কলগাছিয়াত মৰেল পুলিচৰূপী গুণ্ডা চিকিৎসকে যুৱক যুৱতীৰ ভিডিঅ বনাই ছোচিয়েল মিডিয়াত ভাইৰেল কৰা ঘটনাক লৈ বৰপেটা অসামৰিক চিকিৎসালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ

কলগাছিয়া, সংবাদ ৩৬৫, ১৩ আগষ্ট: কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত যোৱা শনিবাৰে মৰেল পুলিচৰূপী চিকিৎসক ইউনুচ চেলিমে এহাল যুৱক যুৱতীক অমানৱীয়ভাৱে মাৰপিট কৰি ভিডিঅ ছোচিয়েল মিডিয়াত ভাইৰেল কৰিছিল। তাৰ প্ৰতিবাদ সাব্যস্ত কৰি সোমবাৰে কলগাছিয়াৰ ছাত্ৰ ছাত্ৰী আৰু যুৱ সমাজে বিভিন্ন ধৰণৰ …

কলগাছিয়াত অপৰিবৰ্তিত বেকী নৈৰ খহনীয়া: নিৰ্বিকাৰ জলসম্পদ আৰু বৰপেটা জিলা প্ৰশাসন

কলগাছিয়া, সংবাদ ৩৬৫, ১৩ আগষ্ট: বৰপেটা জিলাৰ কলগাছিয়াত অপৰিবৰ্তিত হৈ আছে বেকী নৈৰ খহনীয়া। জিলাখনৰ কলগাছিয়াৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শওপুৰত সোমবাৰে ৰাতিপুৱাৰে পৰা বেকী নৈৰ খহনীয়াই ৰুদ্ৰমূৰ্তি ধাৰণ কৰাত চপৰা চপৰে খহাই নিছে ৫ বিঘা মাটি, গছ-গছনি, পকী দেৱাল, গৰা। …

ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়াই ভাবুকি আনিছে পাঁচ শতাধিক পৰিয়ালৰ: খবৰ লবলৈ আহৰি নাই জন প্ৰতিনিধিৰ

দক্ষিণ শালমাৰা, সংবাদ ৩৬৫, ১২ আগষ্ট: মানকাচাৰ-দক্ষিণ শালমাৰা জিলাৰ ফাঁকিৰগঞ্জ সমষ্টিৰ অন্তৰ্গত সূৰ্য্যমণি গাঁৱত ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ বৃদ্ধি পোৱাৰ লগে লগে গড়াখহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে। গড়াখহনীয়াৰ ফলত অঞ্চলটোত সাতটাকৈ পৰিয়ালৰ মাটি ভেটি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ লগতে কেইবাটাও চৰকাৰী-বেচৰকাৰী …

বিজেপি চৰকাৰৰ পৰিবৰ্তনৰ নীতি প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীন)ৰ হিতাধিকাৰীৰ ঘৰত শনিবাৰে নিশা কটালে পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ আমোলা, বিষয়া-কৰ্মচাৰীয়ে

বিশ্বনাথ চাৰিআলি, সংবাদ ৩৬৫, ১২ আগষ্ট: শনিবাৰে সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী গাঁও পঞ্চয়তৰ বিহালী উন্নয়ন খণ্ড বিষয়া, অভিযন্তাকে ধৰি মূল বিষয়া কৰ্মচাৰী সকল প্ৰধানমন্ত্ৰী আবাস যোজনা (গ্ৰামীণ)ৰ হিতাধীকাৰীৰ ঘৰত নিশাৰ আলহী হৈ কটালে। হিতাধীকাৰীৰ ঘৰত নিশাৰ আহাৰ …

পৱিত্ৰ মক্কাত অসমৰ সাংবাদিক সহ বিশ্বৰ ১ কৌটি ২৭ লাখ হজ যাত্ৰী : ১৯ আগষ্টৰ পৰা হজব্ৰত পালনৰ কাম আৰম্ভ : চৌদি ৰজাৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা

মাণিকপুৰ, সংবাদ ৩৬৫, ১২ আগষ্ট : ২০১৭-১৮ বৰ্ষত পৱিত্ৰ মক্কাত হজব্ৰত পালনৰ বাবে এইবেলি অসমৰ নিউজ লাইভৰ সাংবাদিক সহ সমগ্ৰ বিশ্বৰ ১ কৌটি ২৭ লাখ হজযাত্ৰী পবিত্ৰ মক্কাত উপস্থিত হৈছে। ইয়াৰে কেবা লাখ হজযাত্ৰী মদিনাত ৪০ ওয়াক্ত নামাজ আদায় কৰাৰ …

ব্লেকমেইলাৰৰ ৰূপত সাংবাদিক: অশ্লীল ফটো ছোচিয়েল মিডিয়াত আপলোড কৰাৰ ভাবুকি দি আৰক্ষীৰ জালত সাংবাদিক

গুৱাহাটী, সংবাদ ৩৬৫, ১২ আগষ্ট: গুৱাহাটীৰ নুনমাটিৰ চেক্টৰ-২ৰ পৰা দেওবাৰে আজাদ জাকাৰীয়া নামৰ এজন সাংবাদিকক আৰক্ষীয়ে আটক কৰে। মঙলদৈৰ বাসিন্দা আৰু গুৱাহাটীৰ এখন দৈনিক বাতৰি কাকতত কৰ্মৰত আজাদ জাকাৰীয়াই নুনমাটিৰ চেক্টৰ-২ৰ নিবাসী এজন আৰক্ষীৰ পত্নীৰ লগত চিনাকি হৈ প্ৰেমৰ সম্পর্ক …

কলগাছিয়াৰ নদিয়াপাৰাত ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত মাৰপিট

কলগাছিয়া, সংবাদ ৩৬৫, ১২ আগষ্ট: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত নদিয়াপাৰাত দেওবাৰে পুৱা ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত হোৱা মাৰপিটৰ ফলত ৮ জনকৈ লোক আহত হয়। জানিব পৰা মতে আব্দুৰ ৰহমান নামৰ এজন ব্যক্তিয়ে ৩.৫ বিঘা মাটিত …

হাতে হাতে দা কুঠাৰ লৈ ৰঙিয়াত এজাক মহিলাৰ উত্তাল প্ৰতিবাদ

ৰঙিয়া, সংবাদ ৩৬৫, ১২ আগষ্ট: পুৱাই পুৱাই ৰনচণ্ডী মূৰ্তি ধৰিলে এজাক মহিলাই। ঘৰৰ সকলো কাম বন এৰি হাতে হাতে দা কুঠাৰ লৈ ৰঙীয়াত এজাক মহিলাৰ উত্তাল প্ৰতিবাদ। কিন্তু কিয় আৰু কাৰ বাবে এই ক্ষুব্ধ মহিলা সকলৰ এই ৰূপ? জলকসম্পদ বিভাগৰ …

সমাগত স্বাধীনতা দিৱসৰ প্ৰাক মুহুৰ্তত কাকপথাৰত ভয়াবহ কূটাঘাটৰ আশংকাত সষ্টম তিনিচুকীয়া আৰক্ষী

কাকপথাৰৰ পৰা ভাস্কৰজ্যোতি ভূঞা, সংবাদ ৩৬৫, ১১ আগষ্ট: সমাগত স্বাধীনতা দিৱস উপলক্ষে তৎপৰ হৈ উঠিছে তিনিচুকীয়া আৰক্ষী।তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলটোত উগ্ৰপন্থীৰ কূটাঘাট মুলক কাৰ্য সংঘটিত কৰাৰ আশংকাত আজি কিছু দিনৰ পৰা আৰক্ষী অধিক সষ্টম হৈ পৰা লগতে অসম অৰুনাচল সীমান্তবৰ্তী …

শিশু যাদু শিল্পী চৰাইদেউৰ”বৃষ্টি বন্যা লৈ ” ২০১৮ বৰ্ষৰ যাদু কুঁৱৰী ” সন্মান

চৰাইদেউ, সংবাদ ৩৬৫, ১১ আগষ্ট: “যাদু কুৱঁৰী” সন্মান গ্ৰহণ কৰি চৰাইদেউ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে শিশু শিল্পী বৃষ্টি বন্যাই। শিশু যাদুশিল্পী বৃষ্টি বন্যা চেতিয়া ফুকনক গুৰুকুল মেজিক একাডেমী এণ্ড ৰিচাৰ্চ চেন্টাৰৰ ২০১৮ বৰ্ষৰ “ যাদু কুৱঁৰী” সন্মান প্ৰদান কৰাত উৎফুল্লিত …