কংগ্ৰেছতকৈ বেছি মিছলীয়া বিজেপি : ইষ্টিফান লাক্ৰা

মীৰ জিয়াউৰ ৰহমান গোসাইগাঁও  ২৫ ছেপ্তেম্বৰ কংগ্ৰেছ চৰকাৰতকৈ বেছি মিছলীয়া বিজেপি চৰকাৰ। বিজেপিয়ে নিৰ্বাচনত জয়লাভ কৰিলে আদিবাসী সকলক জনজাতিকাৰণৰ মৰ্যাদা প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল কিন্তু বিজেপিৰ প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনলৈ ৰূপান্তৰিত হ’ল। বিজেপিক তীব্ৰ সমালোচনা আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ইষ্টিফান …

৫ কোটি টকাৰ ড্ৰাগছসহ তিনি যুৱক আৰক্ষীৰ জালত

ডিফু  ২৫ ছেপ্তেম্বৰ ৫ কোটি টকা মূল্যৰ ড্ৰাগছসহ তিনি যুৱক আৰক্ষীৰ জালত।ড্ৰাগছ বিৰোধী বিশেষ অভিযান চলাই মাঞ্জা আৰক্ষীয়ে লাভ কৰিলে বৃহৎ সাফল্য। কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত আৰক্ষীয়ে অধিক তীব্রতৰ কৰি তুলিছে ড্ৰাগছ বিৰোধী অভিযান। কাৰ্বি আংলং জিলাৰ মাঞ্জা …

ডেৰ শতাধিক পুৰুষ মহিলাৰ ইউপিপিএল আৰু জিএছপি দল ত্যাগ কৰি বিপিএফত যোগদান

মীৰ জিয়াউৰ ৰহমান গোসাইগাঁও  ২৫ ছেপ্টেম্বৰ কভিড-১৯ ৰ ভয়াবহতাৰ বাবে স্থগিত হৈ থকা বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ পৰবৰ্তি দিন ঠিক হোৱা নাই যদিও অব্যাহত আছে ৰাজনৈতিক কুচ-কাৱাজ৷ প্ৰতিটো ৰাজনৈতিক দলে নতুন সদস্য যোগদান অভিযান চলাই দলৰ ভেটি শক্তিশালি কৰাৰ সমান্তৰালভাৱে নিৰ্বাচনী …

২০২১’ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ দাবী সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ

ইমৰান আলীৰ সৈতে শ্বাহনৱাজ আহমেদ ডিব্ৰুগড়ৰ২ ৪ ছেপ্টেম্বৰ ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ আদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰাৰ দাবী সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ। আদিবাসী জনগোষ্ঠীৰ শৈক্ষিক, অৰ্থনৈতিক, সামাজিক আদিৰ দিশত উত্তৰণৰ স্বাৰ্থত জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীত ডিব্ৰুগড়ত …

স্বাস্থ্য বিভাগে কঠোৰ নিয়ম-নীতি বান্ধি বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰক : আমছু

মীৰ জিয়াউৰ ৰহমান গোসাইগাঁও ২৪ ছেপ্তেম্বৰ বি টি চিত বসবাস কৰা সংখ্যালঘু জনসাধাৰণৰ অৰ্থনৈতিক, সামাজিক, শৈক্ষিক , ৰাজনৈতিক, ভুমিৰ অধিকাৰকে ধৰি লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ লগত জড়িত ব্যক্তিক গ্ৰেপ্তাৰ কৰা, সংখ্যলঘু উন্নয়ন বৰ্ড গঠন কৰা আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ত সংখ্যালঘু ছাত্ৰ-ছাত্ৰী সকলৰ …

বকো বিধান সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ নকৰিলে পুণৰ কংগ্ৰেছৰ দখললৈ যাব বকো সমষ্টি : সুকুমাৰ বিশ্বাস

ফজলুৰ ৰহমান সোণতলী ২৪ ছেপ্টেম্বৰ আগন্তক ২০২১ বর্ষৰ বিধানসভাৰ নিৰ্বাচনকলৈ প্ৰতিটো ৰাজনৈতিক দলৰ সমান্তৰালে শাসকীয় বিজেপি দলেও বিধানসভা সমষ্টিসমূহত আৰম্ভ কৰিছে সমষ্টি দখলৰ ব্যাপক কুচকাৱাজ৷ বৰ্তমান কংগ্ৰেছৰ দখলত থকা দক্ষিণ কামৰূপৰ অনুসূচিত  জাতিৰ বাবে সংৰক্ষিত বকো সমষ্টি দখলৰ বাবে বিজেপিয়ে …

মহিলাৰ হাতৰ পৰা দিনদুপৰতে দুই বাইক আৰোহীয়ে লুটি নিলে ৫০ হাজাৰ টকা

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ  ২৪ ছেপ্টেম্বৰ শিৱসাগৰত পুণৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড৷ মহিলাৰ হাতৰ পৰা দিনদুপৰতে দুই বাইক আৰোহীয়ে লুটি নিলে ৫০ হাজাৰ টকা। শিৱসাগৰ আৰক্ষীৰ কঠোৰ নিৰপত্তাক ভেঙুচালী কৰি দিনদূপৰতে দুই দুৰ্বৃত্বই লুটি লৈ গ’ল …

অসম আৰক্ষীৰ উপ-পৰিদর্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কাণ্ড : বিজেপি নেতাৰ পৰা প্ৰাক্তন আৰক্ষী উপ-মহাপৰিদৰ্শকৰ নাম সাঙোৰ খাইছে

গুৱাহাটী ২৪ ছেপ্টেম্বৰ যোৱা ২০ ছেপ্তেম্বত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি গ্ৰেপ্তাৰ হৈছে জলসিঞ্চন বিভাগৰ কৰ্মচাৰী যুগনী ব্ৰহ্ম। যুগনী ব্ৰহ্ম গ্ৰেপ্তাৰ হোৱাৰ পিছতে এই ঘটনাৰ লগত জড়িত …

তীব্ৰ বেগী মেজিকৰ খুন্দাত থিতাতে নিহত দুই ছাত্ৰ

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ২৪ ছেপ্টেম্বৰ শিৱসাগৰত পুৱাই সংঘটিত হ’ল এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰ বেগী টাটা মেজিকৰ খুন্দাত থিতাতে নিহত হ’ল দুই ছাত্ৰ৷ শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আখৈফুটীয়া চাৰিআলিৰ সমীপৰ এছাৰ পেট্ৰল পাম্পৰ সন্মুখত সংঘটিত …

সুৰামত্ত ই-ৰিক্সা চালকৰ তাণ্ডৱ

কুন্দন ভৰালী নগাঁও ২৪ ছেপ্টেম্বৰ নগাঁও চহৰত সুৰামত্ত ই-ৰিক্সা চালকৰ তাণ্ডৱ। নিশা হয়বৰগাঁও অঞ্চলত বহুকেইখন বাহনত খুন্দা মাৰে সুৰামত্ত ই-ৰিক্সা চালকজন। ৰাইজে ঔ-কিল দি গতাই দিলে আৰক্ষীক। বুধবাৰে নিশা নগাঁও চহৰৰ মাজমজিয়া হয়বৰগাঁৱত এজন সুৰামত্ত ই-ৰিক্সা চালকে তাণ্ডৱৰ সৃষ্টি কৰে। …