কলগাছিয়াৰ দেওকুৰাত বাছ আৰু মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ

কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ৫ জুলাইঃ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দেওকুৰা গাঁৱত বৃহস্পতিবাৰে দুপৰীয়া এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এএছ-১৫-কে-২৬৬৯ নম্বৰৰ গ্লেমাৰ মটৰ চাইকেল আৰু এএছ-০১-বি-১৭১৩ নম্বৰৰ বাছ গাড়ীৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত শ্বাহা আলী নামৰ …

নাগ্ৰীজুলীত বনৰীয়া হাতীৰ উপদ্ৰুপ

বাক্সা, সংবাদ ৩৬৫, ৫ জুলাইঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত খাদ্যৰ সন্ধান্তন বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি বনৰীয়া হাতীয়ে উপদ্ৰুপ চলাই থকাৰ সময়তে বুধবাৰে নিশা বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলী চাহ বাগিচাৰ ৬ আৰু ৮ নম্বৰ লাইনৰ ৯টাকৈ পৰিয়ালৰ ঘৰ ভাঙি …

কাজিৰঙাত ভয়াবহ অগ্নিকাণ্ডত ভস্মীভূত হ’ল মিঠাইৰ দোকান

কাজিৰঙা, সংবাদ ৩৬৫, ৫  জুলাইঃ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ কঁহৰাত বৃহস্পতিবাৰে পুৱতি নিশা এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়৷ অগ্নিকাণ্ডৰ ফলত এখন মিঠাই দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে মিঠাইৰ দোকানখনৰ কাষতে লাগি থকা আন দুখন দোকানও জুইত জাহ যায়৷ অগ্নিকাণ্ডৰ খৱৰ পাই …

বিশ্বনাথৰ ১৫ গৰাকী সাংবাদিকক স্বীকৃতি-পত্ৰ বিতৰণ

বিশ্বনাথ চাৰিআলি, সংবাদ ৩৬৫, ৪ জুলাইঃ বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাকক্ষত বুধবাৰে বিয়লি আয়োজিত এক অনুষ্ঠানত বিশ্বনাথ জিলাৰ সাংবাদিক সকললৈ অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে প্ৰদান কৰা স্বীকৃতি-পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত বিশ্বনাথৰ ১৫ গৰাকী সাংবাদিকক উপায়ুক্ত ধীৰাজ …

অভয়াপুৰীৰ নাম্বাৰপাৰাত বোৱাৰী নিৰ্যাতন

অভয়াপুৰী, সংবাদ ৩৬৫, ৪ জুলাইঃ বঙাইগাঁও জিলাৰ অভয়াপুৰি আৰক্ষী থানাৰ অন্তৰ্গত নাম্বাৰপাৰা প্ৰথম খণ্ড গাঁৱত এগৰাকী বোৱাৰী নিৰ্যাতন বলি হ’ব লগা হৈছে। যোৱা ১৪ জুনত সংঘটিত হোৱা ঘটনা অনুসৰি মাটিক কেন্দ্ৰ কৰি ছাহিদা খাতুন নামৰ এগৰাকী বোৱাৰীক স্বামীৰ ডাঙৰ ভাই হজৰত …

পেঙেৰীত বাগিছাই বাগিছাই শিশু শ্ৰমিক, হাতে লুটে ধৰা পেলালে আটচাই৷

ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ০৪ জুলাইঃ দিনক দিনে বৃদ্ধি পাই আহিছে শিশু শ্ৰমিক৷ বৰ্তমান সময়ত শিশু শ্ৰমিক বিষয়টোৱে এক চৰ্চা লাভ কৰিছে৷ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ পেঙেৰী শাখাই তিনিচুকীয়াৰ পেঙেৰীৰ এখন ব্যক্তিগতখণ্ডত মংগলবাৰে পুৱাই অভিযান চলোৱাৰ মূহূৰ্ততেই …

ৰাজপথলৈ উলাই আহিল প্ৰতিবাদী চাহ শ্ৰমিকসকল

গোলাঘাট, সংবাদ ৩৬৫, ৪ জুলাইঃ  শ্ৰমিকৰ দৈনিক মজুৰী বৃদ্ধিৰ বাবে বুধবাৰে গোলাঘাট জিলাৰ খুমটাই আৰু দেৰগাঁওৰ শ্ৰমিকসকল ওলাই আহিল ৰাজপথলৈ৷ ২০১৭ চনৰ ১২ ডিচেম্বৰতে শ্ৰমিকৰ পুৰণি দৈনিক মজুৰীৰ চুক্তি ম্যাদ উকলিল, যদিও বর্তমান সময়ত পুৰণি চুক্তিৰ দৰে আজিও নূন্যতম দৰমহা লাভ …

চিৰাঙত ধোৱাচাঙত প্ৰধান মন্ত্ৰীৰ ডিজিটেল ইণ্ডিয়াৰ ব্যৱস্থা,যোৱা ১৫ দিনে লিংক নাই চিৰাং জিলা পৰিবহন বিষয়াৰ কাৰ্য্যালয়ত

চিৰাং, সংবাদ ৩৬৫, ৪ জুলাইঃ প্ৰধান মন্ত্ৰীৰ সকলো ব্যৱস্থা এতিয়া ফুটুকাৰ ফেন। নিৰ্বাচনৰ পূৰ্বে টেটুফালি চিঞৰা সকলো প্ৰতিশ্ৰুতি এতিয়া ধোঁৱাচাঙত। তাৰেই নমুনা চিৰাঙৰ পৰিবহন বিষয়াৰ কাৰ্য্যালয়ত । যোৱা ২০ জুন তাৰিখৰ পৰা ১৫ দিন ধৰি চিৰাং জিলা পৰিবহন বিষয়াৰ কাৰ্য্যালয়ত …

কলাইগাঁৱত প্ৰাক্তন বায়ু সেনা জোৱানৰ আক্ৰমণত আহত পশুধন

কলাইগাঁও, সংবাদ ৩৬৫, ৪ জুলাইঃ ওদালগুৰি জিলাৰ কলাইগাঁৱত পশুধনক নৃশংসভাৱে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে। ঘটনাৰ বিৱৰণী মতে কলাইগাঁও থানাৰ অন্তৰ্গত ২নং কলাইগাঁও গাঁৱৰ জুবেদা খাতুন নামৰ এগৰাকী যুৱতীৰ এজনী গায় গৰুক একে গাঁৱৰে পানীৰাম দাসৰ পুত্ৰ বিকাশ দাসে নিৰ্মমভাৱে চোকা …

চিৰাং জিলাৰ কেইবাখনো গাঁও জলমগ্ন

চিৰাং, সংবাদ ৩৬৫, ৪ জুলাইঃ কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুনৰ ফলত ফেনে-ফুটুকাৰে বাঢ়িছে চিৰাং জিলাৰ কেবাখনো নৈ-উপনৈৰ পানী। মঙলবাৰে বিয়লি ভাগৰ পৰা জিলাখনৰ আই, চম্পা, নাঙলভাঙা, হুটহুটি, কানামাক্ৰা নদীকে আদিকৰি কেইবাখনো উপনৈৰ পানী বৃদ্ধি পাইছে। জিলাখনৰ অন্তৰ্গত আমগুৰি আৰক্ষী …