নাজিৰাৰ বিদ্ধস্ত মাদুৰী পথৰ

নাজিৰা, ৩ জুলাইঃ নাজিৰাৰ বৰতল তিনিআলিৰ ধোদৰ আলিৰ পৰা কহুৱা, মাদুৰী, মেছাগড় পুখুৰী হৈ মেছাগড় বৰআলিত সংযোগ মাদুৰী পথটোৰ দুৰৱস্থাই সৰ্বসাধাৰণক জলা-কলা খুৱাইছে৷ পথটোৰ বিভিন্ন স্থানত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত সংশ্লিষ্ট গাঁও কেইখনৰ লগত যাতায়ত কৰোঁতে সৰ্বসাধাৰণ অসুবিধাৰ সন্মুখীন …

তিতাবৰত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

তিতাবৰ, ৩ জুলাইঃ ছয় জনগোষ্ঠীক জনজাতি কৰণৰ দাবীত আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ তিতাবৰত সৰ্বাত্মক প্ৰভাৱ পৰিছে৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত তিতাবৰৰ বিভিন্ন স্থানত প্ৰতিবাদকাৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।  দোকান-বজাৰকে ধৰি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকে। ঠায়ে ঠায়ে প্ৰতিবাদকাৰীয়ে …

বাঘবৰত বান্দৰৰ সন্ত্ৰাসঃ আতংকিত অঞ্চলবাসী

বাঘবৰ, ২ জুলাইঃ বৰপেটাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শিলোচী পথাৰ, সেউৰাভিটাকে ধৰি কেবাখনো গাঁৱত  বিগত এমাহ ধৰি  বান্দৰে সন্ত্ৰাস চলাই আহিছে।  প্ৰাপ্ত তথ্য মতে,  অঞ্চল কেইটাত বাঁহ-জোৰত থাকি বান্দৰে  ৰন্ধন ঘৰত সোমাই ভাতৰ লগতে  বিভিন্ন খাদ্য সামগ্ৰী খাই অঞ্চলটোত সন্ত্ৰাস চলাই আহিছে। …

কলগাছিয়াত বেঁকী নদীৰ তাণ্ডৱঃ বানাক্ৰান্ত গাঁৱত এতিয়াও চলিছে বৈদ্যুতিক লাইট 

কলগাছিয়াৰ প্ৰতিবেদক, ২ জুলাইঃ  বৰপেটা জিলাৰ কলগাছিয়া মহকুমা এলেকাৰ বৰডাংগা, জমেৰকুৰ আৰু খাটাকুছিত বেঁকী নদীৰ বাঢ়নি পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাত কেবাদিন ধৰি দুই শতাধিক পৰিয়াল নিজৰ ঘৰ দুৱাৰ এৰি থৈ অন ঠাইত আশ্ৰয় লৈ অনাহাৰে দিন পাৰ কৰিবলগীয়া হৈছে …

বিশ্ব ড্ৰাগছ দিৱস উপলক্ষে সজাগতা সমদল

কলগাছিয়াৰ প্ৰতিবেদক, ২ জুলাইঃ বিশ্ব ড্ৰাগছ দিৱস উপলক্ষে কলগাছিয়া আৰক্ষী থানাৰ উদ্যোগত সপ্তাহজোৰা কাৰ্য্যসূচীৰ অংশ হিচাপে ছে ন’ টু ড্ৰাগছ শীৰ্ষক এক সজাগতা সমদল উলিওৱা হয়। নিচামুক্ত সমাজ গঢ়াৰ উদ্দেশ্যে  কলগাছিয়া আৰক্ষী থানাৰ পৰা উলিওৱা এই সমদলত বন্ধ বিদ্যালয় আৰু …

আহমদীয়া মুছলিম জামাতৰ ঈদ ঐক্য মিলন শীৰ্ষক সভা

গুৱাহাটী, ২ জুলাইঃ  আহমদীয়া মুছলিম জামাত (ভাৰত)ৰ কামৰূপ মেট্রো গুৱাহাটী শাখাৰ উদ্যোগত অসম সাহিত্য সভাৰ লক্ষ্মীৰাম বৰুৱা সদনৰ প্রেক্ষাগৃহত ঈদ ঐক্য মিলন শীৰ্ষক এখন সভাৰ অনুষ্ঠিত কৰা হয়। মানুহৰ আচল ধর্ম হ’ল মানৱতা শীৰ্ষক আলোচনা চক্ৰখন সভাপতিত্ব কৰে আহমদীয়া মুছলিম …

সৰভোগত আছুৰ অভিনন্দন অনুষ্ঠান

সৰভোগ, ২ জুলাইঃ বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সৰভোগৰ গান্ধী ময়দানত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ- ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। বৰপেটা জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি অমৰেন্দ্ৰ মিশ্ৰৰ সভাপতিত্ব অভিনন্দন অনুষ্ঠানটো অনুষ্ঠিত হয়৷ অনুষ্ঠানত মুখ্য বক্তা …

বৰক্ষেত্ৰীত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ বাৰ্ষিক উৎসৱ

মুকালমুৱা, ২ জুলাইঃ বৰক্ষেত্ৰীৰ আদাবাৰীত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ বাৰ্ষিক উৎসৱ তথা সম্বৰ্দ্ধনা অনুষ্ঠানতো আজি দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয়৷  শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰাঙ্গনত অনুষ্ঠিত সভাখনত বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্দ্ধনা জনোৱা হয়৷ অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী …

প্ৰেমধৰ শৰ্মাক সম্বৰ্ধনা ইলেকট্ৰনিক মিডিয়াৰ

গুৱাহাটী, ২ জুলাইঃ  আজি বিশ্ব ক্ৰীড়া সাংবাদিক দিৱস পালন কৰে অসম ইলেকট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছ’চিয়েছনে৷ ক্ৰীড়া সাংবাদিক দিৱস উপলক্ষ্যে সাংবাদিকৰ সংগঠনটোৱে প্ৰবীন ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মাক বাসগৃহত সম্বৰ্ধনা জনায়৷ সম্বৰ্ধনা অনুষ্ঠানটোত অসম ইলেকট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছ’চিয়েছনৰ সভাপতি জয়ন্ত …

আজিৰ নিয়োগ বাৰ্তা

ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনস্থ পুনেৰ কন্ট্র’লাৰেট অৱ কোৱালিটী এছিউৰেঞ্চত সাধাৰণ বৰ্গৰ ২২ টা পদত নিযুক্তি আৱেদনৰ অন্তিম তাৰিখঃ ৮ জুলাই সবিশেষ যোগাযোগঃ দ্যা কন্ট্র’লাৰ, কন্ট্র’লাৰ অৱ কোৱালিটী এছিউৰেঞ্চ, অউন্ধ কেম্প, পুণে-৪১১ ০২৭   এছএছবিৰ ক্ৰীড়া শিতানত ৩৫৫টা কনিষ্টবল পদত …