স্বাধীনতা দিৱসৰ দিনাই গান্ধী মণ্ডপৰ পৰা হতাশ হৈ নামিল মহানগৰবাসী

গুৱাহাটী, সংবাদ ৩৬৫, ১৫ আগষ্ট: সমগ্ৰ দেশজুৰি স্বাধীনতা দিৱস উদযাপনকলৈ ব্যস্ত হৈ থকা সময়তে স্বাধীনতা দিৱসৰ দিনাই গুৱাহাটীৰ গান্ধী মণ্ডপৰ পৰা হতাশ হৈ নামিল মহানগৰবাসী। স্বাধীনতা দিৱসৰ দিনা পুৱাৰ ভাগতে মহানগৰবাসীয়ে গান্ধী মণ্ডপত ভিৰ কৰে দেশৰ তৃতীয় সৰ্বোচ্চ ৰাষ্ট্ৰীয় পতাকা …

সোপাধৰাৰ সন্দেহত প্ৰহাৰ কৰা দুবৃৰ্ত্তক কৰায়ত্তৰ দাবীত মৰাণ ছাত্ৰ সন্থাৰ মটৰ চাইকেল ৰেলী

কাকপথাৰৰ পৰা ভাস্কৰ জ্যোতি ভূঞা, সংবাদ ৩৬৫, ১৪আগষ্ট: মঙ্গলবাৰে মৰাণ ছাত্ৰ সন্থাই ডিৰাক গেটৰ পৰা ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়লৈ মটৰ চাইকেলৰে ৰেলী কাৰ্য্যসূচী গ্ৰহণ কৰে। যোৱা তিনি আগষ্টত ডিব্ৰুগড় চহৰৰ মাজ মজিয়াত কাকপথাৰৰ মৃদুল মৰাণ নামৰ এজন লোকক সোপাধৰাৰ সন্দেহত গুৰুলাগুৰুলকৈ …

মহিলা কংগ্ৰেছে দাহ কৰিলে ৰাজেন গোহাঁইৰ প্ৰতিমূৰ্তি

গুৱাহাটী, সংবাদ ৩৬৫, ১৪ আগষ্ট: নগাঁৱৰ বিজেপি সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক ৰে’লমন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছৰে পৰা সমগ্ৰ ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মঙলবাৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছ গুৱাহাটীত ৰাজেন গোহাঁইৰ প্ৰতিমূৰ্তি দাহ কৰি …

চৰাইদেউত মিজিলচ আৰু ৰুবেলা প্ৰতিষেধক অভিযান

চৰাইদেউ, সংবাদ ৩৬৫, ১৪ আগষ্ট: মঙ্গলবাৰে চৰাইদেউ মহকুমা স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ত মহকুমা স্বাস্থ্য বিষয়া ডা: নিপেন বৰুৱাই এক সংবাদমেলত অনুষ্ঠিত কৰি জানিবলৈ দিয়ে যে সৰু আই ৰুবেলা চমুকৈ এন. আৰ টিকাই সৰু আই আৰু ৰুবেলা বেমাৰ প্ৰতিৰোধ কৰে। ৯ মহীয়া …

ওদালগুৰিত স্থানীয় ৰাইজে আবদ্ধ কৰিলে সেনাৰ দলক

ওদালগুৰি, সংবাদ ৩৬৫, ১৪ আগষ্ট: ওদালগুৰি জিলাৰ কলাইগাঁও থানাৰ অন্তৰ্গত ৰাণীপুখুৰীৰ ১নং ঝাৰগাঁৱত সোমবাৰে নিশা ৰাইজে সেনাবাহিনীৰ দল এটাক আবদ্ধ কৰি ৰাখে৷ জানিবলৈ পোৱা মতে সোমবাৰে নিশা ৰাণীপুখুৰীৰ ১নং ঝাৰগাঁৱৰ ইছলামুদ্দিন আলী নামৰ এজন কাঠমিস্ত্ৰীক সেনাই আটক কৰি লৈ যায় আৰু …

সাংবাদিক তথা দূৰদৰ্শন আৰু ভ্ৰাম্যমান থিয়েটাৰৰ জনপ্ৰিয় যুৱ অভিনেতা নিৰঞ্জন দাসৰ অৱস্থা অতি সংকটজনক

নলবাৰী, সংবাদ ৩৬৫, ১৪ আগষ্ট: সুদীৰ্ঘ বছৰে সংবাদ জগতত সাংবাদিকতা কৰাৰ উপৰিও টেলেভিশ্যন জগত তথা ভ্ৰাম্যমাণ জগতত উচ্চ সংলাপেৰে দপ দপাই দৰ্শক ৰাইজক আমোদীত কৰা নিৰঞ্জন দাসৰ দুয়োটা বৃক্ক সমূৰ্ণ ৰূপে বিকল হৈ গুৱাহাটীৰ চানভেলি চিকিৎসালয়ত তৃতীয় মহলাৰ জেনেৰেল ৱাৰ্ডৰ …

বিলাসীপাৰা শিক্ষা খণ্ডৰ অধীনস্হ বিদ্যালয় শ্মশান যাত্রা

ধুবুৰী, সংবাদ ৩৬৫, ১৩ আগষ্ট: বিদ্যালয়, যাক শিক্ষাৰ মন্দিৰৰ লগত তুলনা কৰা হয় , আৰু শিক্ষক শিক্ষয়ত্ৰী হ’ল তাৰ ভগবানস্বৰূপ। উচিত শিক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে এজন ভাল সৎ মানুহ হ’বলৈ যায় সকলোৱে বিদ্যালয়লৈ । তেনেকুৱা এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু …

চিৰাঙ জিলাৰ বিজনীত স্বচ্ছ ভাৰত অভিযানৰ নমুনা

চিৰাঙ, সংবাদ ৩৬৫, ১৩ আগষ্ট: নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰত অভিযানৰ ফোপোলা স্বৰূপ উদঙাইছে চিৰাঙ জিলাৰ বিজনীৰ এটা অতি গুৰুত্বপূৰ্ণ পথে। পথটোৰ ওপৰত জমা হৈ থকা জাৱৰ দমৰ বাবে পথটো যাতায়তৰ বাবে সম্পূৰ্ণৰূপে অনুপযোগী হৈ পৰিছে। বিজনী বজাৰৰ দোকান পোহাৰ, মানুহৰ …

প্ৰধান শিক্ষকক আক্ৰমণ ৰান্ধনীৰ : ৰান্ধনীক দৰমহা নিদিয়াৰ বাবেই উত্তপ্ত পৰিস্থিতি : পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী উপস্থিত

কলগাছিয়া, সংবাদ ৩৬৫, ১৩ আগষ্ট: বৰপেটা জিলাৰ ৰূপসী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ০৩০২৯০৪ নম্বৰ বিলৰটাৰী তালুকদাৰ চুবা প্ৰাথমিক বিদ্যালয়ত সোমবাৰে দুপৰীয়া প্ৰধান শিক্ষক আহমেদ আলীক শাৰীৰিক ভাবে অপদস্ত কৰে বিদ্যালয়খনৰ ৰান্ধনীয়ে। প্ৰধান শিক্ষকজনে পুৰণি ৰান্ধনীৰ পৰিবৰ্তে নতুন ৰান্ধনীক নিয়োগ কৰি …

চিৰাঙ জিলাৰ এখন চৰকাৰী বিদ্যালয়ত শিক্ষক অবিহনে চলিছে বিদ্যালয়: এবিএমছুৰ প্ৰতিবাদ

চিৰাঙ, সংবাদ ৩৬৫, ১৩ আগষ্ট: ৰাজ্যৰ শিক্ষা বিভাগত চৰম অৰাজকতাই বিৰাজ কৰিছে। চিৰাঙ জিলাৰ বড়োবাজাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত বিষডোবা উত্তৰপাৰা প্ৰাথমিক বিদ্যালয় খনৰ প্ৰাংগণত সোমবাৰে এবিএমছু আৰু অধ্যয়নৰত ছাত্ৰ ছাত্ৰীয়ে অসম চৰকাৰ মূৰ্দাবাদ, শিক্ষা মন্ত্ৰী মূৰ্দাবাদ, আমাক শিক্ষক লাগে, নো …