ৰঙিয়াত পকী দলঙৰ নিৰ্মাণ শীঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবীত প্ৰতিবাদ

ৰঙিয়া, ৭ জুলাইঃ ৰঙিয়াত বিকশিত অসমৰ নমুনা। কামৰূপ আৰু বাক্সা জিলাৰ সীমান্তৱৰ্তী ৰঙিয়াৰ পালবস্তিৰ ঘোগাজানৰ ওপৰৰ মাত্ৰ ৬০ মিটাৰ দৈৰ্ঘ্যৰ পকী দলঙৰ নিৰ্মাণৰ কাম।  দলংখনৰ নিৰ্মাণ কাম দীৰ্ঘদিন ধৰি সম্পূৰ্ণ নকৰাত স্থানীয় ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বিগত কংগ্ৰেছ চৰকাৰৰ …

নাজিৰাত আৱকাৰীৰ অভিযানঃ ১জন আটক

নাজিৰা, ২৭জুলাইঃ নাজিৰা আৰক্ষী থানাৰ অন্তৰ্গত  বামুণ পুখুৰী চাহ-বাগিছাৰ টেঙাহোলা বামুণ পুখুৰী ৬নং লাইনত আৱকাৰী বিভাগে অভিযান চলাই বৃহৎ পৰিমানৰ অবৈধ চুলাই মদ জব্দ কৰে৷ এই অভিযানত আৱকাৰী বিভাগে এজন লোকক আটক কৰাৰ লগতে ৬টা গোচৰ ৰুজু কৰে৷ আৱকাৰী বিভাগে …

গৰৈমাৰীত পত্নীক হত্যা কৰি স্বামীৰ আত্মহনন

সোণতলি, ২৬ জুলাইঃ দক্ষিণ কামৰূপৰ গৰৈমাৰী আৰক্ষী চকীৰ অন্তৰ্গত শিঙিমাৰী হাবি গাঁৱত স্বামীয়ে পত্নীক হত্যা কৰি নিজে আত্মহত্যা কৰা ঘটনাই  অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য অনুসৰি, ২৪ জুলাইৰ নিশা শিঙিমাৰী হাবি গাঁৱৰ আব্দুল মালেকে (৫৫) নিজ পত্নী বেলভানু বেগমক …

দৰঙত ৰাজ সাহাৰ্য্যযুক্ত পাম্পছেট বিতৰণত দুৰ্নীতি

খাৰুপেটিয়া, ২৬ জুলাইঃ দৰিদ্ৰ কৃষকক মাধমাৰ শোধাই ঐশ্বৰ্য্যৰ পাহাৰ গঢ়া ৰাজ্যৰ দুৰ্নীতিগ্ৰস্ত বহু কৃষি বিষয়াৰ বিৰুদ্ধে চি আই ডিয়ে তদন্ত অব্যাহত ৰাখিছে৷ অনেক দুৰ্নীতি গ্ৰস্ত কৃষি বিষয়া বৰ্তমান ৰঙাঘৰৰ আলহী যদিও ৰাজ্যখনৰ অন্যতম কৃষিপ্ৰধান জিলা দৰঙৰ কৃষি বিভাগত ইয়াৰ কোনো …

চিটীএফচিৰ ফুটবলঃ জুবিন একাদশৰ বিৰুদ্ধে জিচিএফচি একাদশৰ জয়

গুৱাহাটী, ২৬ জুলাইঃ গুৱাহাটী চিটী এফ চিয়ে ইয়াৰ গ্ৰাছৰুট্‌ছ প্ৰকল্পৰ অংশ হিচাপে গুৱাহাটী বিশ্ববিদ্যালয় ষ্টেডিয়ামত আয়োজন কৰা গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি পৰে৷ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ উপৰি চুবুৰীয়া দেশ ভূটানৰ পৰা অহা ১৫০ গৰাকী খেলুৱৈৰ অংশগ্ৰহণেৰে অনুষ্ঠিত শিবিৰৰ …

নাজিৰাত অফটাছৰ উদ্যোগত নাট সমাৰোহ

নাজিৰা, ২৬ জুলাইঃ অসমীয়া নাট্যমঞ্চক এক নতুন মাত্ৰা প্ৰদান কৰা প্ৰয়াত সাহিত্যিক  অৰুণ শৰ্মাৰ কালজয়ী সৃষ্টি পুৰুষ এক মননশীল আৰু নব্য অভিধাৰখন অফটাছৰ উদ্যোগত নাজিৰাত পৰিবেশন কৰা হয়৷ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক পলাশ প্ৰতীম মেছৰ পৰিচালনাত, অভিজিৎ চুতীয়া আৰু সমুজ্বল …

বৰক্ষেত্ৰীৰ দৌলাশালত বেংক সজাগতা সভা

মুকালমুৱা, ২৬ জুলাইঃ নলবাৰীৰ বৰক্ষেত্ৰীৰ দৌলাশালৰ হাইস্কুলত এখন বেংক সজাগতা সভা অনুষ্ঠিত হয়৷ আৰজিভিএনৰ উদ্যোগত আৰু ক্ৰিছিলৰ সহযোগত অনুস্থিত সভাখনত বৰক্ষেত্ৰী সমষ্টিৰ বিশেষকৈ পশ্চিম বৰক্ষেত্ৰীৰ ৬০টা আত্মসহায়ক গোটৰ প্ৰায় চাৰি শতাধিক মহিলা উপস্থিত থাকে৷ আৰজিভিএনৰ মই প্ৰগতি আঁচনিখনৰ জৰিয়তে মহিলাসকলে …

সঘনাই বিদ্যুৎ কৰ্তনত অতিষ্ঠ নাজিৰাবাসী

নাজিৰা, ২৬ জুলাইঃ শিৱসাগৰৰ নাজিৰাত সঘনাই বিদ্যুৎ কৰ্তনৰ ফলত স্থানীয় লোকে ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে। অঞ্চলটোত ঘণ্টা পিছত ঘণ্টা ধৰি বিদ্যুৎ যোগান ব্যাহত হৈ থকাত সাধাৰণ জনতাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। গড়গাঁও বিদ্যুৎ সংমণ্ডলৰ অধীনস্থ শিমলুগুৰি, নাজিৰা, …

গৰৈমাৰীৰ শিঙিমাৰীত নৃশংস হত্যাকাণ্ডঃ স্বামীৰ দাৰ ঘাপত নিহত পত্নী

সোণতলী, ২৫ জুলাইঃ কামৰূপ জিলাৰ গৰৈমাৰী আৰক্ষী চকীৰ অন্তৰ্গত শিঙিমাৰীত যোৱানিশা সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডত সমগ্ৰ গৰৈমাৰীত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ঘটনাৰ বিৱৰণী মতে, হাতীপাৰা গাঁও পঞ্চায়তৰ শিঙিমাৰী গাঁৱৰ আব্দুল মালেকে (৫৫) নিশা প্ৰায় ১১-৪৫ত পত্নী বেলভানু বেগমক (৫০) চোকা …

দেশৰ ১৪তম ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ ৰামনাথ কোৱিন্দৰ

অনলাইন ডেস্ক সংবাদ ৩৬৫, ২৫ জুলাইঃ দেশৰ ১৪তম ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ কৰে ৰামনাথ কোৱিন্দে৷ নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ চেন্ট্ৰেল হলত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত মুখ্য ন্যায়াধীশে কোৱিন্দক শপত বাক্য পাঠ কৰোৱায়৷ দেশৰ ১৪তম ৰাষ্ট্ৰপতি হিচাবে কোবিন্দে শপত গ্ৰহণ কৰাৰ পিছত …