লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আহিব পাৰে ভাবুকি : জলসম্পদ মন্ত্ৰীৰ নিৰীক্ষণ পশ্চিম গুৱাহাটী সমষ্টিৰ ব্ৰহ্মপুত্ৰ নদীৰ মঠাউৰি

গুৱাহাটী, সংবাদ ৩৬৫, ১৮ আগষ্ট : বানে সংহাৰী ৰূপ ধাৰন কৰি ব্ৰহ্মপুত্ৰই দেখুৱাইছিল কালৰূপ । মহানগৰীৰ ধাৰাপুৰৰ সমীপৰ মাজিৰিগাওঁত ব্ৰহ্মপুত্ৰই ছিঙিছিল ৰিঙবান্ধ যাৰ ফলত বুৰ গৈছিল এটি বৃহত্তৰ অঞ্চল । অঞ্চলটোৰ গাতে লাগি আছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ । …

মহানগৰীৰ লখৰাৰ পৰা সন্ধানহীন পলাশবাৰী নহিৰাৰ যুৱতী

গুৱাহাটী, সংবাদ ৩৬৫, ১৮ আগষ্ট : মহানগৰীৰ লখৰাৰ পৰা সন্ধানহীন এগৰাকী পলাশবাৰী নহিৰা দোকানীপাৰাৰ যুৱতী । পৰিয়ালৰ লোকে জনোৱা অনুসৰি নিৰলা কলিতা(৪০) নামৰ যুৱতীগৰাকী কৰ্মসুত্ৰে প্ৰায় ৯ বছৰ ধৰি গুৱাহাটীৰ লখৰা শেনমেলা গাওৰ পিতাম্বৰ দাসৰ ভাৰাঘৰত ভাৰাতীয়া হিচাপে থাকি লখৰাস্থিত …

শুভ উদ্বোধন কৰা হ’ল “গণশিল্পী খগেন মহন্ত উদ্যান”

গুৱাহাটী, সংবাদ ৩৬৫, ১৮ আগষ্ট : শনিবাৰে শুভ উদ্বোধন কৰা হ’ল “গণশিল্পী খগেন মহন্ত উদ্যান”। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গণশিল্পী তথা বিহু সম্ৰাটগৰাকীৰ জন্মদিনটোতে উদ্বোধন কৰা হয় উদ্যানখন। “গণশিল্পী খগেন মহন্ত উদ্যান”খন উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । উদ্যানখনৰ উদ্বোধনী অনুষ্ঠানত …

গুৱাহাটী বিশ্ববিদ্যালয় ছাত্র মুন তালুকদাৰৰ নেতৃত্বত বিনামূলীয়া গ্ৰন্থ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভণি

গুৱাহাটী, সংবাদ ৩৬৫, ১৮ আগষ্ট : ছাত্ৰ-ছাত্ৰীৰ মাজত গ্ৰন্থৰ জনপ্ৰিয়তা বৃদ্ধি কৰাৰ উদ্দেশ্যে যোগাযোগ আৰু সাংবাদিকতা বিভাগ,গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র মুন তালুকদাৰ নেতৃত্বত জালুকবাৰীৰ তেতেলীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত বিনামূলীয়া গ্ৰন্থ বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰে। উক্ত কাৰ্যসূচীত সহযোগিতা কৰে “জ্ঞান যাত্ৰা”ৰ সমন্বয়ক …

কলগাছিয়াৰ কালামপুৰত বেকী নদীৰ পানীত নামি ৰাইজৰ প্ৰতিবাদ : বেকী নদীত সন্ধানহীন হোৱা পাঁচ গৰাকী ব্যক্তিক প্ৰশাসনে উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱাত ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ

কলগাছিয়া, সংবাদ ৩৬৫, ১৮ আগষ্ট : প্ৰায় ছয়দিন ধৰি একেটা পৰিয়ালৰ ৫ জন লোক ক্ৰমে, আব্দুল ছামাদ (৫০), চায়েদ আলী (৪৮), একৰামুল হুছেইন (৭), ছানিয়াৰা খাতুন (৪) আৰু নাৰ্গীচ চুলতানা (৭) এতিয়াও সন্ধানহীন হৈ আছে । এছ ডি আৰ এফ …

তীৰৰ টিকত আৰু নগদ ধন সহ গ্ৰেপ্তাৰ দুই ধৃত : কুম্ভকৰ্ণ নিদ্ৰাত থকা বশিষ্ঠ আৰক্ষীয়ে নিজৰ দাগ গুচাবলৈ গ্ৰেপ্তাৰ কৰিছে নেকি দুই তীৰৰ ব্যৱসায়ীক ?

গুৱাহাটী, সংবাদ ৩৬৫, ১৭ আগষ্ট : মহানগৰীৰ বিভিন্ন স্থানত অবাধ হাৰত চলি আহিছে তীৰৰ খেল । দীৰ্ঘদিনৰ পৰা মহানগৰীৰ বশিষ্ঠৰ বঙালী বস্তিত দুই বুকীয়ে বিক্ৰী কৰি আছিল তীৰৰ টিকত। বশিষ্ঠ আৰক্ষী প্ৰহৰা চকীয়ে সন্ধিয়াৰ ভাগত অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুই …

জি এন আৰ চি হাস্পতালৰ অস্থিৰোগ বিভাগৰ মুৰব্বী ডাঃ অংকুৰ হাজৰিকাই সম্পূৰ্ণ কৰিলে অস্থিৰোগ বিভাগৰ মুঠ ৫০০০ অস্ত্ৰোপচাৰ

গুৱাহাটী, সংবাদ ৩৬৫, ১৭ আগষ্ট : মহানগৰীৰ ছয়মাইল স্থিত জি এন আৰ চি হাস্পতালৰ অস্থিৰোগ বিভাগৰ মুৰব্বী তথা মূখ্য পৰামৰ্শদাটা ডাঃ অংকুৰ হাজৰিকাই সম্পূৰ্ণ কৰিলে অস্থিৰোগ বিভাগৰ মুঠ ৫০০০তা অস্ত্ৰোপচাৰ । দুবছৰীয়া শিশুৰ পৰা ১০২ বছৰীয়া বৃদ্ধলোক পৰ্য্যন্ত সুকলমে অস্ত্ৰোপচাৰ …

আৰম্ভ হ’ল ভ্ৰাম্যমানৰ নাট্যযাত্ৰা : ২০১৯-২০ বৰ্ষৰ বাবে এতিয়া সাজু হৈছে ভ্ৰাম্যমান থিয়টাৰৰ দলসমূহ

গুৱাহাটী, সংবাদ ৩৬৫, ১৭ আগষ্ট : পুনৰ আৰম্ভ হ’ল ভ্ৰাম্যমানৰ নাট্যযাত্ৰা । ২০১৯-২০ বৰ্ষৰ বাবে এতিয়া সাজু হৈছে ভ্ৰাম্যমান থিয়েটাৰ দল । শনিবাৰে ২০১৯-২০ বৰ্ষটোৰ বাবে সাজু হ’ল ইতিহাস থিয়েটাৰ । যোৱানিশা আনুস্থানিকভাৱে বৰ্ষটোৰ বাবে নাট্যযাত্ৰাৰ শুভাৰম্ভণি ঘটিল ইতিহাস থিয়টাৰৰ …

অভি-নীলৰ স্মৃতিত আন্তঃৰাষ্ট্ৰীয় সন্তৰবিদ এলভিছ আলী হাজৰিকাৰ ৪০ কিলোমিটাৰযোৰা সাঁতোৰ সম্পন্ন

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৬ আগষ্ট : আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাটালেনা চেনেল সাঁতুৰি পাৰ হৈ অভিলেখ গঢ়িলে আন্তঃৰাষ্ট্ৰীয় সন্তৰবিদ এলভিছ আলি হাজৰিকাই । আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা কাটালেনা চেনেল সাঁতুৰি পাৰ হৈ মেক্সিকোলৈ মুঠ ৪০ কিলোমিটাৰ যোৰা এক সাঁতোৰ সম্পন্ন কৰে সন্তৰবিদ …

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অপেনাৰ ভি বি চন্দ্ৰশেখৰৰ আত্মহত্যা

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৬ আগষ্ট : ভি বি চন্দ্ৰশেখৰৰ আত্মহত্যা । চেন্নাইৰ নিজ বাসগৃহত বৃহস্পতিবাৰে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অপেনাৰ গৰাকীয়ে আত্মহত্যা কৰে । ৫৭ বছৰ বয়সত মৃত্যু হয় ক্ৰিকেটাৰগৰাকীৰ । মাইলাপোৰস্থিত বাসগৃহত চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ …