বন বিভাগৰ আশীৰ্বাদত লাওঁখোৱ বুঢ়াচাপৰি অভয়াৰণ্যত মাছমৰীয়াৰ দপদপনি

ৰূপহীহাট ২০ ডিচেম্বৰ বন বিভাগৰ আশীৰ্বাদত লাওঁখোৱ বুঢ়াচাপৰি অভয়াৰণ্যত মাছমৰীয়াৰ দপদপনি। বন বিভাগৰ চকুৰ সন্মুখতে অভয়াৰণ্যখনত থকা জলাশয় সমূহত চলিছে মাছৰ নিধন। সাংবাদিকৰ কেমেৰাত বন্দী হয় মাছ নিধনৰ দৃশ্য কিন্ত চকুত নপৰে বন বিভাগৰ। নগাঁও জিলাৰ লাওঁখোৱা বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য। …

দুৰ্গ অক্ষুন্ন ৰখাৰ যুঁজত কংগ্ৰেছ

ফজলুৰ ৰহমানৰ সোণতলী ২০ ডিচেম্বৰ দুৰ্গ অক্ষুন্ন ৰখাৰ যুঁজ আৰম্ভ কংগ্ৰেছ দলৰ। বিধানসভা নিৰ্বাচনৰ দিন যিমানে চমু চাপিছে সিমানেই কংগ্ৰেছৰ দল তৎপৰ হৈছে নিজৰ দুৰ্গ সমূহ ৰক্ষা কৰাৰ বাবে। কংগ্ৰেছ দলৰ অন্যতম দুৰ্গ ছয়গাঁও সমষ্টিখন যাতে এইবাৰ হাতৰ পৰা ওলাই …

অনুৰাধা শৰ্মা পূজাৰী, ডঃ দিব্যজ্যোতি শইকীয়াকে আদি কৰি ১৪ গৰাকী ব্যক্তিলৈ দিছপুৰ প্ৰেছ ক্লাবৰ ২০২০ বৰ্ষৰ বঁটা প্ৰদান

গুৱাহাটী ২০ ডিচেম্বৰ দিছপুৰ প্ৰেছ ক্লাবৰ পঞ্চম বৰ্ষপূৰ্তি উদযাপন উপলক্ষে ৰাজ্যেৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে দেওবাৰে বিভিন্ন শিতানত ১৪ গৰাকী ব্যক্তিলৈ বঁটা প্ৰদান। অনুৰাধা শৰ্মা পূজাৰীক “শ্ৰেষ্ঠ সম্পাদক বঁটা ২০২০” আৰু ডঃ দিব্যজ্যোতি শইকীয়াক “শ্ৰেষ্ঠ মানৱতা ২০২০ বঁটা” …

বজালীত পহুমাৰা নৈৰ বান আৰু খহনীয়া প্ৰতিৰোধৰ দুখন আঁচনিৰ কামৰ শুভাৰম্ভ কৰিলে উপায়ুক্ত‌ই

আজিজুল হক বৰপেটা ২০ ডিচেম্বৰ বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই বজালী মহকুমাৰ হুকাৰটুপ আৰু কলৰগুৰিত পহুমাৰা নৈৰ বান আৰু খহনীয়াৰ ৰোধৰ বাবে জল সম্পদ বিভাগৰ দ্বাৰা ৰূপায়ন কৰা দুখন আঁচনিৰ কামৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। ৰাজ্যিক দুৰ্যোগ সহাৰি পুঁজিৰ আঢ়ৈ কোটি …

চালকক বিষাক্ত দ্ৰব্য খুৱাই গাড়ী লৈ উধাও চোৰৰ দল

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ২০ ডিচেম্বৰ শিৱসাগৰত গাড়ী চোৰৰ দলৰ ভয়ংকৰ কাণ্ড৷ গাড়ী চোৰৰ দলৰ হাতৰ পৰা কথমপি প্ৰাণ ৰক্ষা এজন গাড়ী চালকৰ৷ হত্যাৰ উদেশ্যে বিষাক্ত দ্ৰব্য খোৱাই পেলাই থৈ গ’ল গাড়ী চালক জনক৷ বগীবিললৈ ভাড়া লৈ …

“কা” ৰ বিৰুদ্ধে পুণৰ সৰ্ববৃহত আন্দোলনৰ প্ৰস্তুতি

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ১৯ ডিচেম্বৰ শিৱসাগৰত কৃষক মুক্তি সংগ্রাম সমিতিকে ধৰি ৭০ টা সংগঠনৰ গুৰুত্বপুৰ্ণ সংবাদমেল৷ “কা” ৰ বিৰুদ্ধে পুণৰ সৰ্ববৃহত আন্দোলনৰ প্ৰস্তুতি। এইবাৰ সৰ্ববৃহত পৰ্যায়ত আন্দোলন চলাই নিয়াৰ ঘোষণা। বিজেপি আৰু আৰ এছ এছক উৎখাত …

জালুকবাৰীত ভয়াবহ অগ্নিকাণ্ডত জাহ গ’ল ৫০ টাকৈ বাসগৃহ

গুৱাহাটী  ১৯ ডিচেম্বৰ মহানগৰীৰ জালুকবাৰীত শনিবাৰে পুৱানসংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড। এই ভয়াবহ অগ্নিকাণ্ডত জাহ যায় ৫০ টাকৈ বাসগৃহ। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও ছিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। পুৱাৰ ভাগত …

নগাঁৱত জব্দ লক্ষাধিক টকাৰ নিচাজাতীয় ঔষধ

কুন্দন ভৰালী নগাঁও ১৯ ডিচেম্বৰ নগাঁৱত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। শুকুৰবাৰে মাজনিশা নগাঁও আৰক্ষীয়ে পুনৰ ড্ৰাগছ বিৰোধী অভিযান চলাই জব্দ কৰিলে লক্ষাধিক টকাৰ নিচাজাতীয় ঔষধ। বিগত সময়ছোৱাত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই নগাঁৱৰ বিভিন্ন অঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ …

দৰ্পন’ৰ উদ্যোগত বঁটা বিতৰণী অনুষ্ঠান

গুৱাহাটী ১৮ ডিচেম্বৰ ‘দৰ্পন’ৰ উদ্যোগত বঁটা বিতৰণী অনুষ্ঠান। গুৱাহাটীৰ শিল্পগ্ৰামত অনুষ্ঠিত হয় বঁটা বিতৰণী অনুষ্ঠান। সমাজ সেৱাৰ লগত জড়িত কেইবাগৰাকী ব্যক্তিক প্ৰদান কৰা হয় বঁটা। ১৯৮৩ চনৰে পৰা সামাজিক সংগঠন ‘দৰ্পন’ জড়িত হৈ আছে বিভিন্ন সামাজিক কৰ্মৰ লগত। বৃহস্পতিবাৰে মহানগৰীৰ …

হোজাইত আজমল ফাউণ্ডেশ্যনৰ কম্বল বিতৰণ কাৰ্যসুচী

হোজাই ১৮ ডিচেম্বৰ হোজাইত আজমল ফাউণ্ডেশ্যনৰ কম্বল বিতৰণ কাৰ্যসুচী। আজমল ফাউণ্ডেশ্যনে হোজাই দেশবন্ধু বিদ্যাপীঠত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে ৫০০ টা দৰিদ্ৰ পৰিয়ালক বিতৰণ কৰে একোখনকৈ উন্নত মানৰ কম্বল৷ কম্বল বিতৰনী কাৰ্যসূচীত আজমল ফাউণ্ডেশ্যনৰ মুখ্য ন্যাসৰক্ষী তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন …