প্ৰেমিকাক পলুৱাই আনি প্ৰেমিকৰ পলায়ন

কলগাছিয়া, ৪ জুলাইঃ কলগাছিয়াৰ ছিকাটাৰীৰ প্ৰেমিক আব্দুল ৰোছে বঙাইগাঁৱৰ ডুমুৰীয়াৰ প্ৰেমিকা সাহানাচ পাৰবিনক পলুৱাই আনি ঘৰত থৈ নিজেই পলায়ন কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, প্ৰেমিক আব্দুল ৰোছে বিয়াৰ প্ৰলোভনেৰে বিগত এবছৰ ধৰি প্ৰেমিকা সাহানাচ পাৰবিনক যৌন …

বনমন্ত্ৰীয়ে নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰক-জীপাল

কাজিৰঙা, ৪ জুলাইঃ বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰক৷ এই আহ্বান জীপাল কৃষক শ্ৰমিক সংঘৰ৷ বনবিভাগৰ গুলীত আহত হোৱা কাজিৰঙাৰ ৮ বছৰীয়া শিশু আকাশ ওৰাঙক সুস্থ কৰি তোলাৰ লগতে দিল্লীৰ এইমছত উন্নত চিকিৎসাৰ ব্যৱস্থা কৰাৰ দাবীত কাজিৰঙাৰ কঁহৰা …

আছুৰ নেতৃত্বত ৰাজ্যজুৰি বিক্ষোভ দিৱস পালন

সংবাদ ৩৬৫ ডেস্ক, ৪ জুলাইঃ অসম চৰকাৰে নতুনকৈ স্থাপন কৰিব বিচৰা আদৰ্শ বিদ্যালয়সমূহত অসমীয়া মাতৃভাষাক পৰিকল্পিতভাৱে অৱমাননা কৰাৰ প্ৰতিবাদত আৰু আদৰ্শ বিদ্যালয়সমূহ অসমীয়া আৰু মাতৃভাষা মাধ্যমৰ ভিত্তিত স্থাপন তথা ইয়াৰ বাবে ৰাজ্যিক বোৰ্ড গঠনৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা চমুকৈ …

বৰলীয়া নৈৰ দলং মেৰামতিৰ দাবীত স্থানীয় জনতাৰ প্ৰতিবাদ

ৰঙিয়া, ৪ জুলাইঃ ৰঙিয়াৰ শিৱ মন্দিৰ ৰোডৰ বৰলীয়া নৈৰ দলংখন নিৰ্মাণত চূড়ান্ত গাফিলতি হোৱাৰ অভিযোগ কৰি ক্ষুব্ধ জনতাৰ লগতে স্থানীয় ব্যৱসায়ীসকলে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে, গড়কাপ্তানি বিভাগৰ অন্তৰ্গত কাঠৰ দলংখন মেৰামতিৰ কাম প্ৰায় ডেৰ মাহ পূৰ্বে আৰম্ভ হৈছিল। …

BREAKING-গো ৰক্ষাৰ নামত গাড়ী চালকক আক্ৰমণ কৰা গো ৰক্ষা বাহিনীৰ এজনক আটক

সোনাপুৰ, ৩ জুলাইঃ গো ৰক্ষাৰ নামত সোনাপুৰত গৰু কঢ়িয়াই অনা গাড়ী চালকক আক্ৰমন কৰা এজন আক্ৰমণকাৰীক সোনাপুৰ আৰক্ষীয়ে আটক কৰিছে। অসম আৰক্ষীৰ আৰক্ষী সঞ্চালক প্রধান মুকেশ চাহায়ৰ নিৰ্দেশত আৰক্ষীৰ এক দলে ডিমৰীয়াৰ বিভিন্ন অঞ্চলত অভিযান চলাই বিজু কাথাৰ নামৰ এজন যুৱকক …

গুৱাহাটীত অনুষ্ঠিত হ’বলগা ১৭ বছৰ অনুর্ধ ফিফা বিশ্বকাপৰ ষ্টিয়াৰিং কমিটীৰ প্ৰথম বৈঠক

দিছপুৰ, ৩ জুলাইঃ গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ১৭ বছৰৰ অনুর্ধ ফিফা বিশ্বকাপ২০১৭ৰ ষ্টিয়াৰিং কমিটীৰ প্ৰথম বৈঠক জনতা ভৱনৰ মুখ্যমন্ত্রীৰ সভাকক্ষত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। বৈঠকত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপৰ খেল সমূহৰ প্ৰস্তুতিৰ পুংখানুপুংখ পর্যালোচনা কৰাৰ লগতে বিশ্বকাপৰ প্ৰস্তুতিৰ …

সোনাপুৰাত গৰু জব্দঃ গৰু লৈ অহা গাড়ী চালকক প্ৰহাৰ

সোনাপুৰ, ৩ জুলাইঃ মহানগৰীৰ সোনাপুৰ পাঠৰকুচিত হিন্দু যুৱ ছাত্ৰ পৰিষদে কালি অবৈধভাবে গৰু লৈ অহা এখন ট্ৰাক আৰু দুখন ডিআই গাড়ী জব্দ কৰি  মুঠ ৪৮টা গৰু উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা গৰুখিনি উজনি অসমৰ পৰা ন মাইল স্থিত গৰুৰ বজাৰলৈ অনাৰ …

ছাত্ৰীক জোকাই গণ ৰোষত দুই যুৱক

ৰঙিয়া, ৩ জুলাইঃ ৰঙিয়াৰ তুলসীবাৰীৰ বিদ্যালয়ৰ ছাত্ৰীক জোকাই ৰাইজৰ ৰোষত পৰিল দুই যুৱক। অষ্টম শ্ৰেণীৰ ছাত্ৰীক জোকাই যুৱক দুজনে গণ প্ৰহাৰৰ লগতে আঠুকাঢ়ি কাণতো ধৰিবলৈ বাধ্য হয়। যুৱক দুজন ক্ৰমে তুলসীবাৰীৰ অহেদ আলী আৰু হাচমত আলী৷ প্ৰাপ্ত তথ্য অনুসৰি, ছাত্ৰী …

নাৰেংগীত ভূমিস্খলন নিহত-১ঃ ১২ মাইলত ভূমিস্খলনত বিধ্বস্ত কেবাটাও বাসগৃহ

গুৱাহাটী, ৩ জুলাইঃ মহানগৰীৰ নাৰেংগী পানীখাইটিত ভয়ংকৰ ভূমিস্খলনত প্ৰাণ গ’ল কণমানি ছাত্ৰীৰ৷ নিহত ছাত্ৰী গৰাকী  উত্তৰ পূৱ জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী দীপিকা বৰ্মন৷ পানীখাইতীৰ ৰে’ললাইনৰ সমীপত স্কুললৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয়৷ পাহাৰৰ মাটি খহি পৰিছিল দীপিকাৰ ওপৰত৷ …

ব্ৰহ্মপুত্ৰ নৈৰ জলপৃষ্ঠ বৃদ্ধিঃ বাঘবৰ-বহৰি সংযোগী মাথাউৰিলৈ ভাবুকি 

বাঘবৰ, ৩ জুলাইঃ বৰপেটাৰ বাঘবৰ-বহৰি সংযোগী মাথাউৰিলৈ বহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ভাবুকি কঢ়িয়াই আনিছে৷ বাঘবৰ, বৰপেটা আৰু চেঙা সমষ্টিৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত বহু ঠাইত মথাউৰিটো ছিঙাৰ উপক্ৰম হৈছে। ইতিপূৰ্বে  ব্ৰহ্মপুত্ৰই কালৰূপ ধাৰণ কৰি বহু ঠাইত মথাউৰি ছিঙিছে৷ এই মথাউৰিসমূহ নতুনকৈ …