ছিণ্ডিকেট বেংকৰ ৯২সংখ্যক প্রতিষ্ঠা দিৱস পালন

গুৱাহাটী, ২৭ অক্টোবৰঃ দেশৰ ৰাজহুৱা খণ্ডৰ আগশাৰীৰ বেংক প্রতিষ্ঠান ছিণ্ডিকেট বেংকৰ ৯২তম প্ৰতিষ্ঠা দিৱস গুৱাহাটীৰ মাণ্ডলিক পর্যায়ত বিভিন্ন শাখাসমূহে উদযাপন কৰে। মহানগৰীৰ পানবজাৰস্থিত ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ প্রেক্ষাগৃহত ব্যাপক কাৰ্যসূচীৰে আয়োজিত প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত ছিণ্ডিকেট বেংকৰ গুৱাহাটীস্থ শাখাসমূহৰ গ্ৰাহক তথা সমূহ কর্মচাৰীয়ে …

ৰঙিয়া ষ্টেট বেংকত গ্ৰাহকক হাৰাশান্তি

ৰঙিয়া, ২৭ অক্টোবৰঃ ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া শাখাত শেহতীয়াকৈ সহস্ৰাধিক গ্রাহকে বিভিন্ন সময়ত বিভিন্ন ধৰণে হাৰাশাস্তিৰ সন্মুখীন হোৱা ঘটনাত গভীৰ উদ্দেগ প্রকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰঙিয়া জিলা সমিতিয়ে। পৰিষদৰ ৰঙিয়া জিলা সমিতিৰ সভাপতি ৱাহেদৰ ৰহমানে এক প্ৰেছ …

নাজিৰাত এহেজাৰ পৰ্যন্ত ১০ টকীয়া মুদ্ৰা ল’ব লাগিব

শিমলুগুৰি, ২৭ অক্টোবৰঃ দহ টকীয়া ধাতু মুদ্ৰাৰে এবাৰত এহেজাৰ টকা পৰ্য্যন্ত  বেংকত জমা থব পাৰিব। নাজিৰা মহকুমাৰ অন্তৰ্গত কিছুসংখ্যক বেংক আৰু ব্যৱসায়িক প্ৰতিষ্ঠানে ১০ টকাৰ ধাতুৰ মুদ্ৰা দৈনন্দিন লেনদেনত গ্ৰহণ নকৰাৰ অভিযোগ মহকুমা প্ৰশাসনক অৱগত কৰা হৈছে। নাজিৰা তথ্য আৰু জনসংযোগ …

বৰপেটাৰোড ৰেল ষ্টেচনত ৰাজধানী এক্সপ্ৰেছৰ ষ্টপেজ

কলগাছিয়া, ২৭ অক্টোবৰঃ সৰভোগ সমষ্টিৰ বৰপেটাৰোড ৰেল ষ্টেচনত এখন ৰেলৱে অভাৰব্ৰীজ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৩৪ কোটি টকা অনুদান দিয়াৰ লগতে বৰপেটাৰোড ৰেলৱে ষ্টেচনত ৰাজধানী এক্সপ্ৰেছ ৰখোৱাৰ ব্যৱস্থা কৰাত অঞ্চলজুৰি আনন্দৰ পৰিবেশ সৃষ্টি হৈছে। সৰভোগ সমষ্টিৰ বাসিন্দা আৰু বৰপেটাৰোড বাসীৰ …

ষট্ পূজাৰ পালনৰ মাজতে পানীত ডুবি নিহত কিশোৰ

ৰঙিয়া, ২৭ অক্টোবৰঃ ষট্ পূজাৰ আনন্দ উল্লাসৰ মাজতে ৰঙিয়াত এটি কিশোৰে অকাল মৃত্যুক সাবতিৱলগীয়া হোৱা ঘটনাই অঞ্চলজুৰি শোকাকুল পৰিবেশ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে, মৃত ছাত্ৰজন নৱম শ্ৰেণীৰ ছাত্ৰ অৰিজিত দে৷ ৰঙিয়াৰ বৰলীয়া নৈৰ বনগাওঁ ঘাটত শুক্ৰবাৰে  পুৱা আত্মীয় আৰু …

যোৰহাটত টাই আহোম ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

যোৰহাট, ২৭ অক্টোবৰঃ সদৌ অসম টাই আহোম ছাত্ৰ সন্থাই তাই আহোম জনগোষ্ঠীকে ধৰি অসমৰ জলন্ত সমস্যাসমূহ শীঘ্ৰে সমাধানৰ দাবীত যোৰহাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। সন্থাই টাই আহোমৰ লগতে অসমৰ ছয় জনগোষ্ঠীৰ জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণৰ …

শিশুৰ বাবে প্রীতি ফুটবলৰ আয়োজন ডালমিয়া চিমেণ্টৰ

গুৱাহাটী, ২৭ অক্টোবৰঃ ফুটবলৰ প্ৰতি নৱপ্ৰজন্মক উৎসাহিত কৰাৰ লগতে শিশুসকলক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ডালমিয়া চিমেণ্টে শিশু অধিকাৰ সংগঠন উৎসাহৰ শিশুৰ কাৰণে গীতানগৰ খেলপথাৰত এখন বন্ধুত্বপূর্ণ ফুটবল প্রতিযোগিতাৰ আয়োজন কৰে। প্ৰতিযোগিতাখনত অসমীয়া ছবি উদ্যোগৰ প্ৰখ্যাত অভিনেত্রী বৰষা ৰাণী বিষয়া আৰু …

ৰঙিয়াত এবিএমছুৰ ৰেলপথ অৱৰোধ

ৰঙিয়া, ২৬ অক্টোবৰঃ এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত ৰঙিয়াৰ খন্দিকৰত এবিএমছুৰ তামুলপুৰ জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীসকলে লাফিকুলক হত্যাৰ মূল অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত ৰেলপথ অৱৰোধ কৰে৷ এবিএমছুৰ হেজাৰ হেজাৰ প্ৰতিবাদকাৰীয়ে ৰেলপথৰ ওপৰত বহি …

গোৱালপাৰাৰ ৰংজুলিত বনৰীয়া হাতীৰ তাণ্ডৱ

গোৱালপাৰা, ২৬ অক্টোবৰঃ গোৱালপাৰাৰ ৰংজুলি বনাঞ্চলৰ অন্তৰ্গত খেৰোপাৰা গাঁৱত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ। নিশা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকে অঞ্চলটোৰ ব্যাপক ক্ষতি সাধন কৰে৷ প্ৰাপ্ত তথ্য মতে, নিশা প্ৰায় ১০ বজাত বনৰীয়া হাতীৰ জাকটোৱে পথাৰৰ ধান খাই …

ৰঙিয়াত অগ্নিকাণ্ডঃ পঞ্চাশ লক্ষাধিক টকাৰ সম্পত্তি ভষ্মীভূত

ৰঙিয়া, ২৬ অক্টোবৰঃ ৰঙিয়াত পুৱতি নিশা সংঘটিত বিধ্বংসী অগ্নিকাণ্ড ১৬খন ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে পঞ্চাশ লক্ষাধিক টকাৰ সম্পত্তি জ্বলি ভষ্মীভূত হয়। প্ৰাপ্ত তথ্য মতে, ৰঙিয়া ষ্টেচনৰোডত শ্বৰ্ট চাৰ্কিটৰ পুৱতি নিশা অগ্নিকাণ্ডটো সংঘটিত হয়৷ ঘটনাস্থলীত ৰঙিয়া আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ …