মিৰ্জাত সৃষ্টি গ্রুপৰ দ্বাৰা মুকলি ফিটনেছ আৰু ডান্সৰ এটি অনুষ্ঠান

মিৰ্জা, সংবাদ ৩৬৫, ৩০ অক্টোবৰ: স্বাস্থ্য‌ই পৰম ধন । এটি সুস্থ সুস্থ মনৰ অধিকাৰী হ’ব লাগিলে এটি সুস্থ শৰীৰৰ অধিকাৰী হ’ব লাগিব। আৰু এই উদ্দেশ্য আগত ৰাখিয়ে কেইগৰাকীমান উদ্যমী মহিলাৰে গঠিত সৃষ্টি গ্ৰুপে মিৰ্জাত মুকলি কৰিলে ফিটনেছ আৰু ডান্সৰ এটি …

পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে অসম কন্যা সংগীতা চৌধুৰী

গুৱাহাটী, সংবাদ ৩৬৫, ৩০ অক্টোবৰ: স্বৰ্ণকন্যা হিমা দাস আৰু মিষ্টাৰ ৱৰ্ল্ড খিতাপ দখল কৰা গোলাপ ৰাভাৰ পাছত এইবাৰ অসমবাসীৰ বাবে পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে অসম কন্যা সংগীতা চৌধুৰী। যোৱা ২৭ অক্টোবৰত ফিলিপাইন্সত অনুষ্ঠিত হোৱা মিছ টুৰিজিম ইণ্টাৰনেচনেল ২০১৮ ৰ …

পলাশবাৰীত এগৰাকী শিক্ষকৰ কৰুণ গাথা:দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ দিশহাৰা অৱস্থা

পলাশবাৰী, সংবাদ ৩৬৫, ২৯ অক্টোবৰ: শিক্ষক এডাল মমবাতিৰ দৰে, যিয়ে নিজে গলি আনক পোহৰ বিলায়। ছাত্ৰ-ছাত্ৰীক শিক্ষাদানেৰে পোহৰ বিলাওঁতে নিজৰ জীৱনটোৱে অন্ধকাৰ হৈ পৰিল পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অন্তৰ্গত সানপাৰা গাঁ‌ৱৰ এগৰাকী দুৰ্ভগীয়া আদর্শৱান শিক্ষক …

টুকটুকীত কটহগুৰি বজাৰ গাঁওৰক্ষী বাহিনী আৰু টুকটুকী চান লাইট ক্লাবৰ সহযোগত আয়োজিত নৈশ কাবাডী খেল সম্পন্ন

বটদ্ৰৱা, সংবাদ ৩৬৫, ২৯ অক্টোবৰ: কটহগুৰি বজাৰ গাঁওৰক্ষী বাহিনীৰ উদ্যোগত আৰু টুকটুকী চান লাইট ক্লাবৰ সহযোগত দেওবাৰে  চূড়ান্ত কাবাডী খেলখন শিলপুখুৰী বিল্লাল মিলি জুলি ক্লাৱ আৰু কটহগুৰি বজাৰ তামূলী টাইগাৰ ক্লাবৰ মাজত অনুষ্ঠিত হয়। উক্ত খেলখনত কটহগুৰি বজাৰ তামূলী টাইগাৰ ক্লাব …

ৰাইজৰ দান বৰঙণিৰে মানাহ নদীত দলঙৰ কামৰ শুভাৰম্ভ: কুম্ভকৰ্ণ নিদ্ৰাত জনপ্ৰতিনিধি

উত্তৰ অভায়াপুৰী, সংবাদ ৩৬৫, ২৯ অক্টোবৰ: হাজাৰটা পৰিৱৰ্তনৰ শ্লোগান গাই উন্নয়নৰ নামত গাদী দখল কৰা চৰকাৰখনে আজিকোপতিলৈ ৰাস্তা-ঘাটৰ লগতে উন্নয়নটো বাদেই এখন দলঙৰো ভালকৈ নিৰ্মান কৰিব নোৱাৰিলে। যাৰ ফলত সাধাৰণ জনতাই যাতায়তৰ বাবে দুৰ্ভোগ ভুগিব লগীয়া হৈছে। এই সমস্যা বঙাইগাঁও …

“অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আমি ঐক্য সেনা অসমে যুঁজি যাম জিনি যাম”- এই মন্তব্য শ্বহিদুল ইছলামৰ: সাম্প্ৰদায়িক মন্তব্য কৰা শিলাদিত্যক কঠোৰ সকীয়নী ৰাজহুৱা সভাত

শিৱসাগৰ, সংবাদ ৩৬৫, ২৮ অক্টোবৰ: অসম আৰু অসমীয়া ৰাইজৰ হৈ আপোচবিহীন ভাবে সংগ্ৰাম কৰি অহা ঐক্য সেনা অসমৰ শিৱসাগৰৰ নামতি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা এক ৰাজহুৱা সভাত “অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আমি ঐক্য সেনা অসমে যুঁজি যাম …

টুকটুকীত এ আই ইউ ডি এফৰ সাধাৰণ সভা

বটদ্ৰৱা, সংবাদ ৩৬৫, ২৮ অক্টোবৰ: দেওবাৰে নগাওঁ জিলাৰ ৮৪নং বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত টুকটুকীত এ আই ইউ ডি এফৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। এ আই ইউ ডি এফৰ সমষ্টি কমিটিৰ সভাপতি মোজাম্মেল হকৰ সভাপতিত্বত অনুষ্ঠিত সভা খনত কেন্দ্ৰীয় কমিটিৰ …

মিৰ্জাৰ শ্বহীদ ভৱনত ৰীমা দাসক সহায়ৰ উদ্দেশ্যে ৰাজহুৱা সভা

মিৰ্জা, সংবাদ ৩৬৫, ২৮ অক্টোবৰ: অস্কাৰৰ দৌৰত ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্চ’। কিন্তু অৰ্থৰ অভাৱত যেন কিছূ থমকি ৰ’বলগীয়া হৈছে ভিলেজ ৰকষ্টাৰ ছবিখনে। দেওবাৰে দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই ভিলেজ ৰকষ্টাৰ ছবিখনক সহায় কৰাৰ উদ্দেশ্যে এখন ৰাজহুৱা সভা আয়োজন কৰে । মিৰ্জাস্থিত …

কাকপথাৰত মৰাণ ছাত্ৰৰ বিয়ানাম অাৰু খেৰী প্ৰতিযোগিতাৰ অায়োজন

কাকপথাৰ, সংবাদ ৩৬৫, ২৮ অক্টোবৰ: সদৌ মৰাণ ছাত্ৰ সন্থাৰ সাংস্কৃতিক বিভাগৰ সৌজন্যত মৰাণ জাতীয় মহিলা পৰিষদ অাৰু সদৌ মৰাণ কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ কাকপথাৰ অাঞ্চলিক সমিতিৰ যৌথ উদ্যোগত কাকপথাৰ অাঞ্চলিক সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহত দেওবাৰে দিনযোৰা কাৰ্যসুচীৰে বিয়ানাম অাৰু খেৰী প্ৰতিযোগিতাৰ …

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’বলৈ নিদিয়ে কংগ্ৰেছে

বঙাইগাঁও, সংবাদ ৩৬৫, ২৮ অক্টোবৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ কোনো কাৰনতে গৃহীত হবলৈ নিদিয়ে কংগ্ৰেছে। এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ। কংগ্ৰেছৰ এক দলীয় প্ৰতিনিধি সভাত অংশ লবলৈ আহি দেওবাৰে বঙাইগাঁও ইতিহাস প্ৰসিদ্ধ বাঘেশ্বৰী মন্দিৰত উপস্থিত হোৱা প্ৰদেশ কংগ্ৰেছৰ …