মূল্যবৃদ্ধিক লৈ মুখ্যমন্ত্ৰীৰ জৰুৰী বৈঠক

গুৱাহাটী ৪ নৱেম্বৰ যোগান মন্ত্ৰী সম্পূৰ্ণ বিফল, মূল্যবৃদ্ধি সন্দৰ্ভত যোগান মন্ত্ৰীৰ মুখত টুলুঙা মন্তব্য। আগুৱাই আহিল মুখ্যমন্ত্ৰী। মূল্যবৃদ্ধি ৰোধৰ বাবে সন্মুখৰ পৰা নেতৃত্বত ল’বলৈ সাজু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। অনুষ্ঠিত কৰিলে জৰুৰী বৈঠক। খাদ্য সমগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ জনতাক জলাকলা খুৱাই …

মূৰত পিষ্টল থৈ ডকাইতৰ দলে লুটি নিলে আঢৈ লাখ টকা

নৱজোতি বৰুৱা চামগুৰি ৪ নৱেম্বৰ নগাঁৱৰ চামগুৰিত দিনৰ পোহৰতে সংঘটিত হোৱা এক ডকাইতি কাণ্ডক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য।দুখন বাইকেৰে অহা চাৰি জনীয়া ডকাইতৰ দলে মূৰত পিষ্টল থৈ লুটি নিলে আঢৈ লাখ টকা ভৰ্তি বেগ। নগাঁও জিলাৰ চামগুৰিত বুধবাৰে দিনৰ ভাগত …

নুৰুল হুদাৰ প্ৰতিমূৰ্তি দাহ কৰিলে বিজেপি কৰ্মীয়ে

মুস্তাক আহমেদ জুৰীয়া ৪ নৱেম্বৰ ৰূপহীহাটত সূহৃদ আঁচনিৰ অনিয়মৰ বিৰুদ্ধে প্ৰতিবাদত। বিধায়ক নুৰুল হুদাৰ প্ৰতিমূৰ্তি দাহ কৰিলে বিজেপি কৰ্মীয়ে। নুৰুল হুদা মূর্দাবাদ, সূহৃদ আঁচনিৰ অনিযমৰ তদন্তৰ কৰক আদি শ্ল’গানেৰে উত্তাল হৈ পৰে ৰূপহী চাৰিআলিৰ মাজমজিয়া। ৰূপহীহাটৰ ৰূপহী চাৰিআলিৰ মাজমজিয়াত দাউ …

ৰাজপথত মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ৪ নৱেম্বৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি। খাদ্য সমগ্ৰীৰ বজাৰত জুই। মূল্যবৃদ্ধিকলৈ যোগান মন্ত্ৰীৰ টুলুঙা মন্তব্য। মূল্যবৃদ্ধি ৰোধৰ দাবী আৰু যোগান মন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে শিৱসাগৰত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ। ৰাজপথত দাহ কৰিলে …

গোৱালপাৰাৰ দৰিদ্ৰ পৰিয়াললৈ পকীঘৰ অবন্টন জামিয়া এডুকেচনেল চেৰিটেবল ট্ৰাষ্টৰ

গোৱালপাৰা  ৪ নৱেম্বৰ গোৱালপাৰা জিলাৰ ডাকাইদলত জামিয়া এডুকেচনেল চেৰিটেবল ট্ৰাষ্টৰ উদ্যোগত গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন। অতি দৰিদ্ৰ পৰিয়াললৈ পকীঘৰ প্ৰদানৰ উদ্দেশ্যে গৃহ নিৰ্মাণ আঁচনি ট্ৰাষ্টৰ। গোৱালপাৰা জিলাত মুঠ ৬০৫ টা পৰিয়াললৈ ট্ৰাষ্টৰ ফালৰ পৰা আবন্টন দিয়া হ’ব পকীঘৰ। এটি পকীঘৰ …

মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক

নিউজ ডেস্ক ৪ নৱেম্বৰ মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক। বুধবাৰে পুৱা মুম্বাই আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক তেওঁৰ মুম্বাইস্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে। ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক বুধবাৰে পুৱা মুম্বাই আৰক্ষীয়ে তেওঁৰ মুম্বাইস্থিত বাসগৃহত উপস্থিত …

বদৰুদ্দিন আজমলৰ সভাৰ পৰা পলাল কৰ’ণা ভাইৰাছ

আব্দুল বাশিদ সৰকাৰ হাটশিঙিমাৰী ৪ নৱেম্বৰ নিৰ্বাচন আহিল। কৰ’ণা পলাল নাই মাস্ক, নাই সামাজিক দূৰত্ব। মানকাচৰত বদৰুদ্দিন আজমলৰ নিৰ্বাচনী ৰণশিঙা। মানকাচৰত আমিনুল ইছলামৰ টিকট আনুষ্ঠানিকভাৱে ঘোষণা। বিশ্বজুৰি কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতে বদৰুদ্দিন আজমাৰ সভাৰ পৰা পলাল কৰ’ণা ভাইৰাছ …

মূল্যবৃদ্ধিকলৈ যোগান মন্ত্ৰীয়ে মুখ খুলিলে : মূল্যবৃদ্ধি হোৱা নাই, এতিয়া নিৰ্বাচনৰ সময়, আন্দোলনহে বৃদ্ধি পাইছে

গুৱাহাটী ৩ নৱেম্বৰ খাদ্য সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক। শুই থকা যোগান মন্ত্ৰীৰ টোপনি ভাঙিল। টোপনিৰ পৰা উঠিয়ে মূল্যবৃদ্ধিকলৈ যোগান মন্ত্ৰীয়ে দিলে টুলুঙা মন্তব্য। যোগান মন্ত্ৰীৰ মন্তব্য এতিয়া নিৰ্বাচনৰ সময়, নিৰ্বাচনৰ সময়ত বৃদ্ধি পায় আন্দোলন। সেইহে বিৰোধী দল …

তুলসীবিলৰ সামুহিক আত্মহত্যা কাণ্ডৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

গুৱাহাটী ৩ নৱেম্বৰ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ তুলসীবিলত আৰ্থিক সংকটৰ বাবে একেটা পৰিয়ালৰ পাঁচ গৰাকী সদস্যই সামুহিক ভাৱে আত্মহত্যা কৰা ঘটনা আৰু আৰ্থিক সংকটৰ বাবেই যোৰহাটৰ চেকনীধৰাত এগৰাকী ভাওনাৰ সাজপাৰ ব্যৱসায়ীয়ে আত্মহত্যা কৰা ঘটনাক লৈ গভীৰ শোক তথা উদ্বেগ প্ৰকাশ …

ড্ৰাগছ আসক্ত পুত্ৰই হত্যা কৰিলে পিতৃক

মুস্তাক আহমেদ জুৰীয়া ৩ নৱেম্বৰ জুৰীয়াত সংঘটিত হৈছে হৃদয় বিদাৰক ঘটনা। পিতৃক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা ড্ৰাগছ আসক্ত পুত্ৰৰ। ৰাইজে পিতৃ হত্যাকাৰীক ধৰি বান্ধি গতালে আৰক্ষীক। নগাঁও জিলাৰ জুৰীয়াত আধুনিক যুগৰ পৰশুৰামৰ কাণ্ডত স্তম্ভিত ৰাইজ৷ পিতৃক হত্যাকৰি আত্মহত্যৰ …