নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অৰ্ধউলংগ হৈ প্ৰতিবাদ

গোলাঘাটৰ পৰা চেমিম আলী, সংবাদ ৩৬৫, ২৪ মেঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যত প্ৰতিদিনে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে গোলাঘাটত জিলাত টাই আহোম ছাত্ৰ সন্থাই অৰ্ধউলংগ হৈ আৰু মুণ্ডন কাৰ্যসূচী পালন কৰি এই বিতৰ্কিত বিধেয়কখনৰ বিৰোধিতা কৰে। টাই আহোম …

তামুলপুৰত ভয়াবহ পথ দুৰ্ঘটনা: আহত চল্লিশ জনতকৈ অধিক ছাত্ৰ

বাক্সা, সংবাদ ৩৬৫, ২৪ মেঃ বাক্সা জিলাৰ তামুলপুৰত বৃহস্পতিবাৰে সংঘটিত হোৱা এক ভয়াবহ পথ দূৰ্ঘটনাত চল্লিশ জনতকৈও অধিক ছাত্ৰ আহত হয়। বিদ্যালয়ৰ ছাত্ৰ কঢ়িয়াই অনা এখন ডিআই ভেন পথৰ ওপৰত বাগৰি পৰাৰ ফলত চল্লিশ জনতকৈও অধিক ছাত্ৰ আহত হয়। তামুলপুৰ …

দীঘলিপুখুৰী পাৰৰ পৰা ঐক্য সেনা অসমৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতাৰে গণস্বাক্ষৰ অভিযান

গুৱাহাটীৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ২৪ মেঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যত প্ৰতিবাদ অব্যহত থকাৰ সময়তে বৃহস্পতিবাৰে দীঘলিপুখুৰী পাৰত ঐক্য সেনা অসমে এই বিতৰ্কিত বিধেয়কখন বাতিলৰ দাবীত এক প্ৰতিবাদী গণস্বাক্ষৰ অভিযান আৰম্ভ কৰে। এই প্ৰতিবাদী গণস্বাক্ষৰ অভিযানটো …

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সোণাৰিত গণস্বাক্ষৰ অভিযানৰ লগতে বিশাল প্ৰতিবাদী গণজাগৰণ সমাৱেশ

সোণাৰিৰ পৰা সুৰেণ বুঢ়াগোঁ‌হাই, সংবাদ ৩৬৫, ২৩ মেঃ চৰাইদেউ জিলাৰ সদৰ সোণাৰিত বুধবাৰে বিভিন্ন জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত গণস্বাক্ষৰ অভিযানৰ লগতে এক বিশাল প্ৰতিবাদী গণজাগৰণ সমাৱেশ কাৰ্যসূচী অনুস্থিত কৰা হয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, …

শিক্ষকৰ ৰূপত প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান

গুৱাহাটী, সংবাদ ৩৬৫, ২৩ মেঃ শিক্ষকৰ ৰূপত দ্বিতীয় ইনিংছ আৰম্ভ কৰিছে ৰাজ্যৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান মোকেশ সহায়। চলিত বছৰৰ ৩০ এপ্ৰিলত অসম আৰক্ষী সঞ্চালক প্ৰধানৰূপে অৱসৰ গ্ৰহণ কৰাৰ পিছতে মোকেশ সহায় ব্যস্ত হৈ পৰিছে এখন বিদ্যালয়ত অংকৰ শিক্ষক হিচাপে। অসম …

কলগাছিয়াৰ চতলা চৰত হত্যাকাণ্ড

কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ২৩ মেঃ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী চকীৰ অন্তৰ্গত চতলাৰ চৰত মঙলবাৰে নিশা ভাতৃৰ হাতত ভাতৃ নিহত হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, মঙলবাৰে আছমত আলী নামৰ এজন লোকে নিজ পিতৃৰ …

বাক্সাত আছুয়ে দাহ কৰিলে ধৰমেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি

বাক্সা, সংবাদ ৩৬৫, ২৩ মেঃ বাক্সা জিলাৰ কুমাৰীকাটাত আছুয়ে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰমেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰি পেট্ৰ’ল আৰু ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। বিগত সময়চোৱাত সঘনাই পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ ফলত সৰ্বসাধাৰণ ৰাইজ মূৰে কপালে হাত দিব লগা …

ধুবুৰীত ছাত্ৰক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হল বিদ্যালয়ৰ অধ্যক্ষ

ধুবুৰী, সংবাদ ৩৬৫, ২৩ মেঃ  ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে সকলো চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তিৰ মাচুল ৰেহাই কৰি দিয়াৰ লগতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীৰ বাবে নাম ভৰ্তিৰ মাচুল সম্পূৰ্ণ ৰেহাই কৰিছে যদিওঁ ধুবুৰী জিলাৰ হদুৰহাট ধৰ্মশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ …

মুণ্ডণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী

গুৱাহাটী, সংবাদ ৩৬৫, ২২ মেঃ পৰিবৰ্তনৰ শ্ল’গান দি শাসনলৈ অহা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ খনৰ জনসাধৰণ বিৰোধি স্থিতিৰ বিৰুদ্ধে মঙলবাৰে উত্তাল হৈ পৰে দীঘলীপুখুৰী পাৰ। বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন প্ৰত্যাহাৰৰ দাবীত ৰাজ্যৰ পৰিবেশ অগ্নিগৰ্ভা হৈ থকাৰ সময়তে সদৌ অসম চুতীয়া …

মহানগৰীৰ ৰাজপথত ৰিক্সা চলালে ৰিপুন বৰাই

গুৱাহাটী পৰা জাহিদুল ইছলাম, সংবাদ ৩৬৫, ২২ মেঃ পেট্ৰ’ল আৰু ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ব্যতিক্ৰমী প্ৰতিবাদ। মহানগৰীৰ ৰাজপথত ৰিক্সা চলাই প্ৰতিবাদ কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই। গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰা শতাধিক কংগ্ৰেছ কৰ্মকর্তাই পেট্ৰ’ল আৰু …