ব্ৰহ্মপুত্ৰ নদীৰ চৰ-চাপৰৰীৰ বানাক্ৰান্ত ৰাইজৰ কাষত চেঙাৰ বিধায়ক শুকুৰ আলী। বিগত তিনি দিন ধৰি শুকুৰ আলীয়ে বুজ লৈ আছে বানাক্ৰান্ত ৰাইজৰ। শিবিৰে শিবিৰে বিতৰণ কৰিছে খাদ্য সামগ্ৰী আৰু ত্ৰিপাল। বানপানীয়ে ঘৰবাৰী বুৰাই পেলোৱাত গৰু-ছাগলীৰ …

ধুবুৰীৰ সাংবাদিক ৰাজীব শৰ্ম্মাক বিনাচৰ্ত্তে মুক্তিৰ দাবী

গুৱাহাটী  ১৭ জুলাই ডিওৱাই ৩৬৫ নিউজ চেনেলৰ ধুবুৰীৰ সাংবাদিক তথা ধুবুৰী প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ৰাজীৱ শৰ্মাক বুধবাৰে মাজনিশা আটক কৰা ঘটনাক ৰহস্যজনক আখ্যা জাৰ্ণেলিষ্ট এছ’চিয়েছন অৱ্ আছাম “জা” আৰু নেশ্চনেল ইউনিয়ন অৱ্ জাৰ্ণেলিষ্ট ইণ্ডিয়া, এন ইউ জে আইৰ। সাংবাদিক …

বানৰ কবলত পৰা বন্যপ্ৰাণী সুৰক্ষা সন্দৰ্ভত সজাগতা সভা

শিবেন্দু বৰা জুৰীয়া ১৭ জুলাই নগাঁও জিলাৰ জুৰীয়াৰ সুতিৰপাৰত লাওঁখোৱা অভয়াৰন্যৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ সন্দৰ্ভত সজাগতা সভা। বানপানীৰ ফলত অভয়াৰণ্যখনৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যপ্ৰাণী সমূহক সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে বেচৰকাৰী সন্থাৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। বেচৰকাৰী সন্থাক সহযোগ কৰিলে লাওখোৱা অভয়াৰণ্য কাষৰীয়া গাঁৱৰ …

ৰাজ্যৰ বান পৰিস্থিতিকলৈ বিৰোধী দলপতিৰ প্ৰতিক্ৰিয়া

গুৱাহাটী ১৭ জুলাই ৰাজ্যত ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে। বৰ্তমান অসমৰ কেইবাখনো জিলা বানপানীৰ কবলত। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ চৰকাৰক তীব্ৰ সমালোচনা। শেহতীয়া বান পৰিস্থিতিক লৈ দেৱব্ৰত শইকীয়াই মন্তব্য প্ৰকাশ কৰি …

হোম কুৱাৰেন্টাইনত থকা এগৰাকী সাংবাদিকৰ মনৰ কথা

গুৱাহাটী ১৭ জুলাই মই এজন কৰ’ণা ৰোগী, এতিয়া হোম কুৱাৰেন্টাইন, মোক খাদ্য দিয়ক। কৰ’ণা আক্ৰান্ত সাংবাদিক হৈয়ো নাপালো হোম কুৱাৰেন্টাইনত পাবলগীয়া সুবিধা। অন্য জনতাৰ হ’ব কি? সদায় অন্যৰ বাবেই মাত মাতি আহিছিলো আজি নিজৰ বাবে মাত মাতিবলৈ পৰিস্থিতিয়ে বাধ্য কৰিছে। …

বানাক্ৰান্তৰ মাজত সাহায্য বিতৰণ বিজেপি নেতাৰ

আব্দুল হক নগৰবেৰা ১৭ জুলাই কামৰূপ জিলাৰ নগৰবেৰাৰ কেইবাশ বানাক্ৰান্ত পৰিয়ালৰ মাজত সাহায্য বিতৰণ বিজেপি নেতাৰ। বিজেপি নেতা নিলোপম দাসে নগৰবেৰাৰ বানাক্ৰান্তৰ মাজত বিতৰণ কৰিলে খোৱা পানীৰ লগতে বিভিন্ন খাদ্য সামগ্ৰী। নগৰবেৰাত বানপানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰাত আশ্ৰয় শিবিৰত বসবাস …

অধিক শক্তিশালী ৰূপত বন্ধন বেংক

গুৱাহাটী ১৬ জুলাই অধিক শক্তিশালী ৰূপত বন্ধন বেংক। এতিয়া ২.০৩ কোটি গ্ৰহকক সেৱা প্ৰদান বন্ধন বেংকৰ। বেংকৰ মুঠ সঞ্চয় ৩৫.৩০ শতাংশ বৃদ্ধিৰে হ’লগৈ ৬০,৬১০ কোটি। ঋণ বহীৰ ১৭.৬৮ শতাংশ বিকাশেৰে হ’লগৈ ৭৪,৩৩১ কোটি টকা। বন্ধন বেংকে বিত্তীয় বৰ্ষ ২০২০-২১ ৰ …

কাজিৰঙাত মাতৃৰ পৰা বিচ্ছিন্ন হোৱা গঁড়ৰ পোৱালি উদ্ধাৰ

কুন্দন ভৰালী কাজিৰঙা ১৫ জুলাই কাজিৰঙা ৰাষ্টীয় উদ্যানত অপৰিবৰ্তিত বান পৰিস্থিতি। বৰ্তমানেও বাঢ়নী পানীত ডুব গৈ আছে উদ্যানখনৰ বিস্তীৰ্ণ এলেকা। নিৰাপদ আশ্রয়ৰ সন্ধানত উদ্যানখনৰ পৰা বন্যপ্ৰাণী ওলাই আহি আশ্ৰয় লৈছে ওখ ঠাই সমূহত। বাঢ়নী পানীৰ মাজত ককবকাই থকা বন্যপ্ৰাণী সমূহক …

সোণতলীত বানাক্ৰান্তৰ কাষত বিধায়িকা নন্দিতা দাস

ফজলুৰ ৰহমান সোণতলী ১৪ জুলাই দক্ষিণ কামৰূপৰ সোণতলীত বানাক্ৰান্তৰ কাষত বিধায়িকা নন্দিতা দাস। সোণতলীৰ চৰাঞ্চলত ভয়াবহ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে। ঘৰ এৰি আশ্ৰয় শিবিৰত থাকিবলৈ বাধ্য হাজাৰ হাজাৰ লোক। বানাক্ৰান্ত ৰাইজৰ দুখ-দুৰ্গতিৰ বুজ লবলৈ বিধায়িকা নন্দিতা দাসৰ বান বিধ্বস্ত …

ছয়গাঁৱত কালৰূপ ধাৰণ কৰিছে মহাবহু ব্ৰহ্মপত্ৰই

আনোৱাৰ হুছেইন গৰৈমাৰী ১৪ জুলাই কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিত কালৰূপ ধাৰণ কৰিছে মহাবহু ব্ৰহ্মপুত্ৰই। উফন্দি উঠা ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীৰ কৱলত পৰি জলমগ্ন হৈ পৰিছে ছয়গাঁও সমষ্টিৰ বিস্তীৰ্ণ এলেকা। বানৰ কৱলত পৰা বানাক্ৰান্ত ৰাইজৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি। টিঙৰ চালিৰ তলত …