মহিলা শ্ৰমিকৰ ঘৰত দুৰ্বৃত্তই নিশাৰ ভাগত অগ্নি সংযোগ কৰাৰ সন্দেহ

মানকাচৰ : মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ ঠাকৰাণবাৰীত এগৰাকী মহিলা শ্ৰমিকৰ ঘৰত দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ সন্দেহ। বিধ্বংসী অগ্নিকাণ্ড নগদ ধন, মাটিৰ নথি পত্ৰকৰ লগতে মহিলা শ্ৰমিক গৰাকীৰ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত। অসুস্থ স্বামী আৰু সন্তানসহ গৃহহীন হৈ পৰা মহিলা শ্ৰমিক গৰাকী সকলো …

বিশ্বনাথত ভয়ংকৰ অগ্নিকাণ্ড : ৰেষ্টুৰেণ্ট সম্পূৰ্ণৰূপে ভস্মীভূত

জোনমনি বেগম বিশ্বনাথ : বিশ্বনাথত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ৰেষ্টুৰেণ্টসহ এজন লোকৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপন কৰে। বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত বিশ্বনাথৰ বি জি ৰোডৰ কলেজ ৰোড তিনিআলিত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। …

মাজুলীত ক্ষোভৰ জুই : প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠী চালনা

মাজুলী : মাজুলীবাসী ক্ষোভত জ্বলিছে, প্ৰতিবাদ কৰিছে, পথ অৱৰোধ কৰিছে। আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠী চলনা কৰিছে। কেইবা শতাধিক মাজুলীবাসী ৰাইজ ওলাই আহি দলং নিৰ্মাণৰ দাবী জনায়। শতাধিক ছাত্ৰ-ছাত্ৰীয়ে পথৰ ওপৰত বহি প্ৰতিবাদ সাব্যস্ত কৰে। বুধবাৰে নিমাতিঘাটৰ ফেৰী দুর্ঘটনাৰ পিছতে বৃহস্পতিবাৰে …

নিমাতিঘাটৰ নাও দুর্ঘটনাস্থলী পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে

গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে যােৰহাট জিলাৰ নিমাতিঘাটৰ ওচৰত বুধবাৰে সংঘটিত হােৱা নাও দুর্ঘটনাস্থলী পৰিদৰ্শন কৰে আৰু এন ডি আৰ এফ তথা এছ ডি আৰ এফে চলােৱা উদ্ধাৰ কাৰ্যৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে এখন যন্ত্রচালিত নাৱত উঠি প্রায় …

বিশ্বনাথ মহকুমা বিদ্যালয় উপ-পৰিদৰ্শকৰ কাৰ্যালয়ত চুৰিকাণ্ড

জোনমণি বেগম বিশ্বনাথ : বিশ্বনাথ মহকুমা বিদ্যালয় উপ-পৰিদৰ্শকৰ কাৰ্যালয়ত সংঘটিত হৈছে চুৰিকাণ্ড। বৃহস্পতিবাৰে পুৱা দহ বজাত কাৰ্যালয়খনত কৰ্মচাৰী উপস্থিত হোৱাত পোহৰলৈ আহে চুৰিকাণ্ডৰ ঘটনা। মহকুমা উপ-পৰিদৰ্শক কৰুণা কান্ত ভট্টই জনোৱা মতে চুৰে কাৰ্যলয়খনৰ খিৰিকীৰ ৰড কাটি কাৰ্যায়লখনৰ ভিতৰত প্ৰৱেশ কৰি …

নিমাতিঘাটৰ ফেৰী দুৰ্ঘটনাত অসম জাতীয় পৰিষদৰ উদ্বেগ

গুৱাহাটী : নিমাতিঘাটত সংঘটিত হোৱা ফেৰী দুৰ্ঘটনাত উদ্বেগ আৰু দুখ প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিত কয় যে যিসকল লোক সন্ধানহীন হৈ আছে, তেওঁলোকক উদ্ধাৰৰ ক্ষেত্ৰত যাতে কোনো ত্ৰুটি ৰৈ …

নাও দুর্ঘটনা : ব্ৰহ্মপুত্ৰ নদীত শতাধিক যাত্ৰী ডুব যোৱাৰ সম্ভাৱনা

যোৰহাট : যোৰহাটৰ নিমাতিঘাটত দুখন ফেৰীৰ মাজত হোৱা সংঘৰ্ষত শতাধিক যাত্ৰী ব্ৰহ্মপুত্ৰ নদীত ডুব যোৱাৰ সম্ভাৱনা। নিমাতিঘাটৰ পৰা মাজুলী অভিমুখে আৰু মাজুলীৰ পৰা নিমাতিঘাট অভিমুখে আহি থকা ফেৰী দুখনৰ মাজত সংঘৰ্ষ।  যোৰহাট জিলাৰ নিমাতিঘাটত ব্ৰহ্মপুত্ৰ নদীত সংঘটিত হৈছে ভয়ংকৰ নাও …

বিশ্বনাথত পীযুষ হাজৰীকাৰ বিভিন্ন বিভাগৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ

জোনমনি বেগম বিশ্বনাথ চাৰিআলি : বিশ্বনাথ জিলাৰ ‘অভিভাৱক মন্ত্ৰী’ আৰু অসম চৰকাৰৰ জল সম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বুধবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এক বৈঠকত বিভিন্ন বিভাগৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বিশ্বনাথ চাৰিআলি আৰু গহপুৰ …

ভাৰতীয় জনতা পাৰ্টীৰ সাংসদৰ বাসগৃহত পেট্ৰ’ল বোমা নিক্ষেপ

নিউজ ডেস্ক : ভাৰতীয় জনতা পাৰ্টীৰ সাংসদৰ বাসগৃহত পেট্ৰ’ল বোমা নিক্ষেপ। ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ অৰ্জুন সিঙৰ বাসগৃহত পেট্ৰ’ল বোমা নিক্ষেপ। পশ্চিম বংগৰ ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ গৰাকীৰ বাসগৃত পেট্ৰ’ল বোমা নিক্ষেপ কৰা সময়ত সাংসদ গৰাকী আছিল দিল্লীত। ঘটনাক কেন্দ্ৰ …

অতি শীঘ্ৰে বিহালী বনাঞ্চল অভয়াৰণ্যৰ মৰ্যদা পোৱাটো নিশ্চিত

জোনমনি বেগম বিশ্বনাথ : জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ বিশ্বনাথ জিলাৰ বিহালী বনাঞ্চল পৰিদৰ্শন ৰাজ্যৰ মুখ্য বন্যপ্ৰাণী সংৰক্ষণ অধীক্ষক এম কে যাদৱৰ। বিহালী সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্তই যোৱা বিধানসভাৰ অধিবেশনত বিহালী বনাঞ্চলক লৈ এক প্ৰশ্ন উত্থাপন কৰি উক্ত বিষয়টো …