ৰঙিয়াত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰীক্ষাত উত্তপ্ত পৰিস্থিতি

ৰঙিয়া, সংবাদ ৩৬৫, ২০ মেঃ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দেওবাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন পদৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। বিভাগৰটোৰ বিভিন্ন পদৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাত প্ৰশ্নকাকতৰ নাটনিক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পৰীক্ষাৰ্থী …

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বংশবৃক্ষত নাম অন্তৰ্ভুক্তৰ কৰাৰ বাবে ধন লৈ পঞ্চায়ত সচিব গ্ৰেপ্তাৰ

দৰং, সংবাদ ৩৬৫, ২০ মেঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বংশবৃক্ষত নাম অন্তৰ্ভুক্তৰ কৰাৰ বাবে ধন লৈ দৰং জিলাৰ মঙলদৈত এগৰাকী পঞ্চায়ত সচিব গ্ৰেপ্তাৰ হোৱা ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে দৰং জিলাৰ জলসম্পদ বিভাগৰ কাৰ্যালয়ত থকা এনআৰচি কেন্দ্ৰৰ বিষয়া তথা পুথিমাৰী …

বৰপেটা জিলাৰ কাদঙত কৃষকৰ মূৰত ৰামটাঙোন : চৰকাৰে বিনামূলীয়াকৈ যোগান ধৰা ধানত ওলোৱা নাই সিচ

কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ২০ মেঃ চৰকাৰে বিনামূলীয়াকৈ যোগান ধৰা বীজৰ বিধান ৰুই ৰাম টাঙোন খাব লগা হৈছে কৃষক। অসম চৰকাৰৰ কৃষি বিভাগে বিনামূলীয়াকৈ যোগান ধৰাৰ চিএইচআৰ ১৫ নামৰ ধানৰ বিধান ৰুই মূৰে কপালে হাত দিব লগীয়া হৈছে …

অভয়াপুৰীত শনিবাৰে হঠাৎ জ্বলি উঠিল এখন ট্ৰাক

বঙাইগাঁও, সংবাদ ৩৬৫, ২০ মেঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীত শনিবাৰে মাজনিশা হঠাৎ এখন ট্ৰাক জ্বলি উঠাত ৰাইজ আতংকিত হৈ পৰে। নিশা প্ৰায় ১২ বজাত অভয়াপুৰী বজাৰত এজন ট্ৰাকত অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱাত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে। এএছ-০১-ইচি-১৪৩৭ নম্বৰৰ …

বঙাইগাঁৱত মুন্নাভাই এমবিবিএছ কৰায়ত্ত

বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ২০ মেঃ বঙাইগাঁও জিলাৰ মায়াপুৰীৰ লক্ষী মেডিকেল নামৰ ফৰ্মাচী এখনত বিগত কেইবামাহ ধৰি চিকিৎসা প্ৰদান কৰি অহা ডা° ডি ভট্টাচাৰ্য্য নামৰ এজন লোকক আক্ৰাছুৱে কৰায়ত্ত কৰি আৰক্ষীক গোটাই দিয়ে৷ কলকতাৰ এইজন ভূৱা চিকিৎসকে বিগত সময়ত বঙাইগাঁৱত …

অভয়াপুৰীত কিশোৰীক গছত বান্ধি মাৰপিট কৰা ভিডিওকলৈ তীব্ৰ উত্তেজনা

বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ১৯ মেঃ চলিত বছৰৰ ৬ এপ্ৰিলত অভয়াপুৰী থানাৰ অন্তৰ্গত বাটাবাৰী গাঁৱৰ ৰামমন্দিৰ প্ৰাংগণত দীলিপ ৰায়ৰ কনমানি পুত্ৰ আৰু বাকলি নাথৰ পুত্ৰই ওমলি থাকোতে দুয়োটাৰ মাজত মাৰপিট লগত বাকলি নাথৰ জীয়ৰী তথা অষ্টম শ্ৰেণীৰ ছাত্ৰী মধুস্মিতা …

নলবাৰীত আছুৰ প্ৰতিবাদ

নলবাৰী, সংবাদ ৩৬৫, ১৯ মেঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শনিবাৰে নলবাৰীত আছুয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আছুয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখন দাহ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, অসম চৰকাৰ মূর্দাবাদ বিজেপি মূর্দাবাদ ধ্বনিৰে নলবাৰীত পৰিবেশ উত্তাল তোলে। নাগৰিকত্ব সংশোধনী বিধায়ক বাতিলৰ দাবী …

নদীত পৰি ককবকাইছে বনৰজা

মৰিয়নী, সংবাদ ৩৬৫, ১৯ মেঃ যোৰহাট জিলাৰ মৰিয়নীৰ কাকজান চাহ বাগিচাৰ মাজেৰে বৈ যোৱা কাকজান নদীত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ আবদ্ধ হৈ পৰে। বাগিচাখনৰ কেইজনমান ব্যক্তিয়ে কাকজান নৈত এটা আঘাতপ্ৰাপ্ত বাঘ পৰি থকা প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ বন বিভাগক খবৰ দিয়াত মৰিয়নী …

ৰাণীত বনবিভাগৰ অভিযানত জব্দ চোৰাংকাঠ ভৰ্তি ট্ৰাক

মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ১৯ মেঃ চোৰাং কাঠ বেপাৰীৰ ৰম্যভুমিত পৰিণত হোৱা ৰাণীত বনবিভাগে অভিযান চলাই এখন চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। পূৱ কামৰূপ সংমণ্ড বনবিভাগৰ এচিএফ ভাস্কৰ ডেকা আৰু প্ৰটেকচন স্কোৱাৰ্দ ৰেঞ্জাৰ অৰূপ কলিতাৰ নেতৃত্বত …

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত কলগাছিয়াত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ১৯ মেঃ নাগৰিকত্ব সংশোধনী বিধেয়ক  বাতিলৰ দাবীত শনিবাৰে বৰপেটা জিলাৰ কলগাছিয়াত কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ৰূপসী ব্লক কংগ্ৰেছৰ উদ্যোগত এই প্ৰতিবাদত অংশগ্ৰহণ কৰে বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মা আৰু জনীয়া বিধান সভা …