কুখ্যাত ডকাইতৰ দল বদং বাহিনী অৱশেষত পৰিল জালত

আমিনুৰ ৰহমান শিৱসাগৰ : শিৱসাগৰ আৰক্ষীৰ বৃহৎ সাফল্য। শিৱসাগৰ আৰক্ষীয়ে অৱশেষত জালত পেলাবলৈ সক্ষম হৈছে কুখ্যাত ডকাইতৰ দলক। কুখ্যাত ডকাইতৰ দল বদং বাহিনী অৱশেষত পৰিল শিৱসাগৰ আৰক্ষীৰ জালত। কেইবাটাও ডকাইতিকাণ্ডৰ লগত জড়িত ডকাইত কেইজন। শিৱসাগৰৰ কুখ্যাত ডকাইতৰ দল বদং বাহিনী …

মানকাচৰৰ নামঘৰৰ ৰূপালী জয়ন্তী উদযাপনৰ অভ্যৰ্থনা কমিটিৰ গঠন

মানকাচৰ : ২৫ বছৰ সম্পন্ন হ’ল মানকাচৰৰ নামঘৰ স্থাপনৰ। শংকৰী কলা-কৃষ্টিৰে মানকাচৰৰ নামঘৰৰ ৰূপালী জয়ন্তী উদযাপনৰ বাবে অভ্যৰ্থনা কমিটিৰ গঠন। অহা ৬, ৭ আৰু ৮ মে’ত তিনিদিনীয়া কাৰ্যসূচীৰে মানকাচৰৰ নামঘৰৰ ৰূপালী জয়ন্তী উদযাপনৰ সিদ্ধান্ত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব …

দেশৰ শীৰ্ষতম মহিলা ফুটবল লীগৰ বাবে সাজু গুৱাহাটী চিটী এফচি

গুৱাহাটী : অসমৰ সৰ্বপ্ৰথম ক্লাব হিচাপে ৰাষ্ট্ৰীয় মহিলা ক্লাব ফুটবল ক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ সাজু হৈছে গুৱাহাটী চিটী এফচি। দেশৰ শীৰ্ষতম মহিলা ফুটবল লীগ ইণ্ডিয়ান ৱিমেনছ লীগ চমুকৈ আইডব্লিউএলৰ কোৱালিফায়াৰ্ছত খেলিবলৈ ক্লাবৰ মহিলা দলটোৱে বিগত প্ৰায় এমাহৰ পৰা পূৰ্ণ প্ৰস্তুতি চলাইছে। …

যোৰহাটৰ ভোগদৈ নদীত দুজন যুৱকৰ সলিল সমাধি

যোৰহাট : ফাকুৱাৰ আনন্দ উল্লাহৰ মাজতে যোৰহাটত অঘটন। ফাকুৱা খেলি ভোগদৈ নদীত গা ধুৱলৈ যোৱা দুজন যুৱকৰ সলিল সমাধি। যুৱক দুজনৰ মৃতদেহ উদ্ধাৰ। ৰাজ্যজুৰি ফাকুৱাৰ আনন্দ উল্লাহৰ মাজতে যোৰহাট জিলাত সংঘটিত হৈছে এক কৰুণ ঘটনা। ফাকুৱা খেলি সমনীয়াৰ লগত ভোগদৈ …

মহানগৰীত গ্ৰেপ্তাৰ আলফা (স্বাধীন)ৰ সক্ৰিয় সদস্য

গুৱাহাটী : মহানগৰ আৰক্ষীৰ বৃহৎ সফল্য। মহানগৰীত আলফা (স্বাধীন)ৰ এজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মহানগৰ আৰক্ষী। শুকুৰবাৰে নিশা মহানগৰীৰ সাউকুচিৰ পৰা মহানগৰী আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাই গ্ৰেপ্তাৰ কৰে টুটু বৰা নামৰ আলফা (স্বাধীন)ৰ এজন সক্ৰিয় সদস্যক। মহানগৰ আৰক্ষীৰ …

গাড়ীগাঁৱৰ কিশোৰী ধর্ষণকাণ্ডৰ দুজন অভিযুক্ত গ্ৰেপ্তাৰ

গুৱাহাটী : গাড়ীগাঁৱৰ কিশোৰী ধর্ষণকাণ্ডৰ দুজন অভিযুক্ত গ্ৰেপ্তাৰ। মৰিগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্ত দুজনক। ধর্ষণকাণ্ডৰ লগত জড়িত পাঁচ অভিযুক্তৰ ভিতৰত মূল অভিযুক্তৰ ইতিমধ্যে মৃত্যু হৈছে আৰক্ষীৰ গুলীত। বৰ্তমানেও পলাতক অৱস্থাত আছে আন দুজন অভিযুক্ত। গাড়ীগাঁৱৰ এগৰাকী কিশোৰীৰ ধৰ্ষণৰ অভিযুক্ত …

সোণতলী বাছ আস্থানত নিশা বিধ্বংসী অগ্নিকাণ্ড

সোণতলী : দক্ষিণ কামৰূপৰ সোণতলী বাছ আস্থানত নিশা বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। বাছ আস্থানত ৰখাই থোৱা এখন বাছত নিশা প্ৰায় ১১:৩০ বজাত হঠাৎ সংঘটিত হয় অগ্নিকাণ্ড। দাওদাওকৈ জ্বলি উঠে নাৰ্গিছ নামৰ বাছখন৷ বাছখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়। স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন …

ছয়গাঁৱৰ মিলনপুৰত ১০০ টাকৈ দুষ্প্ৰাপ্য মৃত শগুণ উদ্ধাৰ

ছায়গাঁও : কামৰূপ জিলাৰ ছায়গাঁৱত কৰুণ ঘটনা। ছয়গাঁৱৰ মিলনপুৰত ১০০ টাকৈ দুষ্প্ৰাপ্য মৃত শগুণ উদ্ধাৰ। প্ৰথমবাৰৰ বাবে একেলগে ইমান সংখ্যক দুষ্প্ৰাপ্য শগুণৰ মৃত্যু হৈছে। বিষক্ৰিয়াৰ ফলত শগুণ কেইটাৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। অসুস্থ অৱস্থাত উদ্ধাৰ হৈছে বহু শগুণ। …

মহানগৰীত দুই সন্তানসহ প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই

গুৱাহাটী : গুৱাহাটী মহানগৰীত শোকাবহ দুর্ঘটনা। ফাকুৱাৰ দিনাই মহানগৰীত দুই সন্তানসহ প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই। ৰে’লৰ খুন্দাত দুই সন্তানসহ কৰুণ মৃত্যু ঘটে এগৰাকী মহিলাৰ। নিহত মহিলা গৰাকী হাজোৰ বাৰংহাতীৰ বুলি জানিব পৰা গৈছে। ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দৰ মাজতে মহানগৰী গুৱাহাটীত …

ক’ভিডসৃষ্ট পৰিৱেশ উন্নত হোৱাত ৰাজ্যজুৰি ফাকুৱাৰ ব্যাপক আয়োজন

গুৱাহাটী : ক’ভিডৰ আতংকময় পৰিৱেশ স্লান হোৱাৰ পিছতে সমগ্ৰ দেশৰ লগতে ৰঙৰ উৎসৱ ফাকুৱা উদযাপনক লৈ ৰাজ্যৰ উজনিৰ পৰা নামনিলৈকে সকলো মতলীয়া হৈ পৰা পৰিলক্ষিত হয়। ৰাজ্যৰ সৰ্বত্ৰে দৌল উৎসৱ উলহ মালহেৰে পালন কৰাৰ লগতে মহানগৰী গুৱাহাটীটো ৰাইজৰ মাজত ৰঙৰ …