বুধবাৰে এবছৰ সম্পূৰ্ণ কৰিলে সংবাদ ৩৬৫

গুৱাহাটী, সংবাদ ৩৬৫, ১১ এপ্ৰিলঃ অসমীয়া আৰু হিন্দী ভাষাৰ নিউজ পৰ্টেল সংবাদ ৩৬৫ য়ে এবছৰ সম্পূৰ্ণ কৰিলে। সংবাদ ৩৬৫ ৰ এবছৰীয়া যাত্ৰা বুধবাৰে গুৱাহাটীৰ উলুবাৰীস্থিত কাৰ্যালয়ত সকলো কৰ্মকর্তাই একগোট হৈ উদযাপন কৰে। ২০১৭ চনৰ ১১ এপ্ৰিল তাৰিখে জন্মগ্ৰহণ কৰা সংবাদ …

এনআৰচি’ৰ লিগেচী ডাটা নোপোৱাৰ বাবেই ভীতিগ্ৰস্ত হৈ আত্মহত্যা ধুবুৰীৰ এগৰাকী মহিলাৰ

ধুবুৰী, সংবাদ ৩৬৫, ১১ এপ্ৰিলঃ ৰাজ্যত ৰাষ্ট্রীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ কাম পূৰ্ণ গতিত চলি থকা সময়তে এনআৰচি’ৰ বাবে প্ৰয়োজনীয় নথি পত্ৰ নথকাৰ বাবে ভীতিগ্ৰস্থ হৈছে বহু পৰিয়াল। ইতিমধ্যে এনআৰচি’ৰ বাবে প্ৰয়োজনীয় নথি পত্ৰ নথকাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেইবাজনো লোক আত্মহত্যাৰ পথ …

নাজিৰাত কৃষি প্ৰদৰ্শনীৰ উদ্বোধন

নাজিৰা, সংবাদ ৩৬৫, ১১ এপ্ৰিলঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিভিন্ন মহাবিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ ছাত্ৰী সকলে নাজিৰাৰ ৰহদৈপুখুৰীস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ শিৱসাগৰৰ জৰিয়তে ৰূপায়িত গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ অংশ হিচাপে মঙলবাৰে নাজিৰাৰ বাউলীমৈদাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত এখনি কৃষি প্ৰদৰ্শনী …

বিদেশতো পালন চিৰ বিনন্দীয়া হেঁপাহৰ বিহু

কাটাৰ, সংবাদ ৩৬৫, ১১ এপ্ৰিলঃ বাপতিসাহোন বহাগ বিহুলৈ মাজত মাথো দুটা দিন বাকী কিন্তু বিহুক লৈ প্ৰাণাৱন্ত হৈ উঠিছে প্ৰতিজন অসমীয়া। ৰাজ্যৰ লগতে বিদেশতো ঢোল পেঁপাৰে বিহু আদৰিছে প্ৰৱাসী অসমীয়াই। সাত সাগৰ তেৰ নদী সিপাৰে মৰুৰ দেশ কাটাৰতো উদযাপন হ’ল …

ৰঙীয়াত এটিএম’ৰ পৰা ওলাল ফটা নোট

ৰঙিয়া, সংবাদ ৩৬৫, ১০ এপ্ৰিলঃ ৰঙিয়াৰ এছবিআই বেংকৰ এটিএম’ৰ পৰা ওলাল ১১খনকৈ ২ হাজাৰ টকীয়া ফটা নোট। ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়ত থকা এটিএম’ৰ পৰা ফটা নোট ওলোৱাৰ পিছত এটিএমটো বন্ধ কৰি দিয়ে প্ৰশাসনে। মঙলবাৰে ৰঙিয়া মহকুমাধিপতি কাৰ্যলয়ত থকা এটিএমটোৰ পৰা কেইবাজনো …

বিহুৰ বতৰত অগণন লোকক মুহিছে বিদেশৰ এজন যুৱকৰ বিহুনাম

গুৱাহাটী, সংবাদ ৩৬৫, ১০ এপ্ৰিলঃ সাত সাগৰ তেৰ নদীৰ সিপাৰৰ এজন যুৱক৷ মুখত জাত জাত বিহুনামৰ অমিয়া লহৰ৷ বিহুৰ বতৰত অগণন লোকক মুহিছে বিদেশৰ এজন যুৱকে৷ নাম তেওঁৰ ইউনুছ ছিদ্দি৷ ঘৰ সুদূৰ আফ্ৰিকাত৷ বিহুৰ বতৰত সুমধুৰ সংগীতৰ লহৰেৰে ইউনুছে মন …

ঢোলত কোব মাৰিবলৈ সাজু প্ৰথম অসমীয়া মহিলা ঢুলীয়া ওজা পুণ্য প্ৰভা দত্ত তামুলী

টীয়কৰ পৰা নির্মলেন্দু পাঠক, সংবাদ ৩৬৫, ১০ এপ্ৰিলঃ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী। সমগ্ৰ ৰাজ্যবাসী এতিয়া ৰঙালী বিহুক আদৰিবলৈ প্ৰস্তুত। বিহুৰ দলসমূহৰ লগতে নাচনী সকলেও নিজ নিজ প্ৰদৰ্শন আগবঢ়াবলৈ ব্যস্ত হৈ পৰিছে অনুশীলনত। যোৰহাট জিলাৰ সাংস্কৃতিক প্ৰধান …

মধ্যাহ্ন ভোজনৰ পঁচি যোৱা চাউল ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ

কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ১০ এপ্ৰিলঃ চৰকাৰে ছাত্ৰ ছাত্ৰীৰ দুপৰীয়াৰ আহাৰ হিচাপে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰিছে যদিও সেয়া একাংশ প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ বাবে ভেকোভাওনাত পৰিণত হোৱা পৰিলক্ষিত হৈছে। বৰপেটা জিলাৰ কলগাছিয়াৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত …

মাহীয়েকৰ বেংক একাউণ্ট হেক কৰিলে ভাগিনে 

নলবাৰী, সংবাদ ৩৬৫, ১০ এপ্ৰিলঃ নলবাৰী জিলাত মাহীয়েকৰ বেংক একাউণ্ট হেক কৰি ভাগিনে টকা উলিয়াই নিয়াৰ এক ঘটনা সংঘটিত হৈছে। নলবাৰী জিলাৰ ৰাজনগৰৰ কুলজিত তালুকদাৰ নামৰ এজন যুৱকে টিহুত থকা মাহীয়েক চম্পা দাসৰ বেংক একাউন্ট কৌশলেৰে হেক কৰি ৬০ হাজাৰ টকা …

শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ বিয়োগোম বিত্তীয় কেলেংকাৰীৰ তদন্ত কৰিব চিআইডি’য়ে

গোলাঘাটৰ পৰা চেমিম আলী, সংবাদ ৩৬৫, ১০ এপ্ৰিলঃ গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ বিয়োগোম বিত্তীয় কেলেংকাৰীৰ তদন্তৰ ভাৰ অৰ্পণ কৰা হৈছে এইবাৰ চিআইডি’ক। নামঘৰ পুনৰ নিৰ্মাণৰ সময়ত চৰকাৰী পূঁজিৰ ব্যাপক অপব্যৱহাৰ আৰু আৱন্টিত পূঁজি আত্মসাৎ কৰা সন্দৰ্ভত ২০১৩ আৰু …