ধুবুৰী বিএড মহাবিদ্যালয়ত নামভৰ্তিৰ নামত গাফিলতি

হাটশিঙিমাৰী, ১১ ছেপ্টেম্বৰঃ ধুবুৰী বিএড মহাবিদ্যালয়ত নামভৰ্ত্তিৰ নামত ব্যাপক গাফিলতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ প্ৰৱেশ পৰীক্ষাত শূন্য পোৱা জনৰো নাম মেধা তালিকাৰ চতুৰ্থ নম্বৰত প্ৰকাশ কৰাৰ অভিযোগ কৰিছে মহাবিদ্যালয়খনৰ মেধা ছাত্ৰই। প্ৰাপ্ত তথ্য মতে, মহাবিদ্যালয়খনত এদিন মূৰে মূৰে পৰিবৰ্তন …

খিলঞ্জীয়াৰ অস্তিত্বৰ স্বাৰ্থত ভূমিপুত্ৰ জনগোষ্ঠীসমূহক ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান আলফাৰ যুদ্ধবিৰত নেতা জীতেন দত্তৰ

গুৱাহাটী, ১১ ছেপ্টেম্বৰঃ সাম্প্ৰতিক সময়ত ৰাজ্যব্যাপি অসমীয়া জাতিৰ বিৰুদ্ধাচৰণ কৰি বহিৰাগত বিদেশীৰ যি দপদপনি আৰম্ভ হৈছে, ইয়াক কেতিয়াও নিৰৱে সহ্য কৰা নহ’ব৷ প্ৰয়োজন হ’লে ৰাজ্যব্যাপি ইয়াৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কৰি হ’লেও বিদেশীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক বাধ্য কৰোৱা …

মাছ মাৰিবলৈ গৈ মৎস্য ভূতৰ কৱলত মোগল

কলগাছিয়া ১১ ছেপ্তেম্বৰঃ চিকিৎসা বিজ্ঞানৰ জয় যাত্ৰাত মৃত ব্যক্তিয়েও সন্তান জন্ম দিয়া সম্ভৱ হোৱা সময়ত এতিয়াও অন্ধ বিশ্বাসৰ কৰাল গ্ৰাসত অসমৰ একাংশ লোক। কলগাছিয়াৰ শওঁপুৰৰ মোগল হুছেইন নামৰ মাছমৰীয়াজনক ভূতে ধৰাৰ অন্ধবিশ্বাসৰ বলি হৈ সম্প্ৰতি বেজৰ বেজালিৰে বিভিন্ন ধৰণৰ চিকিৎসা …

আই আৰু মানাহ নদীৰ সংহাৰঃ বাঢ়নী পানীত জলমগ্ন অৰ্ধশতাধিক গাওঁ

মানিকপুৰ, ১১ ছেপ্টেম্বৰঃ বিগত তিনিটা দিনত নেৰানেপেৰা বৰষুণ ফলত বঙাইগাঁৱৰ আই আৰু মানাহ নদীৰ বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বাঢ়নী পানীয়ে মানিকপুৰৰ প্ৰায় ৩০ খনকৈ গাওঁ প্লাৱিত কৰাৰ লগতে মানাহ নদীৰ বাঢ়নী পানীয়ে প্ৰায় ২০ খনকৈ গাওঁ প্লাৱিত কৰিছে। …

ৰেনো ইণ্ডিয়াৰ মাই ৰেনো এপ’ মুকলি

গুৱাহাটী, ১১ ছেপ্তেম্বৰঃ ভাৰতৰ অন্যতম খৰতকীয়া অটোমোটিভ ব্ৰেণ্ড ৰেনোয়ে গ্ৰাহকৰ বাবে এটা ব্যৱহাৰকাৰী অনুকুল স্মাৰ্ট ফোন এপ্লিকেচন মাই ৰেনো এপৰ মুকলিৰ ঘোষণা কৰিছে। সকলো ৰেনো পৰিসৰৰ মটৰ গাড়ীত উপলব্ধ, মাই ৰেনো এপে ৬০টাকৈ অধিক সুবিধা গ্ৰাহকক প্ৰদান কৰিছে। এই সুবিধাসমূহে সামৰি …

অষ্টম কলগাছিয়া গ্ৰন্থমেলাৰ আয়োজনঃ স্মৃতিগ্ৰন্থৰ বাবে লেখনি আহ্বান

কলগাছিয়া, ১০ ছেপ্তেম্বৰঃ বৰপেটাৰ কলগাছিয়াত শিক্ষা, সাহিত্য আৰু বৌদ্ধিক বিকাশৰ উদ্দেশ্যে প্ৰত্যেক বছৰে আয়োজন কৰা কলগাছিয়া গ্ৰন্থমেলাখন অহা ১২ অক্টোবৰৰ পৰা ৭ দিনীয়া কাৰ্যসূচীৰে কলগাছিয়া ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ’ব৷ কলগাছিয়াৰ ফখৰুদ্দিন আলি আহমেদ সংহতি ভৱনত জনীয়া সমষ্টিৰ বিধায়ক আব্দুল খালেকৰ …

উত্তৰ পূৱ সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ ডিগবৈ শাখা সমিতি গঠন

গুৱাহাটী, ১১ ছেপ্টেম্বৰঃ উত্তৰ পূৱ সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ উদ্যোগত ডিগবৈৰ জাতীয়  বিদ্যালয়ত কবি, সাহিত্যিকসকলৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ সভাখনত সভাপতিত্ব কৰে উত্তৰ পূৱ সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ধনীৰাম কোঁৱৰে৷ সভাত ডিগবৈৰ বিভিন্ন প্ৰান্তৰ শতাধিক নবীন-প্ৰবীণ …

ৰাজ্যজুৰি গুণোৎসৱ আয়োজনঃ নগাঁও কুঢ়িমাৰী বিদ্যালয়ত নাই পৰ্য্যাপ্ত শিক্ষক শিক্ষয়িত্ৰী, আন্তঃগাঁঠনিৰ উন্নয়ন

কামপুৰ, ১১ ছেপ্টেম্বৰঃ শিক্ষা বিভাগৰ উন্নয়নৰ কথাৰে দম্ভালি মৰা শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা বিভাগৰ প্ৰকৃততে উন্নয়নৰ ছবিখন উদঙাইছে নগাঁও কঠিয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত কুঢ়িমাৰী মজলীয়া বিদ্যালয়ে৷ উল্লেখ্য যে, বৰ্তমান ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ ব্যাপক প্ৰস্তুতি চলিছে। বিদ্যালয়ৰ গুণগত মানদণ্ড নিৰূপণৰ কাৰণে …

দক্ষিণ কামৰূপ ২৫তম ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ

মিৰ্জা, ১০ ছেপ্টেম্বৰঃ ৰাজ্যিক শিশুবিজ্ঞান সমাৰোহৰ উদ্যোগত  দক্ষিণ কামৰূপ মহাবিদ্যালয়ত ২৫তম ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহখন অনুষ্ঠিত কৰা হয়। বহনক্ষম উন্নয়নৰ বাবে বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু উদ্ভাৱন শীৰ্ষক এই শিশুবিজ্ঞান সমাৰোহত কামৰূপ জিলাৰ ৪৭ খন বিদ্যালয়ৰ প্ৰায় ৩৫০ জন শিশুবিজ্ঞানীয়ে অংশগ্ৰহণ কৰে। শিশুবিজ্ঞানীসকলে নিজে পৰীক্ষা-নিৰীক্ষা কৰি …

ভাৰতৰ সৰ্ববৃহৎ ফিটনেছ ৰিয়েলিটি শ্ব ফিটনেছ লীগ অৱ ইণ্ডিয়া আয়োজন

গুৱাহাটী, ১০ ছেপ্তেম্বৰঃ দেশৰ জনপ্ৰিয় ফিটনেছ পৰামৰ্শদাতা তৰুণ গীল আৰু ৰণবিজয় সিং সিংহই আজি গুৱাহাটীত আয়োজিত এক সংবাদত ভাৰতৰ সৰ্ববৃহৎ ফিটনেছ ৰিয়েলিটি শ্ব’ৰ আয়োজনৰ কথা ঘোষণা কৰে৷ ফিটনেছ লীগ অৱ ইণ্ডিয়া শীৰ্ষক এই প্ৰতিযোগিতাত সমগ্ৰ ভাৰতৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব।প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীক পুৰস্কাৰ …