ৰঙিয়াত পাঁচ দুৰ্ধৰ্ষ ডকাইতক আটক

ৰঙিয়া, ৯ জুলাইঃ ৰঙিয়াত আৰক্ষীয়ে পাঁচ দুৰ্ধৰ্ষ ডকাইতক আটক কৰে।গুৱাহাটীলৈ ডকাইতিৰ উদ্দেশ্যে যোৱাৰ মুহূৰ্তত ৰঙিয়া আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি মৰাণজানাৰ পৰা ডকাইত কেইজনক আটক কৰে ।ধৃত ডকাইত কেইজন ৰঙিয়াৰ ধুহিৰ ইদুল আলী, ধন আলী, নিতুল দাস, আতিকুল আলী আৰু …

নাজিৰাত গ্ৰীষ্মকালীন নাট কৰ্মশালা

নাজিৰা, ৯ জুলাইঃ নাজিৰাৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান বহ্ণিমান আৰু দাপোণৰ যৌথ সহযোগত নাজিৰা নাট্যমন্দিৰ প্ৰাঙ্গনত গ্ৰীষ্ম কালীন নাট কৰ্মশালাৰ আয়োজন কৰা হৈছে। বিশিষ্ট নাট পৰিচালক তথা অভিনেতা মুকুল মিশ্ৰই কৰ্মশালাত সমল ব্যক্তি হিচাবে উপস্থিত থাকি নাট অভিনয়ৰ বিভিন্ন ধাৰণা, সংলাপ …

ৰাষ্ট্ৰীয় তাজ ৰংগ মহোৎসৱত বিশেষ সাফল্য  মাণিকপুৰৰ আকাশ গোষ্ঠীৰ

মাণিকপুৰ, ৯ জুলাইঃ  আগ্ৰাৰ সুদৰ্শন প্ৰেক্ষাগৃহত নটৰানঞ্জলি থিয়েটাৰৰ উদ্যোগত অলকা সিঙৰ নেতৃত্বত অনুষ্ঠিত হোৱা তাজ ৰংগ মহোৎসৱত বঙাইগাঁৱৰ মাণিকপুৰৰ আকাশ গোষ্ঠীয়ে বিশেষ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। নিন্টু ৰায়ৰ নেতৃত্বত আগ্ৰাত অংশ গ্ৰহণ কৰা মাণিকপুৰৰ আকাশ গোষ্ঠীয়ে মহোৎসৱত বিহু নৃত্য, …

সোণতলীত বেজৰ হাতত প্ৰাণ গ’ল কিশোৰীৰ

সোণতলী, ৯ জুলাইঃ ৰাজ্যত পুনৰ অন্ধবিশ্বাসৰ বলি হৈ কৰুণ মৃত্যুক সাৱতিবলগীয়া হ’ল এগৰাকী কিশোৰীয়ে৷ এই ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ সোণতলীৰ ৪নং মালীবাৰী পথাৰত। আব্দুল মান্নানৰ কন্যা তথা মালীবাৰী হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী হেলমিনা চুলতানাই বেজৰ চেকনিৰ কোব সহ্য কৰিব নোৱাৰি …

ৰাজহুৱা শিক্ষা ৰক্ষা কৰকঃএছ এফ আই

সৰভোগ,৮ জুলাইঃ চিপিআই(এম)ৰ সৰভোগ আঞ্চলিক সমিটিৰ কাৰ্যালয়ত এছ এফ আইৰ বৰপেটা জিলা সন্মিলন সৰভোগত অনুষ্ঠিত কৰাৰ কাৰণে এখন বিশেষ সাধাৰণ সভা অনুষ্ঠিত হয়। বিশিষ্ট শিক্ষাবিদ মনো ভূঞাৰ সভাপতিত্বত আৰম্ভ হোৱা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে সংগঠনটোৰ বৰপেটা জিলা  সমিতিৰ সম্পাদক মণ্ডলীৰ …

ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ দূৰৱস্থাঃ ১০ জুলাই’ত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

চৰাইদেউ, ৮ জুলাইঃ সম্প্ৰতি ৰাজ্যৰ ৩৭ নম্বৰ আৰু ৫২ নম্বৰকে ধৰি অন্যান্য মূল ৰাষ্ট্রীয় ঘাইপথ সমূহ জৰাজীৰ্ণ হৈ যাতায়তৰ অনুপযোগী হৈ পৰিছে। অসমৰ এই ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ দুৰৱস্থাই প্ৰকৃততে বিকাশ, উন্নয়ণ আৰু নিকা প্ৰশাসনৰ ঢাক-ঢোল বজাই থকা বিজেপি শাসিত কেন্দ্ৰীয় …

কাজিৰঙাৰ বানাক্ৰান্ত বন্যপ্ৰাণীৰ ওপৰত দ্ৰোণৰ দৃষ্টি

কাজিৰঙা, ৭ জুলাইঃ  বানৰ কৱলত ককবকাই থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা বন্যপ্ৰাণীৰ ওপৰত দৃষ্টি ৰাখিবলৈ উৰিল দ্ৰোণ। বানৰ কৱলত পৰা ৰাষ্টীয় উদ্যানখনত থকা বন্যপ্ৰাণী সুৰক্ষিত আছে নে নাই ইয়াৰ বাবে দ্ৰোণৰ সহায় লৈছে গোলাঘাট আৰক্ষী আৰু বনবিভাগে। উদ্যানখনৰ কঁহৰা, বাগৰি, …

সোণতলীত বানে উটুৱাই নিলে পথঃ গাঁঠিৰ ধনেৰে ৰাইজে নিৰ্মান কৰিলে বাঁহৰ সাঁকো

সোণতলী, ৭ জুলাইঃ দক্ষিণ কামৰূপৰ সোণতলীত বিধ্বস্ত যাতায়ত ব্যৱস্থা। জনপ্ৰতিনিধি নাইবা বিভাগীয় কৰ্তৃপক্ষৰ চূড়ান্ত গাফিলতিত ৰাইজে গাঁঠিৰ ধন খৰচ কৰি যাতায়ত সুবিধাৰ্থে নিৰ্মান কৰিলে বাঁহৰ সাঁকো। নগৰবেৰাৰ পৰা সোণতলী হৈ গুৱাহাটী লৈ যোৱা একমাত্ৰ পথটো নিৰ্মানৰ ছয়মাহ পিছতেই ভাঙি যায়৷ …

শিশুৰ চিকিৎসাৰ কাৰণে আৰ্থিক সাহাৰ্য্যৰ প্ৰয়োজন

ৰঙিয়া, ৮ জুলাইঃ ৰঙিয়াৰ দৰিদ্ৰ পৰিয়ালৰ এটি কনমানি শিশু। শিশুটোৱে উপযুক্ত চিকিৎসাৰ অভাৱত জীৱন-মৃত্যুৰে যুঁজিছে। শিশুটো নাম হিবজুল আলী। ৰঙিয়াৰ গোগমালাছাৰ দিন হাজিৰা কৰা শ্ৰমিক চাদেক আলীৰ পুত্ৰ। আঢ়ৈ বছৰীয়া হিবজুল আলী বৃক্ক ৰোগত আক্ৰান্ত। আৰ্থিক দীনতাৰে পিষ্ট দুখীয়া পৰিয়ালটোৱে …

গ্ৰেটাৰ তিতাবৰ পানীযোগান আঁচনিৰ তদন্তৰ দাবীত অৱস্থান ধৰ্মঘট

তিতাবৰ, ৭ জুলাইঃ এছিয়া মহাদেশৰ সৰ্ববৃহৎ পানীযোগান আঁচনি গ্ৰেটাৰ তিতাবৰ পানীযোগান আঁচনিৰ বৃহৎ কেলেংকাৰীৰ উচিত তদন্ত কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিতাবৰ আঞ্চলিক সমিতিয়ে দুইঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে। উল্লেখ্য যে, তিতাবৰৰ ভূ-গৰ্ভৰ পানীত বিষাক্ত আৰ্ছেনিক ধৰা পৰাৰ পিছত তদানীন্তন …