উৎকট গৰমে দহিছে ৰাজ্য: ২৪ ঘণ্টা লৈ নহয় বৰষুণ: সদৰী কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই

গুৱাহাটী, সংবাদ ৩৬৫, ১৯ আগষ্ট: বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা বতৰৰ আগজাননী অনুসৰি অহা সোমবাৰৰ দিনটোও উৎকট গৰমে দহিব ৰাজ্যৰ লগতে মহানগৰী বাসীক । কেবাদিন ধৰি উৎকট গৰমে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যহত কৰি থকাৰ মাজতে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান …

আজাৰা আৰক্ষীৰ জালত দুই প্ৰবঞ্চক: গ্ৰাহকক প্ৰলোভন দি লক্ষ লক্ষ ধন লুটপাত

গুৱাহাটী, সংবাদ ৩৬৫, ১৯ আগষ্ট: এশ গৰু মাৰিলে এদিন বাঘৰো মৰণ। ৰাজ্যত লুটপাতৰ ঘটনা কোনো নতুন কথা নহয়। দেওবাৰে আজাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কৰ্ণাটকৰ দিলীপ মোহন জে সিং আৰু শিৱসাগৰৰ ময়ূৰ গগৈ নামৰ দুই প্ৰবঞ্চকক। উল্লেখ্য যে এই দুই প্ৰবঞ্চকে …

ডিগবৈত বিধায়কৰ তেল, গেছৰ চিণ্ডিগেট: বিধায়কৰ বিপক্ষে উত্তাল ডিগবৈ: প্ৰতিবাদস্থলীত বিজেপি কংগ্ৰেছ কৰ্মীৰ হতাহতি

ডিগবৈ, সংবাদ ৩৬৫, ১৯ আগষ্ট: দীৰ্ঘদিন ধৰি তেল আৰু গেছৰ চিণ্ডিগেট চলাই অহা ডিগবৈৰ বিজেপি বিধায়ক সুৰেন ফুকনৰ বিৰুদ্ধে দেওবাৰে কংগ্ৰেছ, যুৱ কংগ্ৰেছ আৰু এন এছ ইউ আইৰ একাংশ কৰ্মী ডিগবৈ চাৰিআলিৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাই পথ উত্তাল কৰি তোলে। …

উত্তৰ অভায়াপুৰীৰ ভাণ্ডাৰাত ভূলুণ্ঠিত মানৱতা: এহাল গৰুৰ বাবে পিতৃক হত্যাৰ চেষ্টা চলালে তিনি পাষণ্ড পুত্ৰই

অভায়াপুৰী, সংবাদ ৩৬৫, ১৯ আগষ্ট: বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অধীনস্থ তথা ঘেৰুকাবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৩নং ভাণ্ডাৰা গাৱত এহাল বলধ গৰুৰ বাবে তিনি পাষণ্ড পুত্ৰই হত্যাৰ চেষ্টা কৰে নিজ পিতৃক। ভাণ্ডাৰা গাৱৰ হানিফ আলীৰ তিনি কুলাংগাৰ পুত্ৰ ক্ৰমে সাহ …

বকলীয়াঘাটত চোৰাং চেগুনৰ কুণ্ডা জব্দ: গ্ৰেপ্তাৰ চোৰাং কাঠ ব্যৱসায়ী

কাৰ্বি আংলং, সংবাদ ৩৬৫, ১৮ আগষ্ট: কাৰ্বি আংলং জিলাৰ বন বিভাগৰ অন্তৰ্গত বকলীয়াঘাটস্থিত নৰ্দাৰ্ণ ৰেঞ্জ কাৰ্যালয়ৰ বনকৰ্মীৰ এটা দলে শনিবাৰে পুৱতি নিশা সহকাৰী বন সংৰক্ষক হৰিনাথ ৰংহাঙৰ নেতৃত্বত এটা দলে এক গোপন সূত্ৰৰ পম খেদি বকলীয়াঘাটৰ যমুনা নৈত থকা জলসিঞ্চন …

চেম্পিয়নছ্ মেকাৰ একাডেমীৰ বৰ্ষপূৰ্তি সম্পন্ন

বিশ্বনাথ চাৰিআলি, সংবাদ ৩৬৫, ১৮ আগষ্ট: বিশ্বনাথৰ কোছঁগাঁওত অবস্থিত চেম্পিয়নছ মেকাৰ একাডেমীয়ে যোৱা ১৬ আগষ্টত এবছৰ সম্পুৰ্ণ কৰে ৷ একাডেমী খনৰ সঞ্চালক ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰশিক্ষক তথা আন্তৰাষ্ট্ৰীয় সমৰকলাবিদ হৃদয়ানন্দ দাস আৰু সহকাৰী প্ৰশিক্ষক মনোজ মেধীৰ প্ৰশিক্ষনত কাৰাটে, টাইকোৱানডো, মুইথাই, চৈকোৱাংডো, …

চৰাইদেউ জিলাৰ সোণাৰিত ৰাষ্ট্ৰীয় পতাকাক চৰম অপমান কংগ্ৰেছৰ

চৰাইদেউ, সংবাদ ৩৬৫, ১৮ আগষ্ট: চৰাইদেউজিলাৰ সোণিৰিস্থিত কংগ্ৰেছৰ চৰাইদেউ জিলাৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকাক চৰম অপমান। প্ৰাক্তন প্ৰধান মন্ত্ৰী তথা ভাৰত ৰত্ন পিতামহিৰূহ অটল বিহাৰী বাজপেয়ী দেৱৰ মৃত্যুত চৰকাৰে ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰে। কিন্তু সোণাৰিস্থিত চৰাইদেউ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত …

চিৰাঙৰ বিজনীত ছাত্ৰী সন্ধানহীন: দেওবাৰৰ পৰা সন্ধানহীন ছাত্ৰী

চিৰাঙ, সংবাদ ৩৬৫, ১৮ আগষ্ট: চিৰাঙ জিলাৰ বিজনী শিশু কল্যান বিদ্যালয়ৰ দশম মানৰ ছাত্ৰী বিজনীৰ পাল পাৰৰ ৪ নং ৱাৰ্ডৰ পিতৃ নাৰায়ণ আৰ্য আৰু মাতৃ শ্যামলা আৰ্যৰ দ্বিতীয় কন্যা মৃদুলা আৰ্য(১৬) যোৱা দেওবাৰৰ পৰাই সন্ধানহীন হৈ আছে। মৃদুলাৰ পিতৃ পেছাত …

বদৌচা স্পৰ্টছ ক্লাৱৰ উদ্যোগত আৰু অসম ফুটবল সন্থাৰ তত্বাৱধানত আন্তৰাষ্ট্ৰীয় আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা

গুৱাহাটী, সংবাদ ৩৬৫, ১৭ আগষ্ট: বদৌচা কাপ অহা ৯ চেপ্তেম্বৰৰ পৰা ২৩ চেপ্তেম্বৰলৈ অসমৰ মুঠ ৭টা স্থানত অনুষ্ঠিত হ’ব। মাজুলী জিলা ক্ৰীড়া সন্থা, তিনিচুকীয়া জিলা ক্ৰীড়া সন্থা, শদিয়া জিলা ক্ৰীড়া সন্থা, মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থা, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা, ডুমডুমা …

কলগাছিয়াৰ বেকী নৈৰ বাঢ়নী পানীত ৬ বছৰীয়া শিশুৰ সলীল সমাধি

কলগাছিয়া, সংবাদ ৩৬৫, ১৭ আগষ্ট: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত শওপুৰ গাঁওত শুক্ৰবাৰে দুপৰীয়া ৬ বছৰীয়া এটি শিশু বেকী নৈৰ বাঢ়নী পানীত পৰি কৰুণ মৃত্যুক আঁকোৱালি লয়। জানিব পোৱা অনুসৰি শুক্ৰবাৰে দুপৰীয়া জয়নাল আব্দিনৰ পুত্ৰ মোস্তাফিজুৰ ৰহমানে আইতাকৰ ঘৰত …