উত্তৰ পূৰ্বাঞ্চলত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা ২০

গুৱাহাটী, সংবাদ ৩৬৫, ২ এপ্ৰিল : সমগ্ৰ দেশৰ লগতে উত্তৰ পূৰ্বাঞ্চলতো বৃদ্ধি পাইছে কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। ১৬ গৰাকীকৈ লোক আক্ৰান্তৰে তালিকাত অসম শীৰ্ষত থকাৰ পৰিবৰ্তে মণিপুনত আক্ৰান্তৰ সংখ্যা ২ গৰাকী, মিজোৰামত ১ গৰাকী আৰু অৰুণাচল প্ৰদেশত ১ …

বুধবাৰ নিশালৈ অসমত ১৩

গুৱাহাটী, সংবাদ ৩৬৫, ১ এপ্ৰিল: সমগ্ৰ বিশ্ব তথা ভাৰতৰ লগতে এতিয়া অসমৰ প্রান্তে প্রান্তে বিয়পিবলৈ ধৰিছে মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস। দুদিনৰ ভিতৰত ৰাজ্যত ১৩ জনকৈ লোকৰ শৰীৰত ধৰা পৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছ ইমান দিনে কভিড-১৯ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা …

অসমত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা ৫ লৈ বৃদ্ধি

গুৱাহাটী, সংবাদ ৩৬৫, ১ এপ্ৰিল : অসমত বৃদ্ধি পাবলৈ ধৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। মঙলবাৰে ১ জনৰ পৰা বুধবাৰে ৫ জনলৈ বৃদ্ধি পালে ৰাজ্যত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলত ঘোষণা কৰিলে …

ৰক্ষা নপৰিল অসম : কৰ’ণা ভাইৰাছ অসম পালে

কৰিমগঞ্জ, সংবাদ ৩৬৫, ৩১ মাৰ্চ : সমগ্ৰ বিশ্বতে সন্ত্ৰাস চলাই থকা কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা নপৰিল অসম। অৱশেষত মঙলবাৰে অসমত ধৰা পৰিল প্ৰথমটো কৰ’ণা ভাইৰাছ আক্রান্ত লোক। কৰিমগঞ্জ জিলাত ধৰা পৰিছে অসমৰ প্ৰথমজন কৰ’ণা ভছিৰাছ আক্রান্ত লোক। ভাৰতৰ অন্যান্য …

তলাবন্ধৰ সময়ত নৱগ্ৰহ মন্দিৰৰ বান্দৰ সকলৰ কেইটামান দৃশ্য

গুৱাহাটী, সংবাদ ৩৬৫, ৩১ মাৰ্চ: তলাবন্ধৰ ফলত মহানগৰীৰ নৱগ্ৰহ মন্দিৰত বন্ধ হৈ আছে পূজা-অৰ্চনা, মন্দিৰত নাই ভক্তৰ সমাগম। মন্দিৰৰ প্ৰসাদৰ ওপৰত নিৰ্ভৰশীল বান্দৰ সকলক খাদ্য যোগান ধৰিছে কেইজনমান লোকে। মানুহে যোগান ধৰা খাদ্য খাই থকা অৱস্থাত নৱগ্ৰহৰ বান্ধৰ সকল। ১) …

মহানগৰীত পথ দুৰ্ঘটনাত নিহত সাংবাদিক

গুৱাহাটী, সংবাদ ৩৬৫, ৩১ মাৰ্চ: তলাবন্ধৰ সময়তে গুৱাহাটী মহানগৰীত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত নিহত হয় উদীয়মান সাংবাদিক দিম্পী কাশ্যপ। নিশা কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতি যোৱাৰ সময়ত সংঘটিত হোৱা পথ দুৰ্ঘটনাত নিহত হয় সাংবাদিক গৰাকী। কভিড-১৯ কৰ’ণা ভছিৰাছৰ সংক্ৰমণৰ ৰোধ …

অসম আৰোগ্য নিধিৰ পুঁজিলৈ বুঢ়া জামে মছজিদ কমিটিৰ অনুদান

গুৱাহাটী, সংবাদ ৩৬৫, ৩০ মাৰ্চ : সমগ্র বিশ্বজুৰি বিভীষিকাৰ সৃষ্টি কৰা কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ আৰু অসমত যদি কোনো ব্যক্তি এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয় তেন্তে আক্রান্ত ব্যক্তিক উন্নত চিকিৎসাৰ বাবে অসম চৰকাৰে জৰুৰী ভিত্তিত গঠন কৰা ‘অসম আৰোগ্য নিধি’ৰ …

তলাবন্ধ : কি খাইছে নৱগ্ৰহ মন্দিৰৰ বান্দৰ সকল

গুৱাহাটী, সংবাদ ৩৬৫, ৩০ মাৰ্চ : বিশ্বৰ কেওবাখনো দেশৰ লগতে ভাৰততো কভিড-১৯ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে তলাবন্ধ। দেশজুৰি তলাবন্ধৰ এই সময়ত মানুহৰ লগতে সমস্যাৰ সন্মুখীন হৈ মানুহৰ ওপৰত নিৰ্ভৰশীল প্ৰাণী সমূহ। মানুহৰ ওপৰত নিৰ্ভৰশীল প্ৰাণী সমূহৰ ভিতৰত অন্যতম হৈছে …

তলাবন্ধৰ সময়ত দুখীয়া-দিন হাজিৰ কৰা লোকৰ কাষত এজন অধিবক্তা

দক্ষিণ শালমাৰা-মানকাচৰ, সংবাদ ৩৬৫, ৩০ মাৰ্চ : দুখীয়া, দিন হাজিৰ কৰি জীৱন নিৰ্বাহ কৰা লোকৰ কাষত থিয় দিছে দক্ষিণ শালমাৰাৰ এজন যুৱক। তলাবন্ধৰ সময়ত জিলাখনৰ দুখীয়া, দিন হাজিৰ কৰা লোক সকলক সকলো ধৰণৰ অত্যাৱশ্যকীয় সমগ্ৰী যোগ ধৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ …

তলাবন্ধই বন্যপ্ৰাণী সমূহক কিছু সকাহ প্ৰদান কৰিছে

গুৱাহাটী, সংবাদ ৩৬৫, ২৯ মাৰ্চ : বিশ্বৰ কেইবাখনো দেশত তলাবন্ধ কাৰ্যসূচী। ভাৰতবৰ্ষও যোৱা ২৪ মাৰ্চৰ পৰা পালন কৰিছে তলাবন্ধ কাৰ্যসূচী। তলাবন্ধৰ ফলত এফালে গৃহবন্দী হৈ অস্বস্তিত ভুগিছে মানৱ সমাজ, আনফালে এই তলাবন্ধুই বন্যপ্ৰাণী সমূহক প্ৰদান কৰিছে কিছু সকাহ। মানুহৰ দখলত …