ৰাষ্ট্ৰীয় পৰ্য্যায়ত সৰভোগৰ যুৱকৰ কৃতিত্ব

সৰভোগ, ১৪ জুলাইঃ সৰভোগৰ সাগৰ ঘোষে ফেশ্বন জগতত অভূতপূৰ্ব সফলতা লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। সৰভোগ নিবাসী স্বপন ঘোষ আৰু মণিকা ঘোষৰ পুত্ৰ সাগৰ ঘোষে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ মুম্বাইত বালাজী ফিল্মছত সহ পৰিচালক হিচাপে যোগদান কৰে। পৰৱৰ্তী সময়ত …

বশিষ্ঠ প্ৰেছ ক্লাবৰ গ্ৰীষ্মকালীন সাংবাদিকতা কৰ্মশালা সম্পন্ন

বশিষ্ঠ, ১৩ জুলাইঃ বশিষ্ঠ প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজিত সাতদিনীয়া গ্ৰীষ্মকালীন সাংবাদিকতা কৰ্মশালাৰ আজি সামৰণি পৰে। মুঠ ৩২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰি অসমৰ সংবাদ জগতৰ লগত জড়িত বিভিন্ন কাকত তথা টেলিভিছনৰ সম্পাদক, উপ সম্পাদক, সাংবাদিকৰ পৰা সাংবাদিকতাৰ বিভিন্ন দিশৰ …

এফালে বানৰ তাণ্ডৱ, আনফালে বাঘৰ আতংক

নাজিৰা, ১৩জুলাইঃ নাজিৰা ৰাজহ চক্ৰৰ জোকতলি মৌজাৰ মাদুৰী, মেছাগড়ত বহু লোকৰ ঘৰ-বাৰী সংহাৰী বানপানীয়ে ক্ষতি কৰিছে৷ অঞ্চলটোত জেঠ মাহতে ছটিয়াই থোৱা পুৰঠ কঠিয়া তলি বানে ডুবাই নষ্ট কৰিছে। যাৰ কাৰণে খেতিয়কসকলে বছৰটো পৰিয়ালটোক পোহ-পাল দিয়াৰ কথা চিন্তা কৰি মূৰে-কঁপালে হাত …

চেনিটাৰী নেপকিনত ১২% জিএছটি প্ৰত্যাহাৰৰ দাবীত এছএফআইৰ প্ৰতিবাদ

গুৱাহাটী, ১৩ জুলাইঃ চেনিটাৰী নেপকিনৰ ওপৰত লগোৱা কৰ অতি শীঘ্ৰে উঠাই লোৱাৰ দাবীত ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ অসম ৰাজ্যিক কমিটিয়ে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে, কেন্দ্ৰৰ মোডী চৰকাৰে প্ৰস্তুত কৰি উলিওৱা জিএছটি অনুসৰি বিলাসী সামগ্ৰীৰ তালিকাত ৰখা …

ৰাজ্যৰ বান পৰিস্থিতিত উদ্বিগ্ন কেন্দ্রীয় চৰকাৰ

ৰাজ্যৰ বানাগ্ৰস্তক সহায় আগবঢ়োৱাৰ বাবে প্রধানমন্ত্রীৰ ড’নাৰ মন্ত্ৰালয়ক দায়িত্ব গুৱাহাটী, ১৩ জুলাইঃ ৰাজ্যখনৰ সম্প্রতিক জটিল বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্রীয় চৰকাৰে উদ্বিগ্নতা প্ৰকাশ কৰিছে। প্রধান মন্ত্রী নৰেন্দ্ৰ মোডীয়ে ৰাজ্যখনৰ বান সমস্যাৰ ওপৰত যথেষ্ট গুৰুত্ব প্রদান কৰিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে ড’নাৰ মন্ত্রণালয়ক …

টিংখাঙত পৰিত্যক্ত জল উত্তোলন কেন্দ্ৰঃ কানসাৰ নাই জলসিঞ্চন বিভাগৰ

টিংখাং, ১৩ জুলাইঃ ৰাজ্যখনৰ জলসিঞ্চন বিভাগৰ চূড়ান্ত গাফিলতিত অধিকাংশ ঠাইত চৰকাৰী আঁচনিসমূহ ক্ৰমান্বয়ে জহি-খহি যাব ধৰিছে। ভূত বাংলাত পৰিণত হ’ব ধৰিছে বিভাগটোৰ প্ৰায়বোৰ পৰিত্যক্ত কাৰ্যালয়। টিংখাঙৰ চপাতলি জল উত্তোলন কেন্দ্ৰটোৰো বৰ্তমান একে দুৰৱস্থা৷ হাবিৰ মাজত জহি খহি যাব ধৰিছে চপাতলি …

গ্ৰীষ্মকালীন শিবিৰত নীলবাগান মডেল বিদ্যালয়ৰ শ্ৰেষ্ঠ প্ৰদৰ্শন

হোজাই ১৩ জুলাইঃ হোজাইৰ নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ে গ্ৰীষ্মকালীন শিবিৰত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয়৷ বিদ্যালয়খনৰ অধ্যক্ষ ফাইজ মহম্মদ বৰভূঞাই জানিবলৈ দিয়া মতে, নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নগাঁওৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ দ্বাৰা আয়োজিত সাতদিনীয়া গ্ৰীষ্মকালীন শিবিৰ …

শিশুৰ চিকিৎসাৰ কাৰণে আৰ্থিক সাহাৰ্য্যৰ প্ৰয়োজন

ৰঙিয়া, ১৩ জুলাইঃ ৰঙিয়াৰ এটি দুৰ্ভগীয়া পৰিয়াল। দিন হাজিৰা কৰি কোনোমতে জীৱন-নিৰ্বাহ কৰা এই পৰিয়ালটোলৈ নামি আহিছে বিপৰ্য্যায়। একমাত্ৰ পুত্ৰ সন্তানটো জটিল ৰোগত আক্ৰান্ত হোৱাত সৰগ ভাগি পৰিছে পৰিয়াৰটোৰ ওপৰত। পুত্ৰৰ চিকিৎসাত আৰ্থিক ভাবে সৰ্বস্বান্ত হৈ পৰিছে পৰিয়ালটো। শিশুটো ৰঙিয়াৰ …

অসম বন্ধ আৰু পথ অৱৰোধৰ বিৰুদ্ধে ব্যতিক্ৰমী প্ৰতিবাদ গুণ গগৈৰ

ৰঙিয়া, ১৩ জুলাইঃ অসম বন্ধ আৰু পথ অৱৰোধৰ দৰে সাধাৰণ জনতাৰ বাবে ক্ষতিকাৰক প্ৰতিবাদী কাৰ্য্যসূচীৰ বিৰুদ্ধে এজন সমাজ সচেতন লোকৰ ব্যতিক্ৰমী প্ৰয়াস। পথ অৱৰোধ আৰু অসম বন্ধৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবলৈ এইজন লোকে সম্পূৰ্ণ নিজাববীয়া প্ৰচেষ্টাৰে শদিয়াৰ পৰা ধুবুৰীলৈ চাইকেলেৰে …

কলগাছিয়াৰ বৰডাংগাত বানপানীৰ পিছত গৰাখহনীয়াৰ সংহাৰী ৰূপ

এসপ্তাহত উছন ১৫ পৰিয়ালৰ ভেঁটি-মাটি কলগাছিয়া, ১৩ জুলাইঃ বৰপেটাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলত বানপানীৰ পিছত গৰাখহনীয়াই সংহাৰী ৰূপ লৈছে। কলগাছিয়া ৰাজহ চক্ৰৰ বৰডাংগাত বেকী নদীৰ বানপানী কিছু পৰিমানে কমিছে যদিও আৰম্ভ হৈছে বিধংসী গৰাখহনীয়া। উল্লেখ্য যে, বেকী নদীয়ে এটা …