ভাৰতত প্ৰৱেশ কৰা তিনি বাংলাদেশীক আটক কৰিলে বিএছএফে

কোচবিহাৰ : অবৈধভাৱে ভাৰতৰ প্ৰৱেশ কৰা তিনিজনকৈ বাংলাদেশী নাগৰিকক আটক কৰিলে বিএছএফে। কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি ভাৰতত অবৈধভাৱে প্ৰৱেশৰ চেষ্টা চলাইছিল তিনি বাংলাদেশী নাগৰিকে। বিএছএফে আটক কৰি তিনিওজন বাংলাদেশী নাগৰিকক গতাই দিয়ে বাংলাদেশ গাৰ্ড বৰ্ডাৰৰ হাতত। চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ …

মুখ্য নিৰ্বাচনী আয়ুক্তক সাক্ষাৎ প্ৰদেশ কংগ্ৰেছৰ সজাতি দলৰ

গুৱাহাটী : ৰাজ্যিক মুখ্য নিৰ্বাচনী আয়ুক্তক সাক্ষাৎ কৰিলে প্ৰদেশ কংগ্ৰেছৰ এটা সজাতি দলে। প্ৰদেশ কংগ্ৰেছৰ সজাতি দলটোত কংগ্ৰেছৰ দলৰ কেইবাগৰকী নেতাৰ লগতে উপস্থিত থাকে ২০২১ ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ দলৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰা মনজিত মহন্ত আৰু অসীমা বৰদলৈ। বৃহস্পতিবাৰে …

ধলপুৰত নিহত লোকৰ ওপৰত আক্ৰমণ চলোৱা যুৱক গ্ৰেপ্তাৰ

চিপাঝাৰ : এক আমনৱীয় আৰু লোমহৰ্ষক ভিডিঅ’ই দেশজুৰি সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। এজন নিহত লোকৰৰ ওপৰত এজন যুৱক জপিয়াই পৰা ভিডিঅ’ই উত্তাল কৰি তুলিছিল ৰাজ্য। অৱশেষত নিহত লোকক আক্ৰমণৰ কৰা যুৱকজন গ্ৰেপ্তাৰ হ’ল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে আৰক্ষীয়ে …

উচ্ছেদ অভিযানত আৰক্ষীৰ গুলী চালনাক গৰিহণা কংগ্ৰেছ আৰু জাতীয় পৰিষদৰ

গুৱাহাটী : অসম চৰকাৰে চিপাঝাৰৰ গৰুখুটী ধলপুৰত চলোৱা উচ্ছেদ অভিযানত আৰক্ষীয়ে গুলী চলনা কৰা ঘটনাক বৰ্বৰ আখ্যা দিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই। আৰক্ষীৰ গুলী চালনাক তীব্ৰ ভাষাৰে গৰিহণা জনাই অসম প্ৰদেশ কংগ্রেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ …

আশ্রফুল হুছেইনে টুইট কৰা এটা ভিডিঅ’কলৈ দেশজুৰি প্ৰতিক্ৰিয়া

গুৱাহাটী : আশ্রফুল হুছেইনে টুইট কৰা এটা ভিডিঅ’কলৈ দেশজুৰি প্ৰতিক্ৰিয়া। চেঙা সমষ্টিৰ এআইইউডিএফ দলৰ বিধায়ক আশ্রফুল হুছেইনে বৃহস্পতিবাৰে টুইটযোগে প্ৰকাশ কৰিছিল এক ভিডিঅ’। এই ভিডিঅ’ই এতিয়া সমগ্ৰ দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বৃহস্পতিবাৰে দৰং জিলাৰ ছিপাঝাৰৰ অন্তৰ্গত গৰুখুটিত প্ৰশাসনৰ উচ্ছেদ …

পথ দুৰ্ঘটনাত আহত সাতজনকৈ বিবাহযাত্ৰী, এজনৰ অৱস্থা সংকটজনক

হাটশিঙিমাৰী : হাটশিঙিমাৰীৰ সুখচৰ-শান্তিপুৰত পথত সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা। এই ভয়ংকৰ পথ দুৰ্ঘটনাত আহত হয় সাতজনকৈ বিবাহযাত্ৰী। এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানাৰ অন্তৰ্গত শান্তিপুৰ গাঁৱত বৃহস্পতিবাৰে পুৱাৰ ভাগত বিবাহযাত্ৰী কঢ়িয়াই নিয়া …

আৰক্ষীৰ ওপৰত শিলা বর্ষণ, আৰক্ষীৰ গুলী চালনাত নিহত দুজন

ছিপাঝাৰ : আৰক্ষীৰ ওপৰত শিলা বর্ষণৰ ফলত আহত ১১ জনকৈ আৰক্ষীৰ লোক। প্ৰত্যুত্তৰত আৰক্ষীৰ গুলী চালনাত নিহত দুজন লোক। ছিপাঝাৰৰ গৰুখুটিত উচ্ছেদ অভিযান ভয়াবহ ৰূপ ধাৰণ কৰিছে। আৰক্ষী আৰু বেদখলকাৰীৰ মাজৰ সংঘাত নিয়ন্ত্ৰণহীন হৈ পৰিছে। বৃহস্পতিবাৰে দৰং জিলাৰ ছিপাঝাৰৰ অন্তৰ্গত …

আনৰ নথি পত্ৰৰে গাঁও পঞ্চায়তৰ উপ-সভাপতিয়ে উলিয়ালে ঋণ

ৰূপহীহাট : জুৰীয়াৰ গৰৈমাৰী পাম গাঁৱত পুৱাৰ ভাগতে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। দগাঁও- ধিংগাঁও গাঁও পঞ্চায়তৰ উপ-সভাপতিৰ বাসগৃহ ঘেৰাও কৰি ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আনৰ নথি পত্ৰ ব্যৱহাৰ কৰি লাখ লাখ টকা ঋণ লোৱাৰ অভিযোগ গাঁও পঞ্চায়তৰ উপ-সভাপতিৰ …

আৰক্ষী-বিএছএফৰ গুলীকো কেৰেপ নকৰে গৰু সৰবৰাহকাৰীয়ে

মানকাচৰ : আৰক্ষী-বিএছএফৰ গুলীকো কেৰেপ নকৰে গৰু সৰবৰাহকাৰীয়ে। কিছুদিন পূৰ্বে বিএছএফৰ গুলীত এজন গৰু সৰবৰাহকাৰী নিহত হোৱাৰ পিছতো মানকাচৰত অব্যাহত আছে গৰুৰ সৰবৰাহ। মানকাচৰত পুনৰ দুদিনত আৰক্ষী আৰু বিএছএফৰ অভিযানত জব্দ ১১ টাকৈ পশুধন। কিছুদিন পূৰ্বে মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফৰ …

পোষণ মাহ উপেলক্ষ গৰ্ভৱতী মহিলা আৰু শিশুৰ বাবে থলুৱা খাদ্যৰ প্ৰদৰ্শনী

দক্ষিণ শালমাৰা : পোষণ মাহ উপেলক্ষ গৰ্ভৱতী মহিলা আৰু শিশুৰ বাবে থলুৱা খাদ্যৰ বিশেষ প্ৰদৰ্শনী। বিভিন্ন থলুৱা খাদ্য, শাক-পাচলি, ফল-মূলৰ লগতে জনগোষ্ঠীয় খাদ্যৰ প্ৰদৰ্শনী। গৰ্ভৱতী মহিলা সকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই বিভিন্ন পুষ্টিকৰ খাদ্য খবলৈ দিয়া হয় প্ৰদৰ্শনীত। দক্ষিণ শালমাৰা-মানকাচৰ …