বঙাইগাঁৱত অসম মহিলা বিশ্ববিদ্যালয় ৰক্ষাৰ দাবীত ছাত্র সন্থাৰ অৱস্থান ধৰ্মঘট

বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ২৮ মাৰ্চ: যোৰহাটস্থিত অসম মহিলা বিশ্ববিদ্যালয়ৰ বিলুপ্তিকৰণৰ প্ৰস্তাৱৰ বিৰোধিতাৰে আৰু বিশ্ববিদ্যালয়খন ৰক্ষাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ বঙাইগাঁও জিলা সমিতিয়ে বুধবাৰে বঙাইগাঁও শ্বহীদ ভৱনৰ সন্মুখত মুখত কলা কাপোৰ মাৰি পুৱা ১১বজাৰ পৰা দিনৰ ২ …

ডিগবৈত যাত্ৰীবাহি ট্রেনৰ খুন্দাত অচিনাক্ত লোক নিহত

ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ২৮ মাৰ্চ: তিনিচুকীয়া জিলা ডিগবৈ থানা অন্তৰ্গত ২নং বৰবিলত মঙলবাৰে নিশা লিডুৰ পৰা তিনিচুকীয়া অভিমুখে গৈ থকা যাত্ৰীবাহি ৰেলৰ খুন্দাত এজন অচিনাক্ত লোক নিহত হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চ‍্যলৰ সৃষ্টি কৰিছে। লংপেন্ট, চাৰ্ট পৰিহিত …

সৰভোগ-জামাদাৰবাৰী গড়কাপ্তানী পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ৰাইজৰ

কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ২৮ মাৰ্চ: উন্নয়নৰ শ্লোগান দি গাদী দখল কৰা ৰাজ্যৰ বিজেপি চৰকাৰখনৰ সভাপতি ৰঞ্জিত দাসে উন্নয়নক পিঠি দিয়াত যমৰ যাতনা ভোগ কৰিব লগা হৈছে সৰভোগৰ ১৪ খনকৈ গাঁৱৰ ৰাইজে। বৰপেটা জিলাৰ সৰভোগ সমষ্টিৰ অন্তৰ্গত সৰভোগ …

অসমীয়া ছবি জগতৰ শিল্পী সকলৰ কলা প্ৰতিবাদী সমদল

গুৱাহাটী, সংবাদ ৩৬৫, ২৮ মাৰ্চ: বুধবাৰে কলা কাপোৰ পৰিধান কৰি গুৱাহাটী মহানগৰীৰ ৰাজপথত অসমীয়া ছবি জগতৰ শিল্পী সকলে সাব্যস্ত কৰিলে কলা প্ৰতিবাদী সমদল। নাৰী নিৰ্যাতন বিৰুদ্ধে আৰু নাৰী সুৰক্ষাৰ দাবীত মহানগৰীৰ চান্দমাৰীৰ পৰা গণেশগুৰিলৈ শিল্পী সকলে হাতে হাতে বেনাৰ পোষ্টাৰলৈ …

ৰঙিয়াত যুৱকৰ আত্মহত্যাৰ অপচেষ্টা

ৰঙিয়া, সংবাদ ৩৬৫, ২৮ মাৰ্চ: কামৰূপ জিলাৰ ৰঙিয়াৰ মধুকুছিত বুধবাৰে এজন যুৱকে আত্মহত্যাৰ অপচেষ্টা চলায়। মধুকুছিৰ এটা বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰত উঠি মিদুল কলিতা নামৰ এজন যুৱকে নিজৰ শৰীৰত বৈদ্যুতিক ছক দি আত্মহনন চেষ্টা চলায়। আত্মহনন চেষ্টা কৰা যুৱকজন গুৰুত্বভাবে আহত হৈ সংজ্ঞাহীন হৈ …

আজাৰা আৰক্ষীৰ অভিযানত তিনি ড্ৰাগছ ব্যৱসায়ী আটক

মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ২৮ মাৰ্চ: গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া বেহা অব্যাহত থকাৰ মাজতে বিগত কিছু দিনত অসম আৰক্ষীয়ে অভিযান চলাই বহু লক্ষাধিক টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ড্ৰাগছ মাফিয়াকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। …

অসমীয়া থলুৱা জুতিলগা জলপানৰ বিশ্ৱজনীন ব্যৱসায়িক মাত্ৰা

গুৱাহাটী, সংবাদ ৩৬৫, ২৭ মাৰ্চ: পিজ্জা-বাৰ্গাৰ, ছেণ্ডুইছেৰে ভৰা মহানগৰীত এতিয়া উপলব্ধ অসমীয়া থলুৱা জুতিলগা জা-জলপান৷  গুৱাহাটী মহানগৰত এতিয়া থলুৱা জলপান৷ দেওবাৰে পুৱা আলসুৱা ভাৱে আইতাই আগবঢাই দিয়া জলপান বিচাৰি এতিয়া গাঁৱলৈ যাব নালাগে৷ নাৰিকলৰ লাড়ু, তিলৰ লাড়ু, তিলপিঠা, ঘিলাপিঠা, বৰপিঠা, ফেণীপিঠা, আখৈ, …

বাল্য বিবাহ প্ৰথা বন্ধ কৰাৰ লগতে তীৰ, জুৱা, মদৰ প্ৰচলন বন্ধ কৰাৰ দাবীত আমছুৰ পথ অৱৰোধ

হাটশিঙিমাৰী, সংবাদ ৩৬৫, ২৭ মাৰ্চ: দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ কালাপানীত মঙলবাৰে কালাপানী আঞ্চলিক আমছুৱে ৰাজপথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰি মদ, তীৰ, জুৱা, বাল্য বিবাহ বন্ধ কৰাব দাবীত প্ৰতিবাদ সাব্যস্ত কৰি জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। জিলাখনৰ …

গুৱাহাটীত অসম সাহিত্য সভাৰ ‘অসমীয়া ভাষা’ বিষয়ক কৰ্মশালা

গুৱাহাটী, সংবাদ ৩৬৫, ২৭ মাৰ্চ: শুদ্ধ ৰূপত অসমীয়া ভাষাৰ ব্যৱহাৰ, চৰ্চা তথা ভাষাটোৰ প্ৰচাৰ তথা প্ৰসাৰত সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। অসমৰ বিভিন্ন বৈদ্যুতিন আৰু ছপা মাধ্যমৰ সাংবাদিক আৰু অন্যান্যসকলক জড়িত কৰি অসম সাহিত্য সভাই ২৭ মাৰ্চ মঙলবাৰে ‘অসমীয়া ভাষা’ বিষয়ক …

নাৰী সুৰক্ষাৰ দাবীত গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, সংবাদ ৩৬৫, ২৭ মাৰ্চ: গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মঙলবাৰে গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখত এক প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰে। শেহতীয়াকৈ ৰাজ্যখনত সংঘটিত হৈ থকা এটাৰ পিছত আনটো ধৰ্ষণকাণ্ডক লৈ ৰাজ্যখনৰ আইন শৃংখলা ৰক্ষা কৰা আৰু নাৰীক …