সন্ত্ৰাসবাদীৰ নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি গ্ৰেনেড নিক্ষেপ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৭ অক্টোবৰ : জম্মু–কাশ্মীৰৰ শ্ৰীনগৰৰ কাকা ছৰাই অঞ্চলত নিৰাপত্তাৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গ্ৰেনেড আক্ৰমণ। শনিবাৰে নিশা কেৰন নগৰ আৰক্ষী থানাত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা। এই আক্ৰমণত আহত হয় ৬ জনকৈ জোৱান। জোৱানসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে …

২৭ বৰ্ষত ভৰি দিলে অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ে

গুৱাহাটী, সংবাদ ৩৬৫, ২৭ অক্টোবৰ : ২৭ বৰ্ষত ভৰি দিলে মহানগৰীৰ লংকেশ্বৰস্থিত অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ে। শণিবাৰে মহাবিদ্যালয়খনত অনুষ্ঠিত হয় নৱাগত আদৰণি সভা। গীতে মাতে জীপাল হৈ পৰে মহাবিদ্যালয়ৰ বাকৰি। উক্ত সভাৰ লগত সংগতি ৰাখি মহাবিদ্যালয়খনৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহ মুকলি কৰা …

পঞ্চভূতত বিলীন হ’ল প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান খগেন শৰ্মাৰ নশ্বৰ দেহ

গুৱাহাটী, সংবাদ ৩৬৫, ২৬ অক্টোবৰ : শনিবাৰে সম্পন্ন নৱগ্ৰহ শ্মশানত প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান খগেন শৰ্মাৰ শেষকৃত্য সম্পন্ন হয় । পঞ্চভূতত বিলীন হ’ল প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ নশ্বৰ দেহ। শনিবাৰে পুৱা ১০বজাত প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ মৃতদেহ শেষ শ্ৰদ্ধা জ্ঞাপন …

চতুৰ্থ ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱসৰ লগত সংগতি ৰাখি চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত বিনামূলীয়া চিকিৎসা তথা আলোচনা চক্ৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২৬ অক্টোবৰ : চতুৰ্থ ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱসৰ লগত সংগতি ৰাখি ২৪ আৰু ২৫ অক্টোবৰ তাৰিখে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত এক বৃহৎ বিনামূলীয়া চিকিৎসা তথা স্বাস্থ্য সজাগতা শিবিৰৰ আয়োজন কৰাৰ লগতে এক আলোচনা চক্ৰৰো আয়োজন হয়। ২৪ অক্টোবৰত আয়োজন …

আগন্তুক ২ দিনলৈ অব্যাহত থাকিব বৰষুণ : গুৱাহাটী মহানগৰীত দিপাৱলীলৈ বৰষুণ কমাৰ সম্ভাৱনা

গুৱাহাটী, সংবাদ ৩৬৫, ২৫ অক্টোবৰ : শুকুৰবাৰৰ পৰা ২ দিনলৈ অব্যাহত থাকিব পাৰে বৰষুণ। এই বৰষুণ জাকৰ লগে লগেই ধৰালৈ যেন নামি আহিল শীত । গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়া অনুসৰি সমগ্ৰ উত্তৰ-পুৰ্বাঞ্চলতে আকাশ মেঘাচ্ছন্ন থাকিব আৰু …

কাৰ্টাৰপুৰ কৰিড’ৰৰ বিতৰ্কৰ অৱসান ঘটাই চুক্তিত স্বাক্ষৰ ভাৰত-পাকিস্তানৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৫ অক্টোবৰ : দীৰ্ঘদিন ধৰি কাৰ্টাৰপুৰ কৰিড’ৰক লৈ চলি থকা বিতৰ্কৰ অৱসান ঘটাই বৃহস্পতিবাৰে এক গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ ভাৰত আৰু পাকিস্তানৰ ৷ কাৰ্টাৰপুৰ কৰিড’ৰ হৈছে শিখ সম্প্ৰদায়ৰ লোকসকলৰ ধৰ্মীয় উপাসনাৰ সংযোগী স্থল । কাৰ্টাৰপুৰ কৰিড’ৰ ভাৰতীয় …

স্থানীয় লিংক্ডইন গুৱাহাটীৰ চিজন আয়োজনৰ প্ৰস্তুতি

গুৱাহাটী, সংবাদ ৩৬৫, ২৫ অক্টোবৰ : স্থানীয় লিংক্ডইন গুৱাহাটী ৯ নৱেম্বৰত চিজন-২ আয়োজন কৰিবৰ বাবে সম্পূৰ্ণ ৰূপে প্ৰস্তুত হৈ পৰিছে। অসম আৰু ইয়াৰ ওচৰে-পাজৰে থকা ৰাজ্যসমূহৰ মাজত সন্মুখা-সন্মুখিকৈ বৃত্তিগত নেটৱৰ্কিং আগবঢ়াই নিজৰ বাবে এই কাৰ্যক্ৰম আয়োজন কৰা হৈছে । গুৱাহাটীৰ …

পত্নীক হত্যা কৰিবলৈ গৈ মৃত্যুক সাবটিলে স্বামীয়ে

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৪ অক্টোবৰ : পত্নীক হত্যা কৰিবলৈ গৈ মৃত্যু স্বামীৰ । এই ঘটনা পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ থানাৰ অন্তৰ্গত তামোলবাৰীত। পত্নীক কেৰাচিন ঢালি জ্বলাই নিজেই মৃত্যুক আঁকোৱালি লোৱা ঘটনাই সম্প্ৰতি সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। বাবুল …

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক পিষ্টলেৰে গুলীয়াই মৰাৰ ভাবুকি যুৱকৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৪ ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক পিষ্টলেৰে গুলীয়াই মৰাৰ ভাবুকি এজন যুৱকৰ। যুৱকজনৰ নাম সুৰজিৎ হৰ্ষ । চ’চিয়েল মিডিয়াত পিষ্টল পালে মুখ্যমন্ত্ৰীক গুলীয়াই মাৰিম বুলি ভাবুকি যুৱকজনৰ। ফেচবুকত দিয়া এই পোষ্টটোত যুৱকজনে প্ৰয়োগ কৰিছিল বহু অশ্লীল …

সাংবাদিকক হত্যাৰ ভাবুকিত তীব্ৰ প্ৰতিক্ৰিয়া জে এফ এৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২৩ অক্টোবৰ : মহানগৰীৰ মাজ মজিয়াত এগৰাকী টেলিভিছন সাংবাদিকক পিষ্টল উলিয়াই ভাবুকি দিয়াৰ ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জাৰ্নেলিষ্ট ফ’ৰাম অসম (জে এফএ)ই । লগতে ফ’ৰামে দোষীক কৰায়ত্ব কৰি শাস্তি দিয়াৰ দাবী জনাইছে আৰু এই সংক্ৰান্তত মুখ্যমন্ত্ৰী, …