নিছান ইণ্ডিয়াৰ নিছান কানেক্ট মুকলি

গুৱাহাটী, ১১ আগষ্টঃ নিছান ইণ্ডিয়াই মুকলি কৰিলে নিছান কানেক্ট। নিছান কানেক্ট হৈছে তথ্য আৰু জনসংযোগৰ এক মঞ্চ যিয়ে উন্নত ড্রাইভিং অভিজ্ঞতাৰ বাবে গ্ৰাহকৰ স্মার্টফ’নক সংযুক্ত কৰে। ড্রাইভিঙক অধিক আত্মবিশ্বাসী, দক্ষ আৰু আনন্দময় কৰি তুলিবলৈ নিছনৰ ইণ্টেলিজেণ্ট মবিলিটীৰ উদ্দেশ্যৰ দ্বাৰা অনুপ্রাণিত …

বাঘবৰত বেকী নৈৰ সংহাৰঃ দুদিনত উছন ২০টা পৰিয়ালৰ ভেঁটি-মাটি

বাঘবৰ, ১১ আগষ্টঃ বৰপেটাৰ বাঘবৰত বেঁকী নদীৰ বাঢ়নী পানীয়ে কালৰূপ ধাৰণ কৰিছে৷ বেকী নদীৰ বাঢ়নী পানীয়ে নিশাৰ ভিতৰতে প্ৰায় ২০ খকৈ গাঁও জলমগ্ন কৰাৰ লগতে ব্যাপক খহনীয়াৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে, বেঁকী নৈৰ প্ৰৱল সোঁতে বাঘবৰৰ মৰাভাজ, সত্ৰকনৰা ১৪ …

জলমগ্ন জনীয়াৰ অৰ্ধ শতাধিক গাঁওঃ মাথাউৰিত আশ্ৰয় বানাক্ৰান্তৰ

কলগাছিয়া, ১১ আগষ্টঃ বিগত কেবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণ ফলত বিপদ সীমাৰ ওপৰেৰে বৈছে বৰপেটাৰ মাজেৰে বৈ যোৱা বেঁকী নৈ। বেঁকী নৈৰ বাঢ়নী পানীত বৰডাংগা, কামাৰপাৰা, লাচাংগা, ডাউকমাৰী, জনীয়া, কাদং, ছালেহকুৰাকে ধৰি প্ৰায় ৭০ খন গাঁও প্লাৱিত হৈছে। বানাক্ৰান্তই …

পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ মুখ্যমন্ত্রীৰ সাহাৰ্য্য পুঁজিলৈ সাহাৰ্য্য

গুৱাহাটী, ১০ আগষ্টঃ সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই সংস্থাৰ সদস্যসকলৰ দান-বৰঙণিৰে সংগ্ৰহ কৰা সৰ্বমুঠ ৭৫ হাজাৰ টকা মুখ্যমন্ত্রীৰ সাহাৰ্য্য পুঁজিলৈ আগবঢ়ায়। পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ এটা সঁজাতী দলে মুখ্যমন্ত্রী সর্বানন্দ সোনোৱালক সাক্ষাৎ কৰি এই পুঁজি প্ৰদান কৰে৷ …

ভাৰতত প্ৰকল্প সম্প্রসাৰণত ব্রীজ ষ্ট’নে বিনিয়োগ কৰিব ৩০৪.৩ মিলিয়ন মার্কিন ডলাৰ

গুৱাহাটী, ১০ জুলাইঃ বিশ্বৰ আগশাৰীৰ টায়াৰ আৰু ৰবৰ কোম্পানী ব্রীজষ্ট’ন কর্পোৰেছনৰ এটা গোট বীজষ্ট’ন ইণ্ডিয়া প্রাইভেট লিমিটেডে পুনে (ছাকান) আৰু ইন্দােৰ (খেদা)ৰ প্ৰকল্প সম্প্রসাৰণৰ বাবে ৩০৪.৩ মিলিয়ন মার্কিন ডলাৰ বিনিয়োগ কৰাৰ ঘোষণা কৰিছে। বীজষ্ট’ন ইণ্ডিয়া প্রাইভেট লিমিটেডে ২০১৭ চনৰ পৰা …

ৰঙিয়াত সমাজকৰ্মীক বেনামী পত্ৰৰে হত্যাৰ ভাবুকি

ৰঙিয়া, ১০ আগষ্টঃ ৰঙিয়াৰ জয়ন্তীপুৰ মলখাটৰ এজন সমাজকৰ্মীক বেনামী পত্ৰৰে হত্যাৰ ভাবুকি দিয়া ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে,  মুকুল আহমেদ নামৰ যুৱ সমাজকৰ্মীজনক কোনো অজ্ঞাত লোকে নিশা মৃত্যুৰ ভাবুকিৰে বেনামী পত্ৰ ঘৰত পেলাই থৈ যায়। পুৱা …

শক্তিহীন শক্তি বিভাগ, বিদ্যুৎ কৰ্মচাৰীৰ বাবে নাই নুন্যতম সুৰক্ষা ব্যৱস্থা

টিংখাং, ১০ আগষ্টঃ জনসাধাৰণক জীৱনৰ নিৰাপত্তা দিয়াত ব্যৰ্থ হোৱা ৰাজ্যৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলো এতিয়া চৰম অসুৰক্ষিত। অসম ৰাজ্যিক বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ বাবে নাই নুন্যতম সুৰক্ষা ব্যৱস্থা৷ যিকোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হ’ব পাৰে বিদ্যুৎ কৰ্মচাৰীসকল । অসম ৰাজ্যিক বিদ্যুৎ বিভাগৰ …

বিদ্ধস্ত পথ-দলঙত অতিষ্ঠ সোণতলীৰ ৰাঙ্গাপানী বাসিন্দা

সোণতলী, ১০ আগষ্টঃ দক্ষিণ কামৰূপৰ সোণতলীৰ ৰাঙ্গাপানীত বিদ্ধস্ত পথ-দলঙে সৰ্বসাধাৰণক যাতায়ত ক্ষেত্ৰত যমৰ-যাতনা ভোগাইছে৷ সোণতলী বজাৰৰ পৰা ৰাঙ্গাপানী বজাৰ সংযোগী পথছোৱাৰ ঠায়ে ঠায়ে পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাৰ লগতে বিধ্বস্ত দলঙে সম্প্ৰতি যাতায়ত ব্যৱস্থা প্ৰায় ব্যাহত কৰিছে৷ বিশেষকৈ ৰাঙ্গাপানী বজাৰৰ …

ৰঙিয়াত সন্তান সহ মাতৃ নিৰুৰ্দ্দেশ

ৰঙিয়া, ১০ আগষ্টঃ ৰঙিয়াৰ গোসাই শৌলমাৰীৰ পৰা বিগত তিনিদিন ধৰি সন্তান সহ এগৰাকী মাতৃ সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ততথ্য মতে, অনিথা এম এছে (২২) সোমবাৰে পুৱা পুত্ৰ আমিনুৰ আলীৰ চিকিৎসাৰ কাৰণে ঘৰৰ পৰা ওলাই যোৱাৰ …

ৰঙিয়াত ৰাজ্যিক ভিত্তিত ভাৰত ত্যাগ আন্দোলন দিৱস উদযাপন

ৰঙিয়া, ৯ আগষ্টঃ কামৰূপ আৰু ৰঙিয়া জিলা মুক্তি যুঁজাৰু সন্মিলিনৰ সৌজন্যত ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত ৰাজ্যিক ভিত্তিত ভাৰত ত্যাগ আন্দোলন দিৱস উদযাপন কৰা হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যপাল বানোৱাৰীলাল পুৰোহিত। প্ৰথমবাৰলৈ আয়োজিত ভাৰত ত্যাগ আন্দোলন দিৱসত ৰাজ্যপালগৰাকীয়ে স্বাধীনতা …