অবৈধ বিদেশীক উৎসাহিত নকৰিবলৈ আহ্বান সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই

নিউজ ডেস্ক ,সংবাদ ৩৬৫, ২৩ আগষ্ট : উচ্চতম ন্যায়ালয়ৰ নিৰৱচ্ছিন্ন তদাৰকত আজি ৬ বছৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম চলি আছে।অহা ৩১ আগষ্টত অসমৰ নাগৰিক পঞ্জী ঘোষণাৰ দিন চুড়ান্ত কৰিছে উচ্চতম ন্যায়ালয়ে । কিন্তু শেহতীয়া ভাৱে চৰকাৰ খনে যি সমূহ ব্যৱস্থা …

ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ প্ৰাক্তন সৈনিক তথা কৰ্মীসকলৰ পেঞ্চনৰ সুবিধাৰ্থে ‘পেঞ্চন আদালত’

গুৱাহাটী, সংবাদ ৩৬৫, ২৩ আগষ্ট : দেশমাতৃৰ হকে দিনে-ৰাতিয়ে, ৰ’দে-বৰষুণে সদায় অতন্দ্ৰ পহৰি হৈ ভাৰতীয় সীমাত নিয়োজিত হৈ থকা ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ প্ৰাক্তন সৈনিক সকলৰ পেঞ্চনৰ সুবিধাৰ্থে শুকুৰবাৰৰ পৰা মহানগৰৰ ৰাণী স্থিত ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ শিবিৰত আয়োজন কৰা …

৩৭০ অনুচ্ছেদ বাতিলৰ পিছত স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিছে জম্মু- কাশ্মীৰলৈ

গুৱাহাটী, সংবাদ ৩৬৫, ২৩ আগষ্ট : জম্মু কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বাতিলৰ পিছত ৰাজ্যখনৰ লাডাখ আৰু জম্মু অঞ্চলৰ পৰিস্হিতি প্ৰায় স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে । শ্ৰীনগৰ উপত্যকাৰো পৰিস্থিতিৰ উন্নতি হৈছে বুলি মন্তব্য কৰে ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক টিটো গঞ্জুৰে । …

ই ডিয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব পি চিদাম্বৰমক : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৩ আগষ্ট : প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমক চিবিআইয়ে গ্ৰেপ্তাৰ কৰি সম্প্ৰতি নিজৰ জিম্মাত ৰাখিছে । ইফালে চিবিআইৰ লগতে ইডিয়েও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছিল। পিছে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে পি চিদাম্বৰমৰ এক আবেদন গ্ৰহণ কৰে …

বন্ধ মধ্যাহ্ন ভোজন, শিক্ষকৰ বিদ্যালয়ত অনিয়মীয়া উপস্থিতি : প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা দানৰ নমুনা আৰু শিক্ষক সকলৰ কৰ্ম কাণ্ডত চিন্তিত সচেতন মহল

বৰপেটা, সংবাদ ৩৬৫, ২১ আগষ্ট : বৰপেটা জিলাৰ মন্দিয়া খণ্ড শিক্ষাৰ অন্তৰ্গত একাংশ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সকলৰ শিক্ষা দান আৰু কৰ্ম কাণ্ডই শৈক্ষিক-সচেতন মহলক চিন্তিত কৰি তোলা দেখা গৈছে। ঘনেপ্ৰতি প্ৰাপ্ত অভিযোগৰ ভিত্তিত সাংবাদিকৰ দল এটাই উত্তৰ মহম্মদপুৰ প্ৰাথমিক বিদ্যালয়, …

জন্মৰ ডেৰ বছৰ পিছতো স্থিৰ কৰিব নোৱাৰে এটি নৱজাতকে গল, মূৰ আদি নিজৰ অংগ প্ৰত্যঙ্গ : টকা- পইচাৰ অভাৱত চিকিৎসাৰ পৰাও বঞ্চিত শিশুটিয়ে

বৰপেটা, সংবাদ ৩৬৫, ২১ আগষ্ট : বৰপেটা জিলাৰ সৰভোগ বিধান সভাৰ অন্তৰ্গত দ্বাৰিকা গাঁৱৰ ৰাতুল দাস আৰু নিতিকা দাসৰ ঔৰসত ১০-০৩ -২০১৮ ইংৰাজী তাৰিখত জন্ম গ্ৰহণ কৰা ধ্বৃতিশমান দাস নামৰ শিশু জন জন্মৰ পৰাই এক অচিনাকি ৰোগত আক্ৰান্ত। পিতৃ- মাতৃ …

জনীয়া ৰাজ্যিক চিকিৎসালয় কৰ্তৃপক্ষই নামানে বিভাগীয় নীতি-নিৰ্দেশনা : ডাক্তৰ, নাৰ্চ, কৰ্মচাৰী কৰ্মত নাহিলেও নাই কওঁতা

জনীয়া, সংবাদ ৩৬৫, ২১ আগষ্ট : বাতৰিৰ পাছত বাতৰি প্ৰকাশ হৈ আহিছে বৰপেটা যুটীয়া স্বাস্থ্য সঞ্চালকৰ অধিনস্ত জনীয়া ৰাজ্যিক চিকিৎসালয়ৰ ডাক্তৰ, নাৰ্চ, কৰ্মচাৰী সকলৰ কৰ্মকাণ্ড সম্পৰ্কে। কিন্তু ইমানখিনি বাতৰি পৰিবেশন হোৱাৰ পাছতো জনীয়া ৰাজ্যিক চিকিৎসালয়ৰ চিকিতসক, নাৰ্চ, কৰ্মচাৰী সকলৰ কৰ্মসংস্কৃতি …

কলগাছিয়াৰ খাৰবাল্লিত বিপদ সংকুল যাত্ৰা : টুলুঙা নাৱৰে বিদ্যালয়লৈ যাত্ৰা কণ কণ ছাত্ৰ-ছাত্ৰীৰ

জনীয়া, সংবাদ ৩৬৫, ২১ আগষ্ট : কলগাছিয়াৰ গাতে লাগি থকা খাৰবাল্লি গাঁওৰ কণ কণ ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে দীৰ্ঘ দিনৰ পৰাই যাতায়াতৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হব লগা হৈছে। খাৰবাল্লি গাঁওৰ মাজেৰে বেঁকী নৈৰ এটা সুঁতিৰ বাবে যাতায়াতৰ ক্ষেত্ৰত যমৰ-যাতনা ভোগ …

বানপানীয়ে কোঙা কৰি গৈছে চৰ-চাপৰিবাসীক : ঘৰৰ মজিয়া সৃষ্টি হৈছে পুখুৰীলৈ

জনীয়া, সংবাদ ৩৬৫, ২১ আগষ্ট : ৰাজ্যত চাৰি বাৰকৈ হৈ যোৱা বানপানীয়ে বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত কাউৰঝাহি, কাচুকাটি, গলিয়া, সুঁতিৰপাথাৰ, খাৰবাল্লী, কালামপুৰ, আলিপুৰ, কইমাৰী আদি চৰ এলেকাবাসীক সৰ্বস্বান্ত কৰি থৈ গৈছে। ভয়ংকৰ বানপানীৰ সময়ত চৰৰ মানুহখিনেয়ে জীৱনৰ মায়াত ওখ …

বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি পলাশবাৰী আৰক্ষী থানাত : স্বামীৰ গৃহ লণ্ড ভণ্ড কৰি জ্বলাই দিলে উত্তেজিত ৰাইজে

পলাশবাৰী, সংবাদ ৩৬৫, ২১ আগষ্ট : ৰাজ্যত ক্ৰমে বৃদ্ধি পাইছে বোৱাৰী নিৰ্যাতনৰ দৰে অমানৱীয় ঘটনা । এইবাৰ দক্ষিণ কামৰূপৰ পলাশবাৰীৰ কান্দুপৰত এগৰাকী বোৱাৰীক হত্যা কৰাৰ গুৰুত্বৰ অভিযোগ । ছোৱালীৰ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি তিনি সন্তানৰ মাতৃ কবিতা বৰুৱাৰ মৃত্যু এক …