নীপকোৰ বানে বিধস্ত কৰাৰ পিছত শুৰ পোকে নিদ্ৰা হৰণ কৰিছে সৰুপথাৰৰ হেৰহেৰি গাঁৱৰ কৃষক সকলৰ

সৰুপথাৰ, সংবাদ ৩৬৫, ২৫ আগষ্ট: নীপকোৱে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত ধনশিৰি মহকুমাৰ দৈয়াং পৰীয়া অঞ্চল সমূহত যি ভয়ংকৰ বানৰ পানীৰ সৃষ্টি হৈছিল, সেই বানত হেৰহেৰি গাঁৱৰ ৰাইজৰো ঘৰ দুৱাৰ, কৃষি পথাৰৰ বিস্তৰ ক্ষতি সাধন হৈছিল। ধংস কৰি …

ফুলদানীত পৰিণত হৈছে ৰাজ্যৰ জনস্বাস্থ্য কাৰীকৰি বিভাগৰ পানী যোগান আঁচনি:মৰিগাৱৰ লাহৰীঘাটত হাহাকাৰ ৰাইজৰ

লাহৰীঘাট, সংবাদ ৩৬৫, ২৫ আগষ্ট: মৰিগাঁও জিলাৰ অতিকৈ বান বিধ্বস্ত অঞ্চল লাহৰীঘাট পানী যোগান আঁচনিটো ছয় বছৰ পূৰ্বে কেইবা কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা আঁচনিটোৰ পৰা আজিলৈকে এটুপি বিক্ষুদ্ধ খোৱা পানী নোলাল। ফলত অঞ্চলটোৰ প্ৰায় ৪০ খনতকৈও অধিক গাঁৱৰ …

নাজিৰাত গড়কাপ্তানী বিভাগৰে আলোচনাত মিলিত জাতীয় দল সংগঠন

নাজিৰা, সংবাদ ৩৬৫, ২৪ আগষ্ট: শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত গড়কাপ্তানী পথসমূহৰ অৱস্থা তথা সমস্যাৰ ওপৰত এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হৈ যায় । অতিৰিক্ত উপায়ুক্ত তথা নাজিৰাৰ মহকুমাধিপতি ৰাজীৱ থাপাৰ আহ্বানত গড়কাপ্তানি বিভাগৰে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰ সৈতে মহকুমাটোৰ পথৰ উন্নয়ন …

হৰিনামৰ ধ্বনিৰে মুখৰিত তেজপুৰৰ মিলনপুৰৰ বৰনামঘৰ: ভক্তৰ পদধূলাৰে উদুলি-মুদুলি নামঘৰত চৌহদ

তেজপুৰ, সংবাদ ৩৬৫, ২৪ আগষ্ট: ৰাজ্যৰ অন্যঠাই সমূহৰ লগতে শোনিতপুৰ জিলাৰ তেজপুৰৰ ঐতিহাসিক মহাপুৰুষ দুজনাৰ সৃষ্ট নামঘৰতো ভক্তপ্ৰাণ বৈষ্ণৱৰ লানি নিছিঙা ভিৰ। ভাদ মাহৰ পহিলা দিনটোৰ পৰাই সমগ্ৰ অসমতে আৰম্ভ হৈছে ভদীয়া নাম। ধূপ-চাকি, শৰাই-নৈবদ্যৰে অগনন ভক্তৰ ভিৰ পৰিলক্ষিত হল …

শুক্ৰবাৰে পুনৰ প্ৰতিবাদত উত্তাল নগাঁৱৰ শেতালি: দুদিনৰ ভিতৰত পথ মেৰামতিৰ অাশ্বাস ৰহা ৰাজহ চক্ৰ বিষয়াৰ

নগাঁও, সংবাদ ৩৬৫, ২৪ আগষ্ট: বৃহস্পতিবাৰে নিশা নগাঁৱৰ শেতালিত ডিমৌ – ৰাইডঙীয়া পথৰ দুৰৱস্থাৰ বাবে স্থানীয় ৰাইজ তথা কেইবা শ মহিলাই পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতো জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষ উপস্থিত নোহোৱাত শুক্ৰবাৰে পুনৰ ৰাস্তাত ভূঁই …

মৃত্যুদুতত পৰিনত ৰাষ্ট্ৰীয় ঘাইপথ : নিশা বঙৰাৰ দুৰ্ঘটনাই প্ৰান কাঢ়ি নিলে দুই যুৱকৰ

বঙৰা, সংবাদ ৩৬৫, ২৪ আগষ্ট: বৃহস্পতিবাৰে বঙৰাত নিশা ১ বজাত এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈ কৰুণ মৃত্যুক আঁকোৱালি লয় দক্ষিণ কামৰূপৰ বঙৰাৰ দুই নিৰিহ যুৱকে। গোৱালপাৰা-গুৱাহাটী ১৭ নং ৰাষ্ট্ৰীয় পথৰে সোনমনি নাথ(২৫) আৰু অপুৰ্ব শৰ্মা(২৬) নামৰ দুই যুৱকে স্কুটীৰে স্বগৃহ …

বঙৰা শংকৰদেৱ হাইস্কুলত নিশা ৪টাকৈ কম্পিউটাৰ চুৰি

পলাশবাৰী, সংবাদ ৩৬৫, ২৪ আগষ্ট: দক্ষিণ কামৰূপ পলাশবাৰী আৰক্ষী চকীৰ অন্তৰ্গত বঙৰাস্থিত শংকৰদেৱ হাইস্কুলত বৃহস্পতিবাৰে নিশা বিদ্যালয়খনৰ বিদ্যুৎ মিটাৰৰ তাৰ কাটি কম্পিউটাৰ ক্লাছৰূমৰ দুৱাৰ ভাঙি উদণ্ড চোৰে লুটি নিলে ৪টাকৈ কম্পিউটাৰ। উল্লেখ্য যে বিদ্যালয় খনত নাইট চকীদাৰৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই …

এজাক বৰষুণতে কৃত্ৰিম বানত বুৰ গল মহানগৰীৰ বিভিন্ন অঞ্চল

গুৱাহাটী, সংবাদ ৩৬৫, ২৪ আগষ্ট: এজাক বৰষুণতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মহানগৰীৰ ভিন ভিন অঞ্চল। কৃত্ৰিম বানত বুৰ গল মহানগৰীৰ জি এছ ৰোড, চান্দমাৰী, জু ৰোড, যোৰাবাট, বেলতলা, ছয়মাইল, পাঞ্জাৱৰী, অনিল নগৰ, নবীন নগৰ, আমবাৰী। জি এছ ৰোডত একাঠু কৃত্ৰিম …

নগাঁৱৰ শেতালিত নিশা কেইবা শতাধিক মহিলাৰ ৰাজপথ অৱৰোধ

নগাঁও, সংবাদ ৩৬৫, ২৪ আগষ্ট: নগাঁৱৰ শেতালিত বৃহস্পতিবাৰে নিশা কেইবা শতাধিক মহিলাই গৰকাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাস মূৰ্দাবাদ আদি শ্লোগানেৰে ডিমৌৰ ৰাজপথ উত্তাল কৰি তোলে। দীৰ্ঘদিন ধৰি ডিমৌ-ৰাইডংগীয়া সংযোগী গৰকাপ্তানী পথৰ ডিমৌৰ পৰা শেতালী চাৰিআলি পথছোৱাৰ …

বৰপেটাৰোডত প্ৰশাসনৰ উচ্ছেদ অভিযান

বৰপেটা, সংবাদ ৩৬৫, ২৩ আগষ্ট: বৃহস্পতিবাৰে বৰপেটাৰোড ৰেলৱে ষ্টেচনৰ কাষত বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনে উচ্ছেদ অভিযান চলায়৷।দীৰ্ঘদিন ধৰি ৰেলৱেৰ মাটিত অবৈধ ভাৱে ঘৰ সাজি বসবাস কৰা এশটা পৰিয়ালৰ লোক সকলক বৰনগৰ ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত উচ্ছেদ অভিযান চলায় ৰেল বিভাগে। বেদখলকাৰী …