মুখ্যমন্ত্ৰীলৈ পশ্চিম নলবাৰী অঞ্চলৰ সমস্যা সমাধানৰ দাবী পত্ৰ প্ৰেৰণ আছুৰ

টিহুৰ পৰা পংকজ বেজবৰুৱা, সংবাদ ৩৬৫, ১২ ফেব্ৰুৱাৰীঃ নলবাৰী জিলাৰ পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই অঞ্চলটোৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত সোমবাৰে পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন দাবী পত্ৰ প্ৰেৰণ কৰে। চামতা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত জৰুৰীকালীন সেৱা বিভাগ …

তিনিচুকীয়াত ভয়াবহ পথ দুৰ্ঘটনাত তিনিজনৰ মৃত্যু

তিনিচুকীয়া, সংবাদ ৩৬৫, ১২ ফেব্ৰুৱাৰীঃ তিনিচুকীয়া জিলাৰ ৩৭ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছ সংযোগী পথত সোমবাৰে এক ভয়াৱহ পথ দূৰ্ঘটনা সংঘটিত হয়৷ তিনিচুকীয়াৰ পানীতোলা দিশৰ পৰা যাত্ৰী কঢ়িয়াই অনা এখন অট’ক বাইপাছ দিশৰ পৰা তিব্ৰগতিত অহা চিআৰপিএফৰ এমএইচ-১৪-এফ-৯৮৫৫ নম্বৰৰ গাড়ীখনে মহটিয়াই নিয়াত তিনিজন …

দক্ষিণ শালমাৰাত মটৰ শ্ৰমিকৰ টায়াৰ জ্বলাই বন্ধ পালন

দক্ষিণ শালমাৰা, সংবাদ ৩৬৫, ১২ ফেব্ৰুৱাৰীঃ সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ আহ্বানত আজি ৰাজ্য জুৰি পালন কৰা ২৪ ঘণ্টীয়া চকা বন্ধৰ মাজত ধুবুৰী জিলাৰ দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ এলেকাত বন্ধ সমৰ্থকসকলে চৰকাৰৰ বিৰুদ্ধে পথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্থ কৰে। …

দহ গৰাকী সুন্দৰী যুৱতীৰ দুচকীয়া বহন লৈ বিনামূলীয়া যাতায়ত সেৱা

গুৱাহাটী, সংবাদ ৩৬৫, ১২ ফেব্ৰুৱাৰীঃ মহানগৰীৰ ৰাজপথত সোমবাৰৰ পৰা দহ গৰাকীকৈ সুন্দৰী দুচকীয়া বাহন লৈ ৰৈ থাকিব আপোনাৰ বাবে। আপোনাক আপোনাৰ গন্তব্য স্থানলৈ বিনামূলীয়াকৈ লৈ যাব এই দহ গৰাকী সুন্দৰী যুৱতী। অৱশ্যে এই সুবিধা লাভ কৰিব অকল মহানগৰীৰ মহিলাসকলে। ডিজিটেল …

গাৰো পাহাৰৰ ৰাজাশিমলাত গাৰো তীৰ্থ যাত্ৰীৰ বাহন দুর্ঘটনাগ্ৰস্ত

হাটশিঙিমাৰী, সংবাদ ৩৬৫, ১১ ফেব্ৰুৱাৰীঃ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ উত্তৰ গাৰো পাহাৰৰ ৰাজাশিমলাত দেওবাৰে এটি গাৰো তীৰ্থ যাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্থ হোৱাত শিশু সহ মুঠ পাঁচ গৰাকী তীৰ্থযাত্ৰী আহত হৈ চিকিৎসাধীন হব লগা হৈছে। উল্লেখ্য যে, প্ৰতিবছৰেই মেঘালয়ৰ গাৰো পাহাৰৰ বিভিন্ন জিলাত গাৰো …

দ্বীপৰ বিল মহোৎসৱৰ অন্তিম দিন

দ্বীপৰ বিলৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ১১ ফেব্ৰুৱাৰীঃ মহানগৰীৰ গাতে লাগি থকা ঐতিহাসিক দ্বীপৰ বিলৰ জৈৱ বৈচিত্ৰ্য ৰক্ষা আৰু ইয়াৰ পৰ্যটনৰ সম্ভাৱনাক লক্ষ্য ৰাখি যোৱা ৯ তাৰিখৰ পৰা আৰম্ভ হোৱা দ্বীপৰ বিল মহোৎসৱ দেওবাৰে অন্ত পৰে। তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই …

চামগুৰিত দুর্ঘটনাক্ৰমে গুলী লাগি এজনৰ মৃত্যু

নগাঁও, সংবাদ ৩৬৫, ১১ ফেব্ৰুৱাৰীঃ নগাঁও জিলাৰ চামগুৰিত দেওবাৰে দুপৰীয়া সংঘটিত হয় এক দুৰ্ভাগ্যজনক ঘটনা। এজন আৰক্ষীৰ চাৰ্ভিছ পিষ্টলৰ পৰা উলিওৱা গুলীয়ে প্ৰাণ লয় এজন। চামগুৰি আৰক্ষী চকীৰ অন্তৰ্গত হেমাৰবৰিত গাঁৱৰ বাসিন্দা উৎপল বৰা গুৱাহাটীত এজন আৰক্ষী বিষয়ৰ ঘৰত দেহৰক্ষী …

গুৱাহাটী ৰেল ষ্টেচনত এক কোটি টকা মূল্যৰ মৰ্ফিন জব্দ

গুৱাহাটী, সংবাদ ৩৬৫, ১১ ফেব্ৰুৱাৰীঃ দেওবাৰে পুৱা গুৱাহাটী ৰেল ষ্টেচনত ৰেল আৰক্ষীয়ে অভিযান চলাই এক কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰীসহ এজন লোকক আটক কৰে। ৰেল আৰক্ষীয়ে পুৱাৰ ৭.৪০ বজাত ৰেল আৰক্ষী বিষয়া উৎপল দাসৰ নেতৃত্বত অভিযান চলাই ১নং প্লেটফৰ্মৰ পৰা …

লংকাত ৰেলৰ খুন্দাত ৪টাকৈ বনৰীয়া হাতীৰ মৃত্যু

হোজাই, সংবাদ ৩৬৫, ১১ ফেব্ৰুৱাৰীঃ  হোজাই জিলাৰ লংকাত যোৱা নিশা গুৱাহাটী শিলচৰ যাত্ৰীবাহী ৰেলৰ খুন্দাত ৪টাকৈ বনৰীয়া হাতী নিহত হোৱাৰ লগতে এটা প্ৰকাণ্ড হাতী আহত হৈ মৃত্যুৰ সৈতে যুঁজি আছে। হোজাই জিলাৰ লংকাৰ হাৱাইপুৰত সংঘটিত হোৱা এই কৰুণ দুৰ্ঘটনাই সকলোকে মৰ্মান্তিক …

মহানগৰ গুৱাহাটীত উগ্ৰপন্থীৰ আক্ৰমণৰ পৰিকল্পনা

গুৱাহাটী, সংবাদ ৩৬৫, ১০ ফেব্ৰুৱাৰীঃ  মহানগৰী গুৱাহাটীত উগ্ৰপন্থীয়ে আক্ৰমণ সংঘটিত কৰিব পাৰে বুলি অসম আৰক্ষীয়ে প্ৰকাশ কৰা এক তথ্যৰ বাতৰিয়ে ৰাজধানী গুৱাহাটীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি আৰক্ষীয়ে লাভ কৰা তথ্য মতে, মহানগৰী গুৱাহাটীত উগ্ৰপন্থীমূলক আক্ৰমণৰ এক …