মূখ্যমন্ত্ৰীৰ সমষ্টিত অসম পুলিছৰ গুণ্ডাগিৰি

মাজুলী,২২ মেঃ বনগাঁও চাৰিআলিৰ এজন ব্যৱসায়ীক স্থানীয় আৰক্ষী থানাৰ বেটিলিয়ানে আক্ৰমণ কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি ক্ষোভৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য অনুহৰি, দুদু গায়ন নামৰ ব্যৱসায়ীজনক তেওঁৰ দোকানৰ ভিতৰতে বনগাঁও আৰক্ষী চকীৰ দুই আৰক্ষী বেটিলিয়ান বোধেশ্বৰ দাস  আৰু তপন বসুমতাৰীয়ে মাৰধৰ কৰে৷ …

মাজুলীত ভুৱা চহীৰে জৱকাৰ্ড শ্ৰমিকৰ টকা আত্মসাৎ

মাজুলী, ২২ মেঃ মুখ্যমন্ত্ৰী সমষ্টি মাজুলীৰ গাঁও পঞ্চায়তসমূহত এনৰেগা আঁচনিৰ নামত চলিছে ব্যাপক লুণ্ঠন। জৱকাৰ্ড শ্ৰমিকসকলক অন্ধকাৰত ৰাখি পঞ্চায়ত সমূহৰ একাংশ  দুৰ্নীতিগ্ৰস্ত সভাপতি, ৱাৰ্ড মেম্বাৰ আৰু চু এচ পিয়ে  আত্মসাৎ কৰিছে উন্নয়নৰ পুঁজিৰ। শেহতিয়াকৈ মাজুলী দক্ষিনপাট গাঁও পঞ্চায়তত সংঘটিত হৈছে …

ইণ্টাৰনেটৰ গতি বৃদ্ধি কৰিবলৈ উপগ্রহ উৎক্ষেপন

নতুন দিল্লী, ২২ মেঃ অচিৰেই ভাৰতবাসীয়েও বিশ্বৰ অন্যান্য দেশৰ দৰেই পাব ইণ্টাৰনেটৰ গতি৷ দেশত ইণ্টাৰনেটৰ গতি বৃদ্ধি কৰাৰ উদ্দেশ্যে অহা ১৮ মাহৰ ভিতৰত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰ’) তিনিটাকৈ কৃত্রিম উপগ্রহ উৎক্ষেপণ কৰিব। ইছৰ’ৰ অধ্যক্ষ কিৰণ কুমাৰে প্ৰকাশ কৰা মতে ইয়াৰে …

পথ নিৰ্মাণত দুৰ্নীতি

সোণতলী, ২২মেঃ কেন্দ্ৰীয়-ৰাজ্য চৰকাৰে বাট-পথ নিৰ্মাণ তথা মেৰামতিৰ নামত প্ৰতি বছৰে কোটি কোটি টকা ব্যয় কৰি আহিছে যদিও ৰাজ্যৰ অধিকাংশ বাট-পথ এতিয়াও জৰাজীৰ্ণ৷ চৰকাৰে অনুমোদন  জনালেও নিৰ্মাণৰ কাম আধৰুৱা হৈ আছে ৰাজ্যৰ একাংশ বাট-পথ ৷ তাৰেই জলন্ত উদাহৰণ দক্ষিণ কামৰূপৰ …

মাজুলীৰ জুনিয়ৰ কলেজক শীঘ্ৰে প্ৰাদেশিকীকৰণৰ আহ্বান

মাজুলী, ২২ মেঃ মাজুলীৰ মাজৰ দেউৰী গাঁৱত স্থাপন কৰা উত্তৰ-পূব মাজুলী ট্ৰাইবেল জুনিয়ৰ কলেজখন শীঘ্ৰে প্ৰাদেশিকীকৰণৰ কাৰণে যাৱতীয় পদক্ষেপ গ্ৰহণৰ আহ্বান জনাইছে দেউৰী ষষ্ঠ অনুসূচি দাবী সমিতিয়ে৷ সমিতিৰ প্ৰধান সম্পাদক সুমন দেউৰীয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত কয় …

আমচাংত মৃত্যুৰে যুঁজিছে এটা দতাঁল হাতীয়ে

সোণাপুৰ, ২২ মেঃ সোণাপুৰৰ আমচাং অভয়াৰণ্যত জলাশয়ত আবদ্ধ হৈ মৃত্যুৰে যুঁজিছে এটা দতাঁল হাতীয়ে৷ বিগত চাৰিদিন ধৰি জলাশয়ত আবদ্ধ হৈ আছে দতাঁল হাতীটো৷ হাতীটো উদ্ধাৰৰ কাৰণে আজি বন-বিভাগে অভিযান চলাইছে যদিও বৰ্ত্তমানলৈ হাতীটো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ উল্লেখ্য যে, …

ৰঙিয়াৰ আইটিআই কলেজত প্ৰতিবাদ

ৰঙিয়া, ২২মেঃ ৰঙিয়া আইটিআই কলেজত উত্তাল প্ৰতিবাদ। এবছৰ পূৰ্বে সম্পূৰ্ণ হোৱা ৰঙিয়া তুলসীবাৰীস্থিত আইটিআই কলেজখন বৰ্তমানলৈ মুকলি নোহোৱাত স্থানীয় ৰাইজৰ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ তলা বন্ধ কলেজখনৰ সন্মুখত স্থানীয় ৰাইজে শীঘ্ৰে কলেজখন আৰম্ভ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰ বিৰোধী …

মাছৰ পোনা উৎপাদন-মাছ পালনেৰে স্বাৱলম্বী যুৱক

আজিজুল হক, মানিকপুৰ, ২২ মেঃ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত কোকিলা মৌলভীপাৰাৰ শিক্ষিত যুৱক মনিৰুল ইছলামে থলুৱা প্ৰজাতিৰ ৰৌ, মিৰিকা, ভকুৱা, পুঠি, গ্ৰাছকাপ, ছিলভাৰকাপ, ভাটা, কালকুনি, কমলকাপ, কুৰি আদি প্ৰজাতিৰ মাছৰ পোনা উৎপাদন কৰাৰ লগতে মীন পালনৰ জৰিয়তে স্বাৱলম্বী …

২৯ মে’ৰ পৰা বন্ধ হ’ব অলা-উবেৰৰ চলাচল

গুৱাহাটী, ২১ মেঃ অহা ২৯ মে’ৰ পৰা নচলে অলা-উবেৰৰ কেৱ ৷ অলা-উবেৰৰ বঞ্চনাৰ প্ৰতিবাদত ২৯ মে’ৰ পৰা ৭২ ঘন্টীয়া অলা-উবেৰৰ কেৱ চলাচল বন্ধৰ ঘোষনা কৰিছে সদৌ গুৱাহাটী কেব মালিক-চালক সন্থাই৷ গুৱাহাটীৰ হেঙেৰাবাৰীত এক সংবাদমেলৰ আয়োজন কৰি সদৌ গুৱাহাটী কেৱ মালিক-চালক সন্থাই এই …

আজিৰ নিয়োগ বাৰ্তা

অসম লোকসেৱা আয়োগৰ জৰিয়তে সহকাৰী অভিযন্তা আৰু শিক্ষা বিষয়াৰ মুঠ ৩২টা পদত নিযুক্তি আৱেদনৰ অন্তিম তাৰিখঃ ৩০ মে’ সবিশেষ যোগাযোগঃ www.apsc.nic.in   ভাৰত চৰকাৰৰ অধীনস্থ পৱনহংসত শিক্ষা নবিচৰ মুঠ ২৮টা পদত নিযুক্তি আৱেদনৰ অন্তিম তাৰিখঃ ৩০ মে’ সবিশেষ যোগাযোগঃ www.pawanhans.co.in …