দক্ষিন কামৰূপৰ সোণতলীৰ ডেকাচাঙত অসম মিঞা অসমীয়া পৰিষদৰ দ্বাৰা কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

সোণতলীৰ পৰা ফজলুৰ ৰহমান, সংবাদ ৩৬৫, ১৫ জুন : সদ্যঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হোৱা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনায় অসম মিঞা অসমীয়া পৰিষদে। সোমাবাৰে দক্ষিন কামৰূপৰ সোণতলীৰ ডেকাচাংস্থিত ড০ এ পি জে আব্দুল কালাম‌‌ একাডেমিত আয়োজন …

আত্মহত্যা কৰিলে অভিনেতা সুশান্ত সিং ৰাজপুত

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৪ জুন : হিন্দী ছবি জগতৰ পৰা আহিছে পুনৰ এক দুখজনক খবৰ। জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ খবৰে সকলোকে আচৰিত কৰি তুলিছে। অভিনেতা গৰাকীয়ে চিপলৈ আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে। এটাৰ পিছত আনটো বেয়া …

বৰহাট পানবাৰীত অবাধ গতিত অবৈধ শিলখনন

চৰাইদেউৰ পৰা সুৰেণ বুঢ়াগোঁ‌হাই, সংবাদ ৩৬৫, ১৪ জুন : চৰাইদেউ জিলাৰ বৰহাট আঞ্চলিক বন বিষয়া কাৰ্যলয়ৰ অন্তৰ্গত পানবাৰী খণ্ড বন কাৰ্যলয়ৰ সমীপৰ পানবাৰীৰ দিচাং নদীত অবাধ গতিত অবৈধ ভাবে শিলৰ খনন কাৰ্য অব্যাহত আছে। অবৈধ শিলখননৰ ফলত অচিৰেই পানবাৰী প্ৰাথমিক …

নিশাৰ ভিতৰতে অন্তৰ্ধান চৰকাৰী কার্যলায়

বঙাইগাঁৱৰ পৰা কুমাৰ ৰাহুল দাস, সংবাদ ৩৬৫, ১৪ জুন : নিশাৰ ভিতৰতে অন্তৰ্ধান হ’ল এটা চৰকাৰী কাৰ্যালয়। চৰকাৰী গৃহ এৰি সংগোপনে ভাড়া ঘৰলৈ স্থানান্তৰ সমাজ কল্যান বিভাগৰ সৃজনগ্ৰামৰ শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়। কার্যলায় স্থানান্তৰকলৈ প্ৰকল্প বিষয়াৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ …

আজমলৰ সমষ্টিতে খহিছে এ আই ইউ ডি এফ

গৌৰীপুৰৰ পৰা আনিছুৰ আলী, সংবাদ ৩৬৫, ১৩ জুন : এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ সমষ্টিতে খহিছে এ আই ইউ ডি এফ। আগন্ত ২০২১ চনৰ বিধানসভা নিৰ্বাচন পূৰ্বেই আজমলৰ সমষ্টিৰ পৰা এ আই ইউ ডি এফৰ বাবে আহিছে …

মৰেল পুলিচৰ ৰূপত শিক্ষক

বঙাইগাঁৱৰ পৰা কুমাৰ ৰাহুল দাস, সংবাদ ৩৬৫, ১৩ জুন : বঙাইগাঁও জিলাৰ হৰিৰচৰত মৰেল পুলিচৰ ৰূপত এজন শিক্ষক। মানসিক বিকাৰগ্ৰস্ত যুবক এজনক তালিবানী কায়দাৰে প্ৰহাৰ শিক্ষকজনৰ লগতে তেওঁ তিনি ভাতৃৰ।আৰক্ষীৰ ভূমিকাকোলৈ ক্ষোভিত ভুক্তভোগীৰ পৰিয়াল। বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত …

মাজবাট মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন শিৱিৰত কোৱাৰেন্টাইন হৈ থকা লোক সকলে লগালে জুই

মাজবাটৰ পৰা যতীন নাথ, সংবাদ ৩৬৫, ১২ জুন : ওদালগুৰি জিলাৰ মাজবাট ৰাজহ চক্ৰৰ অন্তৰ্গত মাজবাট মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন শিৱিৰত শুকুৰবাৰে দিনৰ ১২ মান বজাত এক অগ্নিকাণ্ড সংঘটিত হয়।কোৱাৰেন্টাইন শিৱিৰত থকা বহিঃৰাজ্যৰ পৰা অহা লোকসকলক কোৱাৰেন্টাইন শিৱিৰৰ পৰা যাবলৈ নিদিয়াৰ বাবে …

ছেনিটাইজাৰ, এন-৯৫ মাস্ক নিৰ্ধাৰিত মূল্যত ক্ৰয় কৰাৰ আহ্বান চি ডি এ এৰ

গুৱাহাটী, সংবাদ ৩৬৫, ১২ জুন : কৰ’ণা ভাইৰাছৰ আতংকময় পৰিবেশৰ মাজত ছেনিটাইজাৰ, এন-৯৫ মাস্কৰ বজাৰত গঢ়ি উঠা ক’লা বেপাৰ বন্ধ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ছেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ’চিয়েছন অৱ আছাম চমুকৈ চি ডি এ এ।সংস্থাটোৰ সভাপতি এন এল …

কাৰ্বি আংলংৰ পৰা চোৰাং কাঠ সৰবৰাহ হয় মেঘালয়লৈ

খেৰণিৰ পৰা সঞ্জয় কুমাৰ সিং, সংবাদ ৩৬৫, ১১ জুন : ৰাজ্যৰ বিভিন্ন প্ৰান্তত চোৰাং কাঠ ব্যৱসায়ীৰ দপদপনিৰ খবৰ প্ৰায়ে সংবাদ মাধ্যমত প্ৰকাশিত হৈ আছে। চোৰাং কাঠ ব্যৱসায়ৰ লগত জড়িত কিছুমান দুষ্টচক্ৰই বন বিভাগৰ নাকৰ তলতে চলাই গৈছে চোৰাং কাঠৰ বেহা। …

কৰ’ণা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতে চিৰিয়াখানালৈ আহিল কৰিণা

গুৱাহাটীৰ পৰা আছৰাৰ আনচাৰি, সংবাদ ৩৬৫, ১১ জুন : বিশ্বব্যাপী কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতে অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল কৰিণা। চিৰিয়াখানাৰ বনকর্মী সকলৰ অতিকৈ মৰমৰ হৈ পৰিছে কৰিণা। দিনটো চিৰিয়াখানাতে থাকি নিশা হ’লে বনকর্মী জাহাঙ্গীৰ আলীৰ ঘৰলৈ যায় কৰিণা। …