কলগাছিয়াত দেওবাৰে নিশা দোকানৰ পৰা চোৰে লুটি নিয়ে দুই লক্ষাধিক টকাৰ সামগ্ৰী

কালগাছিয়া, সংবাদ ৩৬৫, ১৮ মাৰ্চ : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত এখন মোবাইলৰ দোকানৰ পৰা দেওবাৰৰ নিশা চোৰে দুই লক্ষাধিক টকাৰ মোবাইল ফোন লুটি নিয়া ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিশা দোকানৰ দৰজা ভাঙি চোৰে লুটি নিয়ে মোবাইল …

আৰ্থিক দৈন্যতাৰ বাবে থমকি ৰ’ব লগা হৈছে মাউন্ট এভাৰেষ্ট জয় কৰিবলৈ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হোৱা অসমীয়া জীয়াৰী

দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ১৮ মাৰ্চ : এগৰাকী বাইক চলাই ঘুৰি ফুৰা সাহসী মহিলা । নাম অঞ্জলি দাস । দক্ষিণ কামৰূপৰ ছাতাবাৰীৰ জীয়ৰী তথা বৰিহাটৰ বোৱাৰী অঞ্জলি দাসে শৈশৱৰ পৰাই খেলা-ধূলাত দেখুৱাই আহিছে বিশেষ পাৰদৰ্শিতা । আনকি ৰাষ্ট্ৰীয় পৰ্যায়ত কলকাতাত …

বঙাইগাঁও চহৰৰ কাপোৰৰ গুদামত অগ্নিকাণ্ড : চহৰখনৰ দুই ঠাইত সংঘটিত হৈছে এই অগ্নিকাণ্ড

বঙাইগাঁও, সংবাদ ৩৬৫, ১৭ মাৰ্চ : বঙাইগাঁও সদৰ চহৰৰ মছজিদৰ পিচফালে কাপোৰৰ গুদামত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ যায় কেইবাখনো দোকান লগতে কেইবা কোটি টকাৰ সা-সম্পত্তি। চিৰাং-বঙাইগাঁও দুয়োখন জিলাৰ চাৰিখন অগ্নি নিৰ্বাপক বাহিনীয়ে অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে । আনহাতে, এশ …

হাজিৰহাটত ভয়াবহ অগ্নিকাণ্ডঃ চাৰিটা পৰিয়ালৰ ছয়টা ঘৰ ভস্মীভূত হোৱাৰ লগতে প্ৰায় সাত লাখ টকাৰ ক্ষতিগ্ৰস্ত

হাটশিঙিমাৰী, সংবাদ৩৬৫, ১৭ মাৰ্চ : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ থানাৰ অন্তৰ্গত হাজিৰহাট বৰবালুত দেওবাৰে পুৱা অনুমানিক দহ বজাত এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডত চাৰিটাকৈ পৰিয়ালৰ ছয়টা ঘৰ জুইত ভস্মীভূত হোৱাৰ লগতে প্ৰায় সাত লক্ষাধিক টকাৰ ক্ষতি সাধন হয়। …

কামৰূপ মহানগৰ জিলাৰ আবকাৰী বিভাগৰ আবকাৰী অভিযান

গুৱাহাটী, সংবাদ ৩৬৫, ১৭ মাৰ্চ : কামৰূপ মহানগৰ জিলাৰ আবকাৰী বিভাগৰ গুৱাহাটী সদৰ আবকাৰী বিভাগ আৰু গুৱাহাটী ৰেলৱে চাৰ্কোলে শনিবাৰে যৌথভাৱে গুৱাহাটী মহানগৰীৰ ভোটনাথ, কালিপুৰ, আঠ গাঁও আৰু বামুনিমৈদাম অঞ্চলত আবকাৰী অভিযান চলায়। এই অভিযান কালত বিভাগৰ অভিযান কাৰী দলে …

কমলপুৰত আৰক্ষীৰ জালত পৰিল তিনি ডকাইত

বাইহাটা চাৰিঅালি, সংবাদ৩৬৫, ১৬ মাৰ্চ ঃ নিশাৰ আন্ধাৰ নামি অহাৰ লগে লগে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ ডকাইতৰ বাবে হৈ পৰে ৰাম ৰাজ্য । হাতত চোকা অস্ত্ৰ লৈ ডকাইতৰ উপদ্ৰৱ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইহাটা চাৰিআলিৰ পৰা পুঠিমাৰী অঞ্চলত। অৱশেষত কমলপুৰ …

কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ আগন্তুক লোকসভা নিৰ্বাচনত নিয়োজিত কৰ্মচাৰীসকলৰ চূড়ান্ত প্ৰশিক্ষণ

গুৱাহাটী, সংবাদ৩৬৫, ১৬ মাৰ্চ : কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ আদৰ্শ আচৰণ বিধি আৰু নিৰ্বাচনী ব্যয় নিৰীক্ষণ কোষত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলৰ চূড়ান্ত প্ৰশিক্ষণ পৰিচালনা কৰে আদৰ্শ আচৰণ বিধি আৰু নিৰ্বাচনী ব্যয় নিৰীক্ষণ কোষৰ ন’ডেল বিষয়া তথা অতিৰিক্ত উপায়ুক্ত লাচিত কুমাৰ দাসে। অতিৰিক্ত …

পঞ্চকন্যা আশ্ৰমত শ্ৰী শ্ৰী মহাযজ্ঞ অনুষ্ঠানৰ আয়োজন

গুৱাহাটী, সংবাদ ৩৬৫, ১৬ মাৰ্চ : ভাৰতবৰ্ষৰ এগৰাকী মৃত্যুঞ্জয় সাধক,সন্ন্যাসী তথা পঞ্চকন্যা আশ্ৰমৰ প্ৰতিষ্ঠাপক আচাৰ্য্য শ্ৰী শ্ৰী ভৃগুগিৰি মহাৰাজৰ অধ্যক্ষতাত তথা পঞ্চকন্যা ধাম পৰিচালনা সমিতিৰ সৌজন্যত অহা ২০ মাৰ্চৰ পৰা ২৪ মাৰ্চ ২০১৯ লৈ পঞ্চকন্যা আশ্ৰমত শ্ৰী শ্ৰী ৰুদ্ৰযজ্ঞ অনুষ্ঠানৰ …

মহিলা অপহৰণৰ অভিযোগত দিছপুৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ প্ৰতিষ্ঠাপক সভাপতি অমিতাভ শৰ্মা

গুৱাহাটী, সংবাদ ৩৬৫, ১৬ মাৰ্চ: মহিলাক অপহৰণ কৰি দুষ্ট চক্ৰৰ হাতত বিক্ৰী কৰাৰ অভিযোগত দিছপুৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ প্ৰতিষ্ঠাপক সভাপতি অমিতাভ শৰ্মা । দলীয় কাম কাজৰ অজুহাতত এগৰাকী মহিলাক প্ৰলোভনৰে নেপাললৈ নি নিৰ্যাতন চলোৱা আৰু দুষ্ট …

গুণ্ডাৰ ৰূপত অগপ কৰ্মী। মহিলাৰ লগতে সাংবাদিককো প্ৰহাৰ।

গুৱাহাটী, সংবাদ৩৬৫, ১৬ মাৰ্চ : অগপৰ কাৰ্য্যালয়ৰ সন্মুখত প্রচণ্ড হতাহতি প্ৰতিবাদকাৰী আৰু অগপৰ সদস্যৰ মাজত । বিজেপিৰ লগত অগপৰ মিত্ৰতাৰ হেতু তেওঁলোক ওলাই আহিছিল গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ কিন্তু তেওঁলোকক প্ৰতিবাদ কৰাত বাধা দিলে অগপৰ সদস্যই । আনহাতে আৰক্ষীয়ে আটক …