বান পৰিস্থিতিৰ বাবে সাময়িকভাৱে স্থগিত ৰখা হ’ল এ পি এছ চিৰ মূল পৰীক্ষা

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৮ জুলাই : সাময়িকভাৱে স্থগিত ৰখা হ’ল এ পি এছ চিৰ মূল পৰীক্ষা। বান পৰিস্থিতিৰ বাবে ২২ জুলাইৰ পৰা ৩১ জুলাইলৈ অনুষ্ঠিত হব লগীয়া পৰীক্ষাৰ সময়সূচী সাল-সলনি কৰা হৈছে। বিভাগীয় এক প্ৰেছ বিজ্ঞপ্তি যোগে এ পি এছ …

১৫ দিনৰ ভিতৰতে চাৰিটাকৈ সোণৰ পদ আজুৰিলে হিমা দাসে

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৮ জুলাই : চেক গণৰাজ্যত অনুষ্ঠিত টেবৰ গ্ৰা প্ৰীত ২০০ মিটাৰ ইভেণ্টত স্বৰ্ণ পদক অৰ্জন হিমা দাসৰ । মাত্ৰ ১৫ দিনৰ ভিতৰতে চাৰিটাকৈ সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে অসম কন্যা হিমাই । চেক গণৰাজ্যত অনুষ্ঠিত …

মদিনালৈ উৰা মাৰিল ২০১৯চনৰ অন্তিমটো হজ দল

পলাশবাৰী, সংবাদ ৩৬৫, ১৭ জুলাই : মদিনালৈ উৰা মাৰিল ২০১৯ চনৰ অন্তিমটো হজ দল । যোৱা ৪ জুলাইলৰ পৰা আৰম্ভ হোৱা ২০১৯ৰ হজযাত্ৰাত এইবাৰ উত্তৰ-পূবৰ ৩৬০০ গৰাকী হজযাত্ৰী বৰঝাৰ বিমানবন্দৰৰ পৰা ৰাওনা হৈছে । হজযাত্ৰী সকলোৰ বাবে বৰঝাৰ বিমানবন্দৰত গঢ়ি …

পূৰ্বতকৈ কিছুপৰিমানে হ্ৰাস পাইছে মহাবাহুৰ জলপৃষ্ঠ

গুৱাহাটী, সংবাদ ৩৬৫, ১৭ জুলাই : পূৰ্বতকৈ কিছু পৰিমাণে হ্ৰাস পাইছে মহাবাহুৰ জলপৃষ্ঠ। অৱশ্যে এতিয়াও বিপদ সীমাৰ ওপৰেৰে বৈ আছে লুইতৰ পানী । ৰাজ্যৰ কেইবাখনো জিলাত বৰ্তমানেও একেই আছে বান পৰিস্থিতি। ২৫ লক্ষাধিক লোকে ককবকাইছে বাঢ়নীপানীত। ঘৰ-বাৰী, খেতিপথাৰ পানীৰ তলত। …

ইস্পেচিয়েল ৰাইন’ প্ৰটেকচন ফৰ্চ থকাৰ পাছতো বানপানীৰ মাজতে গঁড় হত্যা

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৭ জুলাই : পানীৰ তলত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানপানীৰ মাজতে গঁড় হত্যা ।কাঞ্চনজুৰি বন শিবিৰত চোৰাং চিকাৰীৰ হাতত প্ৰাণ গ’ল এটা গঁড়ৰ। উল্লেখযোগ্য যে ৰাজ্যচৰকাৰে গঁড় হত্যা ৰোধ কৰিবলৈ গ্ৰহণ কৰিছিল এক বিশেষ পদক্ষেপ। নিযুক্তি …

অসম চৰকাৰে বানাক্ৰান্তৰ বাবে ৰাইজৰ পৰা সাহাৰ্য বিচৰা কাৰ্যক তীব্ৰ সমালোচনা অখিল গগৈৰ : গৰাখহনীয়া আৰু বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ দাবী কেন্দ্ৰীয় চৰকাৰক

গুৱাহাটী, সংবাদ ৩৬৫, ১৬ জুলাই : সমগ্ৰ ৰাজ্যত এতিয়া বানৰ প্ৰলয় । মহাপ্ৰলয়ৰ ৰূপ লৈছে বানপানীয়ে। ২৫ লক্ষাধিক লোকে ককবকাইছে বাঢ়নীপানীত। ঘৰ-বাৰী, খেতিপথাৰ পানীৰ তলত। আশ্ৰয়, খাদ্য আৰু খোৱাপানীৰ সংকট। বানেধোৱা অসমত এতিয়া হাহাকাৰ পৰিস্থিতি। প্ৰকৃতিৰ এই তাণ্ডৱৰ মাজতে চৰকাৰৰ …

কেন্দ্ৰীয় চৰকাৰৰ জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিঙ শেখাৱটৰ উজনি অসমত বান পৰিস্থিতিৰ বুজ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৬ জুলাই : কেন্দ্ৰীয় চৰকাৰৰ জল শক্তি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিঙ শেখাৱটে আজি পুৱা ডিব্ৰুগড়ত উপস্থিত হৈ উজনি অসমৰ বান পৰিস্থিতিৰ বুজ লয় । মঙ্গলবাৰে পুৱা গুৱাহাটীৰ পৰা বিমানযোগে মোহনবাৰীস্থিত ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে মন্ত্ৰীগৰাকীয়ে …

ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী আৰু আৰক্ষী প্ৰধানৰ মন্তব্য

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৫ জুলাই : অসমৰ ৩১খন জিলাই এতিয়া বানৰ কৱলত । ৰাজ্যৰ লাখ লাখ মানুহ এতিয়া দিশহাৰা হৈ পৰিছে । ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল বৰপেটা আৰু নলবাৰীলৈ ৰাওনা হৈছে । ৰাজ্য আৰু কেন্দ্ৰীয় …

ৰাজ্যৰ বানক লৈ দিল্লীত সৰৱ হৈ পৰিছে অসমৰ সাংসদ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৫ জুলাই : শেহতীয়াকৈ হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বিভিন্ন স্থানত ভূমিস্খলন আৰু বানৰ সৃষ্টি হৈছে । ৰাজ্যৰ চৌদিশে এতিয়া কেৱল পানী আৰু পানী । নদীৰ বাঢ়নী পানীয়ে যেন ধ্বংসৰ যজ্ঞ পাতিছে । বানৰ এই পৰিস্থিতিক …

বিশিষ্ট সাহিত্যিক,ঔপন্যাসিক পূৰৱী বৰমুদৈৰ দেহাৱসান : সাহিত্যিক গৰাকীৰ অন্তিম ইচ্ছা অনুসৰি চকুদান আৰু দেহদানৰ ব্যৱস্থা

গুৱাহাটী, সংবাদ ৩৬৫, ১৫ জুলাই : বিশিষ্ট সাহিত্যিক,ঔপন্যাসিক পূৰৱী বৰমুদৈৰ দেহাৱসান। সোমবাৰে পুৱা ৬ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু সাহিত্যিকগৰাকীৰ । দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত জি এম চি এইচত শেষ নিশ্বাস ত্যাগ কৰে । উল্লেখযোগ্য যে ১৯৫০ চনত জন্মগ্ৰহণ …