বৰক্ষেত্ৰীত পাঁচ শতাধিক এআইইউডিএফৰ নেতা কৰ্মীৰ কংগ্ৰেছত যোগদান

মুকালমুৱা, ৩১ অক্টোবৰঃ নলবাৰীৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ পাঁচ শতাধিক এআইইউডিএফৰ নেতা কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে৷ প্ৰাপ্ত তথ্য মতে, বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ মুকালমুৱাৰ ৰাজীৱ ভৱনত অনুষ্ঠিত কংগ্ৰেছৰ যোগদান কাৰ্যসূচীত বৰক্ষেত্ৰীৰ কেবাখনো পঞ্চায়তৰ এআইইউডিএফৰ নেতা কৰ্মীয়ে কংগ্ৰেছত আনুষ্ঠানিকভাবে যোগদান কৰে৷ অসমৰ প্ৰাক্তন …

কাজিৰঙাত পত্নীসহ চেক গণৰাজ্যৰ ৰাষ্ট্ৰদূত

কাজিৰঙা, ৩১ অক্টোবৰঃ কাজিৰঙা ভ্ৰমণলৈ আহিল সপত্নী চেক গণৰাজ্যৰ ৰাষ্ট্ৰদূত মিলান হৰভোকা আৰু ৰুচ অভিনেত্ৰী চাৰা৷ মঙলবাৰে পুৱা কাজিৰঙাত হাতী চাফাৰী কৰি উৎফুল্লিত হৈ পৰে দুয়োগৰাকী বিদেশী পৰ্যটক৷ সোমবাৰে সন্ধিয়া কাজিৰঙাত উপস্থিত হৈ বিদেশী অতিথি দুগৰাকীয়ে অসমৰ থলুৱা সংস্কৃতি উপভোগ …

সাহিত্যপ্ৰাণ খগেশ্বৰ চেতিয়া ফুকনৰ ৮৭তম ওপজা দিন পালন

শিমলুগুৰি, ৩১ অক্টোবৰঃ শিৱসাগৰৰ লাকুৱাৰ বিশিষ্ট শিক্ষাবিদ তথা লাকুৱা শাখা সাহিত্য সভাৰ প্রতিষ্ঠাপক সভাপতি সাহিত্যপ্রাণ খগেশ্বৰ চেতিয়া ফুকনৰ ৮৭তম ওপজা দিন লাকুৱা শাখা সাহিত্য সভাৰ উদ্যোগত পালন কৰা হয়৷ লাকুৱা শাখা সাহিত্য সভাৰ  তৰফৰ পৰা সাহিত্যিক গৰাকীক এটা গ্ৰন্থৰ টোপোলা আৰু গামোচাৰে সন্মান  জনোৱা হয়৷ আনহাতে লাকুৱা  উন্নয়ন সমিতিৰ সম্পাদক বিশ্বজিত  টিপমীয়াই এখন চেলেং চাদৰেৰে খগেশ্বৰ  চেতিয়া  ফুকনক সন্মান জনায়৷ সাহিত্যিকগৰাকীয়ে মনৰ অনুভূতি ব্যক্ত কৰি লাকুৱা শাখা সাহিত্য সভাৰ সভাপতি সজ্ঞীৱ  বাইলুং আৰু সম্পাদিকা ৰেখামণি দুৱৰা ৰাজকোঁৱৰৰ  …

জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাৰ এবিচিডি উন্মোচন

গুৱাহাটী, ৩১ অক্টোৱৰঃ টেলিভিচন সাংবাদিকতাৰ ব্যৱহাৰিক শিক্ষাৰ প্ৰথম আৰু একমাত্ৰ অসমীয়া ভাষাৰ হাতপুথি এবিচিডি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয়। কৰবী বৰশইকীয়াই সঞ্চালনা কৰা অনুষ্ঠানটোত গ্ৰন্থখন উন্মোচন কৰে প্ৰাগ নিউজৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞা, নিউজ লাইভৰ চিফ মেনেজিং এডিটৰ …

ৰঙিয়াত ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত নিহত-২

ৰঙিয়া, ৩১ অক্টোবৰঃ ৰঙিয়াৰ ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক পথ দুৰ্ঘটনাত দুজন ছাত্ৰ থিতাতে নিহত হয়৷ প্ৰাপ্ত তথ্য মতে, নিহত ছাত্ৰ দুজন ৰঙিয়াৰ আনন্দৰাম বৰুৱা কলেজৰ ছাত্ৰ তথা তুলসীবাৰীৰ নিৰ্মল কলিতা (১৮) আৰু গান্ধীবাৰীৰ ৰাজীৱ কলিতা(১৮)৷ ছাত্ৰ দুজনে স্কুটীত স্কুললৈ …

নগা ফ্ৰেমৱৰ্ক চুক্তি বাতিলৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

শিমলুগুৰি, ৩০অক্টোবৰঃ কেন্দ্ৰীয় চৰকাৰে এনএছচিএন (আইএম)ৰ লগত কৰা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট ৰাজহুৱা কৰা, অসমৰ মাটি নাগালিমক দিবলৈ কৰা ষড়যন্ত্ৰ আৰু সীমান্তত নগাই কৰা অত্যাচাৰৰ প্ৰতিবাদত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে নাজিৰা মহকুমাধিপতি কাৰ্য্যালয় ঘেৰাও কৰে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সভাপতি ৰিতুমণি হাজৰিকা আৰু সাধাৰণ …

বৰপেটাৰোড বাছ ষ্টেণ্ডত হাবিলদাৰ প্ৰহাৰত আহত বাছচালক

কলগাছিয়া, ৩০ অক্টোবৰঃ বৰপেটাৰোডৰ বাছষ্টেণ্ডত আৰক্ষীৰ হাতত এজন বাছ চালক গুৰুতৰ ভাৱে আহত হোৱা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰাপ্ত তথ্য মতে, চিনাকী নামৰ গুৱাহাটী মুখী বাছখন বৰপেটাৰোড বাছ ষ্টেণ্ডৰ পৰা ওলাই আহোতে গাড়ীখন লাহে লাহে চলোৱা অভিযোগ …

৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণত নিহতসকলক শ্ৰদ্ধাঞ্জলী মুখ্যমন্ত্রীৰ

দিছপুৰ, ৩০ অক্টোবৰঃ সন্ত্রাসবাদ আৰু সমাজৰ উন্নতি ব্যাহত কৰা অপশক্তিৰ কু অভিসন্ধি প্রতিহত কৰাৰ বাবে আমি সকলোৱে মাৰ বান্ধি থিয় হ’ব লাগিব। শান্তিয়েহে কেৱল উন্নতিৰ পথ প্রশস্ত কৰে। সমাজৰ সকলো শ্রেণীৰ জনসাধাৰণৰ মাজত থকা সম্প্রীতিৰ এনাজৰী অক্ষুন্ন ৰাখি স্থায়ী শান্তি প্রতিষ্ঠাৰ …

ৰঙিয়াৰ গড়ভিতৰ বালাগাঁৱত পথ দুৰ্ঘটনাঃ হত্যাকাণ্ডৰ সন্দেহ

ৰঙিয়া, ২৯ অক্টোবৰঃ ৰঙিয়াত শনিবাৰে নিশা সংঘটিত এক ৰহস্যজনক পথ দুৰ্ঘটনাত মহেশ শীল(৩০) নামৰ এজন যুৱকে কৰুণ মৃত্যুক সাৱতি লোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে, শেহতীয়াভাৱে দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা  কিছু আনুষাংগিক তথ্য প্ৰমাণে সমগ্ৰ দুৰ্ঘটনাটোক …

অসমীয়া গ্ৰাম্য জীৱনৰ আপুৰুগীয়া সম্পদেৰে নিৰ্মিত এটা সংগ্ৰহালয়

শিমলুগুৰি, ২৯ অক্টোবৰঃ ছাত্ৰ ছাত্ৰীক শিক্ষা প্ৰদানৰ লগতে এজন শিক্ষকে একক প্ৰচেষ্টাৰে গঢ়ি তুলিছে সংগ্ৰহালয়। পেলনীয়া সামগ্ৰী আৰু আপুৰুগীয়া প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহ কৰি শিক্ষকজনে গঢ়ি তুলিছে হৈছে এই সংগ্ৰহালয়টো। শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ চৰকাৰী বিদ্যাপীঠ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক যোগেন গগৈৰ একক …