গুৱাহাটী মহানগৰীত সান্ধ্য আইন জাৰি

গুৱাহাটী, সংবাদ ৩৬৫, ১১ ডিচেম্বৰ : বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বাবে মহানগৰীত সান্ধ্য আইন জাৰি। সন্ধিয়া ৬.১৫ বজাৰ পৰা কালিলৈ পুৱালৈকে জাৰি কৰা হৈছে কাৰ্ফিউ। গাড়ীত অগ্নিসংযোগ কৰাৰ পৰা আদি কৰি বিভিন্ন চাইন বোৰ্ড ফালি জ্বলাই দিয়া আদি বিক্ষিপ্ত ঘটনা …

কেবৰ বিৰোধীতাৰে ৰাজ্যত ভয়াবহ পৰিস্থিতি : প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠী চালনা, কন্দুৱা গেছ, পানী হিলৈ নিক্ষেপ

গুৱাহাটী, সংবাদ ৩৬৫, ১১ ডিচেম্বৰ : কেবৰ বিৰোধীতাৰে ৰাজ্যত ভয়াবহ পৰিস্থিতি । গুৱাহাটী মহানগৰীতো ক্ৰমাৎ অধিক বেয়ালৈ গৈছে পৰিস্থিতি। জনতা ভৱনৰ সন্মুখত লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। বাতৰি লিখা পৰলৈকে হৈ আছে প্ৰতিবাদ। কেইবাবাৰো আটক কৰা হৈছে প্ৰতিবাদকাৰীক। প্ৰতিবাদ কাৰীৰ মাজলৈ …

দুদিনৰ বাবে বন্ধ কৰি দিয়া হ’ব ইণ্টাৰনেট সেৱা

গুৱাহাটী, সংবাদ ৩৬৫, ১০ ডিচেম্বৰ : বুধবাৰৰ নিশা ১২ বজাৰ পৰা অসমত বন্ধ কৰা হব ইন্টাৰনেট সেৱা । সম্পূৰ্ণ দুই দিনৰ বাবে ইণ্টাৰনেট সেৱা বাতিল হ’ব অসমত। উল্লেখ কৰি পাৰি যে বিগত দিনকেইটাত কেবৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত সৃষ্টি হৈছিল বিভিন্ন …

ঠায়ে ঠায়ে নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনে উৰুৱালে পতাকা

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১০ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ হৈ থকাৰ সময়তে নিষিদ্ধ ঘোষিত সংগঠন আলফা(স্বা)ই উৰুৱালে সংগঠনৰ পতাকা। যিসময়ত অসমৰ লগতে সমগ্ৰ উত্তৰ-পূব কেবৰ বিৰোধীতাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত হৈছে সেই সময়তে সম্পূৰ্ণ নীৰৱ …

কেবৰ বিৰোধীতাৰে মুম্বাইৰ জুহু বিচ্চত প্ৰতিবাদ এগৰাকী অসমীয়া যুৱকৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১০ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতাৰে ৰাজ্যৰ সৰ্বত্ৰে এতিয়া প্ৰতিবাদৰ ঢৌ । যিয়ে যেনেকৈ পাৰে সকলোৱে বেলেগ বেলেগ কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে বিতৰ্কিত বিধেয়কখনৰ বিৰোধীতাৰে। সকলোৰে লক্ষ্য এই বিতৰ্কিত বিধেয়ক খন বাতিল হব লাগে। মুম্বাইৰ …

লোকসভাত গৃহীত হ’ল বিতৰ্কত বিধেয়কখন

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১০ ডিচেম্বৰ : অসমীয়া জাতিৰ প্ৰতিবাদক বুঢ়া আঙুলি দেখুৱাই লোকসভাত গৃহীত কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়ক । বিতৰ্কিত বিধেয়কখনৰ বিপক্ষে ৮০ টা ভোট পৰাৰ বিপৰীতে সপক্ষত ভোট পৰে ৩১১টা ভোট । ইফালে শিৱসেনা আৰু জে ডি ইউয়ে …

যি কৰিম কৰিহে এৰিম : আন্দোলন এৰক – অমিত শ্বাহ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১০ ডিচেম্বৰ : যি কৰিম কৰিহে এৰিম । এতিয়া আন্দোলনৰ সময় নহয়। আন্দোলন এৰক। অসমীয়াৰ প্ৰতি সংসদত আহ্বান জনালে অমিত শ্বাহে। যিসময়ত সমগ্ৰ ৰাজ্য বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে উত্তাল হৈ আছে, এটাৰ পাছত এটাকৈ প্ৰতিবাদ সাব্যস্ত কৰি …

মৃত্যুৰ ওচৰত হাৰ মানিলে কিছুদিন পূৰ্বে দ্বীপৰ বিলত ৰেলে খুন্দিওৱা বনৰীয়া হাতীজনীয়ে

গুৱাহাটী, সংবাদ ৩৬৫, ৯ ডিচেম্বৰ : দ্বীপৰ বিলৰ পাৰত ৰেলৰ খুন্দাত আঘাতপ্ৰাপ্ত হোৱা হাতীজনীয়ে আকোৱালি ললে মৃত্যুক । উল্লেখ কৰিব পাৰি যে দ্বীপৰ বিলৰ ২৭৪ নং গেটত এখন মালবাহী ৰেলে এজনী ছয়বছৰীয়া হাতীক মহতিয়াই নিয়ে। যাৰ ফলত গুৰুত্বৰভাৱে আহত হয় …

তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ৰোষত পৰি মুখ খুলিলে যতীন বৰাই

তেজপুৰ, সংবাদ ৩৬৫, ৯ ডিচেম্বৰ : জাতিধ্বংসী নাগৰিকত্বৰ বিৰোধীতাৰে ৰাজপথলৈ নামি আহিছে শিল্পী সমাজ। কিন্তু অবিশ্বাস্যভাৱে মাত মতা নাই অভিনেতা যতীন বৰাই। চিনেমাৰ প্ৰমোছনৰ বাবে যেনেকৈ যতীন বৰাই কলেজে কলেজে ঘূৰি ফুৰিছিল ইয়াৰ বিপৰীতে কিন্তু কেবৰ ক্ষেত্ৰত সম্পূৰ্ণ নীৰৱ ভূমিকা …

কেবৰ বিৰোধীতাৰে ৰাজপথত নামিল সাংবাদিক : জাতিৰ স্বাৰ্থত অসম সাহিত্য সভাক আঙুলি টোৱাবলৈ সুযোগ নিদিবলৈ সকীয়নী পৰমানন্দ ৰাজবংশীক

গুৱাহাটী, সংবাদ ৩৬৫, ৯ ডিচেম্বৰ : সমগ্ৰ ৰাজ্য উত্তাল হৈ আছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতাৰে । ছাত্ৰ সমাজ, শিক্ষক সমাজ , দল- সংগঠনৰ লগতে প্ৰতিবাদত নামি পৰিল সাংবাদিকসকলো । সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সংশোধনী বিধেয়কৰ বিৰুদ্ধে অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ন …