মহিলাৰ দলে নৈৰ পৰা উদ্ধাৰ কৰিলে হাতীৰ পোৱালীক

ৰঙাপাৰাৰ পৰা জয় কিশোৰ ঝা, ৯ ডিচেম্বৰঃ শোণিতপুৰ জিলাৰ ৰঙাপাৰাত কিছুদিন পূৰ্বে ঘগৰা চাহ বাগিছাত জাকৰ পৰা ফালৰি কাটি আহি পথভ্ৰষ্ট হোৱা এটি কণমানি হাতীৰ পোৱালীক স্থানীয় ৰাইজে আৰু সাংবাদিকে উদ্ধাৰ কৰাৰ পিছত শনিবাৰে পুনৰ এটি হাতীৰ পোৱালী উদ্ধাৰ হৈছে। …

গুৱাহাটী আৰু নলবাৰীত ছোনিয়া গান্ধীৰ জন্মদিন পালন

সংবাদ ৩৬৫,, ৯ ডিচেম্বৰঃ কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় নেত্ৰী আৰু দেশৰ জনপ্ৰিয় মহিলা ছোনিয়া গান্ধীৰ আজি জন্মদিন। কংগ্ৰেছ নেত্ৰীগৰাকীৰ জন্মদিন আজি প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ ৰাজীৱ ভৱন আৰু আজাৰাস্থিত এছ অ’ এছ শিশু গাঁৱৰ অনাথ শিশুসকলৰ মাজত দিনজোৰা কাৰ্যসূচীৰে পালন …

বিজেপিৰ ‘স্বচ্ছতাই সেৱা’ মূলমন্ত্ৰক এতিয়া ভেঙুচালি কৰা পৰিলক্ষিত হৈছে জাগুনত

মাৰ্ঘেৰিটাৰ পৰা ৰবীন শৰ্ম্মা, ৯ ডিচেম্বৰঃ “যত পৰিস্কাৰ তাতেই সংস্কাৰ”এই বাক্যৰ এতিয়া কোনো মূল্য নাই জাগুনত। তিনিচুকীয়া জিলাৰ জাগুনৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ দূৰত্বত অৱস্থিত টিংকুপানী সংৰক্ষণ বনাঞ্চলৰ দুয়ো কাষে এতিয়া এচাম দুষ্কৃতিকাৰীয়ে জাবৰৰ দমৰে উপচায় পেলাইছে। জাৱৰ দম দেখিলে এনে …

বৰডুমচাত চাহ বাগিচালৈ লক্ষ্য কৰি সন্দেহজনক আলফাৰ গুলি বৰ্ষণ

ডিগবৈৰ পৰা বিজয় সূত্রধৰ, ৯ ডিচেম্বৰঃ  তিনিচুকীয়া জিলা বৰডুমচা থানা অন্তৰ্গত মৃদুল কুমাৰ ভট্টাচাৰ্জীৰ কুনাপথাৰ চাহ বাগিচাত কিছুদিন পূৰ্বে আলফাৰ মেজৰ অৰুণউদয় অসমৰ স্বাক্ষৰ থকা পত্ৰত ৪০ লাখ টকা বিচাৰি ধন দাবী কৰিছিল। কিন্তু এই ধন নোপোৱাত শুক্ৰবাৰে নিশা প্রায় ৭:৪৫ মান …

বৰহাটত ডাম্পাৰৰ চেপাত নিহত শিশু

চৰাইদেউ, ৮ ডিচেম্বৰঃ চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত টিটলাগড়ত শুক্ৰবাৰে আবেলি প্ৰায় ৪.৩০ বজাত এক ভয়ংকৰ দুর্ঘটনা সংঘটিত হয়। এএছ-০৬ বিচি- ১৯৪৯ নম্বৰৰ ডাম্পাৰ এখনে উত্তৰ চোমদাৰ গাওঁৰ নিবাসী মংলোওৰাং আৰু বিনা ওৰাংৰ ৮ বছৰীয়া কন্যা পূৰ্ণিমা ওৰাংক মহতিয়াই …

ইণ্ডিয়ান বেংকত গ্ৰাহকৰ ১০ লাখৰো অধিক টকা আত্মসাৎ

গোলাঘাট, ৮ ডিচেম্বৰঃ গোলাঘাট জিলাৰ বাদুলিপাৰ স্থিত ইণ্ডিয়ান বেংকৰ ৰঙামাটি শাখাত বৃহৎ অনিয়ম কথা পোহৰলৈ আহিছে। ১০ লাখৰো অধিক টকা আত্মসাৎ কৰাৰ অভিযোগ উঠিছে বেংক মিত্ৰ পল্লৱ গগৈৰ বিৰুদ্ধে। উল্লেখ্য যে বাদুলিপাৰ স্থিত ৰঙামাটিৰ ইণ্ডিয়ান বেংক শাখাটোৰ বেংক মিত্ৰ পল্লৱ …

মন্ত্ৰী হিমান্তক হত্যাৰ বিনিময়ত ধন বিচাৰি এছএমএছ

গুৱাহাটী, ৮ ডিচেম্বৰঃ ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ব্লুপ্ৰিন্ট ৰচনা কৰি দুজনকৈ লোক গ্ৰেপ্তাৰ হোৱা ঘটনাই ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী গৰাকীক হত্যা কৰাৰ বিনিময়ত ধন বিচাৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, …

তিনিটা সমষ্টিৰ সংযোগী পথৰ নাই কোনো বিধায়ক

ৰঙিয়া, ৮ ডিচেম্বৰঃ তিনিটাকৈ সমষ্টিৰ জনসাধাৰণে চলাচল কৰা এটা পথৰ নাই কোনো বিধায়ক। পৰিৱৰ্তনকামী চৰকাৰখনে কোনো পৰিৱৰ্তন আনিব নোৱাৰিলে এই পথটোৰ। তিনিজনকৈ বিধায়কৰ এজনো নিজৰ বুলি গ্ৰহণ নকৰে এই পথটোক। পথটোৰ অপৰাধ মাত্ৰ এটাই যে তিনিতকৈ সমষ্টিৰ সংযোগী হোৱাৰ বাবে কোনো …

গোলাঘাটৰ দেৰগাওঁত বাঘৰ আতংক, গুৰুত্ব নাই বিয়াগোম বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ

দেৰগাওঁৰ পৰা আহমেদ হুছেইন, ৭ ডিচেম্বৰঃ গোলাঘাট জিলাৰ দেৰগাঁও থানাৰ অন্তৰ্গত কাকডোঙা, চোনাখাট, বুঢ়াগাঁও, গোহাঁইমেৰ অঞ্চলত কিছুদিন ধৰি বাঘৰ আতংকই সৰ্বসাধাৰণ ৰাইজক বাৰুকৈয়ে ভীতিগ্ৰস্ত কৰি তুলিছে। ইতিমধ্যে বাঘৰ আক্ৰমণত অঞ্চলটোত কেইবাটাও পশুধন নিধন হৈছে যদিও বনবিভাগে এই ক্ষেত্ৰত কোনোধৰণ পদক্ষেপ গ্ৰহণ …

চাম্পুপাৰাত দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটঃ গুৰুতৰভাৱে আহত ২

সোণতলী, ৭ ডিচেম্বৰঃ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ কলহীকাষ গাঁৱত বুধবাৰে নিশা পাৰিবাৰিক কন্দলক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত তীব্ৰ সংঘাতৰ সৃষ্টি হয়৷ এই সংঘাতত ফৈদ দুটাৰ একোজনকৈ লোক গুৰুতৰভাৱে আহত হয়। সংঘাত খৱৰ লাভ কৰি ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া …