খাৰবাল্লীত গৰাখহনীয়াৰ কালৰূপঃ নৱনিৰ্মিত মথাউৰিসহ উছন ১৫টা পৰিয়ালৰ ভেঁটি-মাটি

কলগাছিয়া, ২৪ জুলাইঃ বানপানীৰ পিছত গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে কলগাছিয়াৰ খাৰবাল্লীত৷ জনীয়া সমষ্টিৰ সোঁমাজেৰে বৈ যোৱা বেকী নৈৰ সুঁতিৰ বিধ্বংসী গৰাখহনীয়াই বাৰিষাৰ আগে আগে দহ লক্ষাধিক টকা ব্যয় কৰি নিৰ্মাণ কৰা মথাউৰিটো উটুৱাই নিয়ে৷ এই গৰাখহনীয়াত অঞ্চলটোৰ ১৫ পৰিয়ালৰ ভেটি-মাটি …

টিংখাঙত জিঅ’ বেগ আঁচনিৰ ৰূপায়নত দুৰ্নীতি

টিংখাং, ২৪ জুলাইঃ বান আৰু গৰাখহনীয়াই সংহাৰী ৰূপ ধাৰণ বহু অঞ্চললৈ ভাবুকি কঢ়িয়াই অনাৰ সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৰাখহনীয়া ৰোধৰ নামত সংঘটিত হৈছে ব্যাপক কেলেংকাৰী। ডিব্ৰুগড়ৰ টিংখাং বিধান সভাৰ সমষ্টিৰ অধীনস্থ আঘোণীবাৰীত বুঢ়ীদিহিং নদীৰ খহনীয়া ৰোধৰ নামত বহুৱা জিঅ’ বেগ …

ভূঁই ৰােপণ কৰি মুখ্যমন্ত্রীয়ে শুভাৰম্ভ কৰিলে শাওণৰ হাউৰি অনুষ্ঠান

দিছপুৰ, ২১ জুলাইঃ অসমীয়া জাতিৰ অস্তিত্ব আৰু সংস্কৃতি কেঁচা মাটিতে আছে। কেঁচা মাটিতে আমাৰ কৃষি, কৃষ্টি, সংস্কৃতিৰ বিকাশ সাধন হৈছে। সেইবাবে এই গুণ সম্পন্ন আৰু উৰ্বৰা মাটিতে কৃষিৰ উৎপাদন বৃদ্ধিৰ জৰিয়তে গ্ৰাম্য অর্থনীতিৰ শক্তিশালী বুনিয়াদ গঢ় দিব লাগিব। তেতিয়াহে ৰাজ্যখনে সকলো …

পলাশবাৰীত আৰক্ষীৰ অভিযানঃ ২০হাজাৰৰো অধিক বিদেশী সুৰা জব্দ

গুৱাহাটী, ২১ জুলাইঃ কামৰূপ জিলাৰ পলাশবাৰী আৰক্ষী থানাই নিশা পলাশবাৰী বজাৰৰ বিভিন্ন স্থানত লগতে পলাশবাৰী ৰাসস্থলী প্ৰাংগনত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই বিশ হাজাৰ টকাৰো অধিক বিদেশী সুৰা জব্দ কৰে৷ পলাশবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হেম শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে চলোৱা …

মুকালমুৱাত চোৰাং চাউল জব্দ   

মুকালমুৱা, ২১ জুলাইঃ মুকালমুৱা আৰক্ষী আৰু এটা সাংবাদিকৰ দলে মাজনিশা পৃথকে পৃথকে অভিযান চলাই ৮০ কুইন্টল চোৰাং চাউল জব্দ কৰিবলৈ সক্ষম হয়৷ প্ৰাপ্ত তথ্য অনুসৰি, মুকালমুৱা আৰক্ষী আৰু সাংবাদিকৰ দলে গোপন সূত্ৰৰ ভিত্তিত নিশা প্ৰায় ১২ বজাত অভিযান চলাই মুকালমুৱাৰ …

সোণতলী দুটাকৈ শিশুৰ সলিল সমাধি

সোণতলী, ২১ জুলাইঃ দক্ষিণ কামৰূপৰ সোণতলীত দুটাকৈ শিশু পানীত পৰি কৰুণ মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যক সৃষ্টি কৰিছে৷ সোণতলীৰ উত্তৰ মাহতলীৰ ইছমাইল আলীৰ দুই বছৰীয়া পুত্ৰ ৰাব্বুল আলী পুৱা প্ৰায় ৬ বজাত ঘৰৰ ওচৰৰে খালত পৰি কৰুণ মৃত্যুক আকোঁৱালি …

কলগাছিয়াত হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা শহুৰ পৰিয়ালৰ

কলগাছিয়া ২১ জুলাইঃ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত চৰ দাৱনদীয়াত এজন ব্যক্তিক হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰাত অঞ্চলজুৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি, নিশা শহুৰেকৰ ঘৰলৈ অহা শ্বাহজান আলী নামৰ ব্যক্তিজনৰ মৃতদেহ পুৱা ঘৰৰ পিছফালৰ বাঁহনিৰ মাজত চিপ …

বিদ্যুৎ বিভাগৰ মৰণফাণ্ডঃ বিদ্যালয়ৰ সমীপতে উন্মুক্ত ট্ৰেন্সফৰ্মাৰ

বৰহাট, ২১ জুলাইঃ চৰাইদেউৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত মিছাজানৰ অনাঠবন্ধু প্ৰাথমিক বিদ্যালয় আৰু সংহত শিশু উন্নয়ন সেৱা কেন্দ্ৰৰ কাষত বিদ্যুৎ বিভাগে স্থাপন কৰা উন্মুক্ত ২৫০ কিল’ৱাট সম্পন্ন ট্ৰেন্সফৰ্মাৰটোৱে প্ৰাণৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। মুকলিভাৱে মাটিতে স্থাপন কৰা ট্ৰেন্সফৰ্মাৰটোৰ পৰা যিকোনো …

টিংখাঙৰ এছিয়াৰ দ্বিতীয় বৃহৎ মুগা চোমনি ধ্বংসৰ দিশত

টিংখাঙৰ পৰা দেৱজিৎ গগৈ, ২০ জুলাইঃ মুগাৰ চাহিদা বৰ্তমান বিশ্বৰ প্ৰান্তে প্ৰান্তে বিয়পি পৰিছে। সোণালী সূতা উৎপাদনকাৰী মুগা অসমৰ একচেটিয়া সম্পদ আৰু ডিব্ৰুগড়ৰ টিংখাঙৰ মাহমৰা বহুমুখী মুগা ফাৰ্মখন এছিয়া মহাদেশৰ ভিতৰতে দ্বিতীয় বৃহৎ মুগা চোমনি৷ কিন্তু অসম চৰকাৰৰ উদাসীনতাৰ বাবেই …

উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰলৈ বিশ্বৰ সবাতোকৈ সৰু পেচমেকাৰ সংস্থাপন

গুৱাহাটী, ২০ জুলাইঃ গুৱাহাটীস্থিত হায়াট হস্পিতালৰ হৃদৰোগ বিশেষজ্ঞ ডাঃ চিন্ময় মজুমদাৰে উত্তৰ-পূৰ্বাঞ্চলত পোন প্ৰথমবাৰৰ বাবে বিশ্বৰ সবাতোকৈ সৰু পেচমেকাৰ সফলতাৰে সংস্থাপন কৰাৰ ঘোষণা কৰে৷ এই পেচমেকাৰটো সচৰাচৰ পৰিচিত পেচমেকাৰৰ দহভাগৰ এভাগ আৰু ই আমেৰিকাৰ ফুড আৰু ড্ৰাগ এডমিনিষ্ট্ৰেশ্যনৰ দ্বাৰা অনুমোদিত৷ …