এ আই বি এ যুৱ মহিলা বক্সিং ছেম্পিয়নশ্বিপৰ ল’গ’, মেছকট আৰু এনথেম উন্মোচন কৰিলে মুখ্যমন্ত্রীয়ে

দিছপুৰ, নৱেম্বৰ ৭: মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে মহানগৰীৰ তাজ বিভান্ট হােটেলত আয়ােজিত এক অনুষ্ঠানত ১৯ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ’বলগীয়া এ আই বি এ যুৱ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ অফিচিয়েল ল’গ’, মেছকট আৰু এনথেম আনুষ্ঠানিকভাৱে উন্মোচন কৰে। উল্লেখ্য যে …

শিল্পীৰ হাতত প্ৰাণ পালে অসম গৌৰৱ এশিঙীয়া গড়

খাৰুপেটিয়া, নৱেম্বৰ ৭: অসমৰ বিভিন্ন পূজা উৎসৱ সমুহত মূৰ্তি নিৰ্মাণ কৰি সুনাম অৰ্জন কৰাৰ লগতে  খাৰুপেটিয়াৰ ৬৫ ফুট উচ্চতাৰ ৰাৱন,  কুম্ভকৰ্ণ আৰু মেঘনাথৰ মূৰ্তি নিৰ্মাণ  কৰি ব্যাপক সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা দৰঙৰ বেছিমাৰীৰ  যুৱ চিত্ৰ শিল্পী  ছফিকুল ইছলামে এইবাৰ …

বৃহত্তৰ নাগালিমত মাটি হস্তান্তৰৰ প্ৰতিবাদত সোণাৰিত অৱস্থান ধৰ্মঘট

সোনাৰি, নৱেম্বৰ ৬: বৃহত্তৰ নাগালিমত অসমৰ মাটি হস্তান্তৰৰ প্ৰতিবাদত আৰু চৰাইদেউ জিলাক পূৰ্ণ পৰ্যায়ৰ জিলা হিচাপে ঘোষণা কৰাৰ দাবীত সোণাৰিত চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ দিনৰ এঘাৰ বজাৰপৰা আৰম্ভ কৰা এই ধৰ্মঘট …

কেন্সাৰ ৰোগত আক্ৰান্ত সৰভোগৰ ললিত দাস, আৰ্থিক সাহাৰ্য্য বিচাৰি স্থানীয় বিধায়ক আৰু স্বাস্থ্য মন্ত্ৰীলৈ কাতৰ অনুৰোধ

কলগাছিয়া, নৱেম্বৰ ৬: বৰপেটা জিলাৰ সৰভোগৰ অন্তৰ্গত ৰামপুৰ গাঁৱৰ অতিকৈ দৰিদ্ৰ ললিত দাস (৬৫) সম্প্ৰতি কেন্সাৰ ৰোগত আক্ৰান্ত হৈ আছে। আজিৰ পৰা কেইদিনমান আগতে ললিত দাসৰ শৰীৰ অসুস্থ হোৱাত বৰপেটাত থকা ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হাস্পতালত চিকিৎসাৰ বাবে লৈ …

ৰঙিয়া আৰক্ষীৰ বিশেষ সফলতা, দুৰ্ধৰ্ষ বাইক চোৰ আটক

ৰঙিয়া, নৱেম্বৰ ৬: অসম আৰক্ষীৰ মূৰৰ কামোৰণী দুৰ্ধৰ্ষ বাইক চোৰ বিপুল শৰ্মা ওৰফে বিশ্বজিৎ ভট্টাচাৰ্য ৰঙিয়া আৰক্ষীৰ জালত৷  উজনি – নামনিত দীৰ্ঘদিন ধৰি বাইক চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা আৰক্ষীৰ ম’ষ্ট ৱান্টেড তালিকাত নাম থকা ছিপাঝাৰৰ  বিপুল শৰ্মাক ৰঙিয়াৰ তুলসীবাৰীৰ …

অৱসৰপ্ৰাপ্ত ভাৰতীয় বায়ুসেনা বিষয়া ছামচুল হক আহমেদ আৰু তেওঁৰ পত্নীৰ নামত ‘ডি’ ভোট

কলগাছিয়া, নবেম্বৰ ৬: প্ৰকৃত ভাৰতীয় নাগৰিকক ‘ডি’ ভোটাৰ সজাই অসম চৰকাৰে হাৰাশাস্তি কৰাৰ আন এক তথ্য পোহৰলৈ আহিছে৷ এইবাৰ ভাৰতীয় বায়ুসেনাত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰা কলগাছিয়াৰ বালিকুৰি গাঁৱৰ ছামচুল হক আহমেদ আৰু তেওঁৰ পত্নী নুৰজাহান আহমেদক সন্দেহযুক্ত বাংলাদেশী সজাই হাৰাশাস্তি …

উত্তপ্ত ৰঙিয়া, আছু আৰু এপ’ল মিল শ্ৰমিক সন্থাই অৱৰোধ কৰিলে আন্তঃৰাষ্ট্ৰীয় ঘাইপথ

ৰঙিয়া, নৱেম্বৰ ৬: ৰঙিয়াৰ তুলসীবাৰীত উত্তাল প্ৰতিবাদ৷ আছু আৰু এপ’ল মিল শ্ৰমিক সন্থাই অৱৰোধ কৰিলে ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ৷ এপ’ল মিল পুনৰুজ্জীৱিত কৰাৰ বাবে ৯.৩৫ কোটি টকা মুকলি, এপ’ল মিলৰ অনিয়োজিত কৰ্মচাৰী সকলক VRS দিয়াৰ দাবীত ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি …

কলগাছিয়াৰ ৰূপসী উন্নয়ন খণ্ডত MGNREGA ৰ নামত ব্যাপক দুৰ্নীতি

কলগাছিয়া, নৱেম্বৰ ৬: কলগাছিয়া খণ্ড উন্নয়ন বিষয়া আৰু কণিষ্ঠ অভিযন্তাসকলে MGNREGAৰ  আঁচনিত দুৰ্নীতিৰ পোহাৰ মেলিছে বুলি অভি়যোগ উত্থাপিত হৈছে। অভিযোগ মতে, উন্নয়ন খণ্ডটোৰ প্ৰতিটো MGNREGA ৰ প্ৰতিটো আঁচনিতে খণ্ড উন্নয়ন বিষয়া আৰু কণিষ্ঠ অভিযন্তা প্ৰত্যক্ষ সহযোগত ব্যাপক দুৰ্নীতি সংগঠিত কৰিছে …

নাজিৰা লক্ষ্মীজানত ঐতিহাসিক বৰশিল সংৰক্ষণ সমিতিৰ তথা টাইপাৰ চাফাই অভিযান, নীৰৱ পুৰাতত্ত্ব বিভাগ

শিমলুগুৰি, নৱেম্বৰ ৫: শিৱসাগৰ জিলাত থকা আহোমৰ ৬০০বছৰীয়া ৰাজত্ব কালৰ ঐতিহাসিক সমল সমূহ ক্ৰমাৎ ধ্বংসৰ গৰাহত। ইয়াৰ উপৰি নাজিৰা মহকুমা গড়কাপ্তানি বিভাগ আৰু  লক্ষ্মীজানস্থিত খণ্ড বন কাৰ্যালয়ৰ দায়িত্বহীনতাৰ বাবে জৰাজীৰ্ণ বাট পথ আৰু ঐতিহাসিক বৰশিল বৰ্তমান বন জংঘলৰে আগুৰি ধৰি বৰ্তমান …

ৰঙিয়াৰ আই অ’চিত উত্তপ্ত পৰিস্থিতি

ৰঙিয়া, নৱেম্বৰ ৫: সগনমল চেৰাউগী এণ্ড চনচ তেল ডিপোত গ্ৰাহকৰ তীব্ৰ প্ৰতিবাদ। ডিপোত তেলৰ সলনি ওলাল পানী। এই প্ৰতিবাদত শ শ লোকে ঘেৰাও কৰে তেল ডিপোটো। লগতে তেল বিক্ৰী বন্ধ কৰি দিয়ে ৰাইজে। একাংশ উত্তেজিত গ্ৰাহকে ডিপোটোৰ মেনেজাৰক দিয়ে উত্তম -মধ্যম …