সন্তান জন্ম দিয়া মেচিন

২৪ বছৰত ৩৮ টাকৈ সন্তান জন্ম দিয়া মহিলা অনলাইন ডেস্ক, ২৯ এপ্ৰিলঃ মাতৃত্ব লাভ কৰাটো প্ৰতিগৰাকী নাৰীৰ বাবে সৌভাগ্যৰ কাৰণ৷ মাতৃত্ব অবিহনে নাৰীৰ জীৱন আধৰুৱা৷ পিছে য়াগুণ্ডাৰ মোকোনো জিলাৰ কাবিম্বিৰী গাঁৱৰ এগৰাকী মাহিলাই নিজৰ বিবাহিতা জীৱনৰ ২৪টা বছৰত ৩৮টাকৈ ল’ৰা-ছোৱালী মাতৃ …

নতুন নিয়ম নীলৰ পৰিবৰ্তে কলা চিয়াঁহী

হাইস্কুল শিক্ষান্ত পৰীক্ষাত কলা চিয়াঁহীৰে লিখিব লাগিব পৰীক্ষাৰ্থীয়ে গুৱাহাটী, ২৮ এপ্ৰিল : বিতৰ্কই লগ নেৰা ছেবা অবলম্ভন কৰিছে নিতৌ ন ন কৌশল।এইবাৰ ছেবাই  নতুন কৈশলৰ ভিতৰত হৈছে কলা চিয়াঁহী। ২০১৮ বৰ্ষৰ পৰা হাই স্কুল শিক্ষান্ত পৰীক্ষাত পৰীক্ষাৰ্থী সকলে ব্যৱহাৰ কৰিব নোৱাৰিব নীলা …

দিলীপ কুমাৰ বৰুৱাৰ দেহাৱসান

গুৱাহাটী, ২৮ এপ্ৰিলঃ  উত্তৰ পূৰ্বাঞ্চলৰ কুইজৰ জনক, বিশিষ্ট শিক্ষাবিদ, কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ দিলীপ কুমাৰ বৰুৱাই যোৱানিশা ১০.৪৫ বজাত গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে৷ দিলীপ কুমাৰ বৰুৱা কেৱল এটা পৰিচ্ছন্ন নাম নহয়, এটা ঋদ্ধ অনুষ্ঠান আছিল৷ ড° দিলীপ কুমাৰ …

সোণতলীত মহিলা সন্ধানহীন

নাৰী সৰবৰাহকাৰীৰ কবলত পৰাৰ সন্দেহ পৰিয়ালৰ সোণতলী, ২৮ এপ্ৰিলঃ দক্ষিণ কামৰূপৰ সোণতলীত এগৰাকী মহিলা সন্ধানহীন হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ বকো থানাৰ সোণতলী আৰক্ষী চকীৰ অধীনস্থ ডেকাচাং গাঁৱৰ নায়েব আলীৰ পত্নী নুৰজাহান বেগম ওৰফে মুন্নী নামৰ মহিলা গৰাকী ৫ …

নলবাৰীত ধুমুহাৰ তাণ্ডৱ

নলবাৰী, ২৮ এপ্ৰিলঃ যোৱানিশা নামনি অসমৰ বিভিন্ন জিলাত ধুমুহা আৰু শিলাবৃষ্টিয়ে ব্যাপক ক্ষয়-ক্ষতি কৰে৷ নলবাৰীৰ সন্ধা, পাইকাৰকুছি, শুকাকুছি, আহিনপুৰ আদি অঞ্চলৰ লগতে কেবাখনো গাঁৱত ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে৷ ধুমুহাত ঘৰৰ টিনপাত উৰুৱাই নিয়াৰ লগতে ডাঙৰ ডাঙৰ গছ পথৰ ওপৰত …

নৰ্থ-ইষ্ট ফুডটেকৰ আয়োজন

গুৱাহাটী, ২৮ এপ্ৰিলঃ খাদ্য­ আৰু আতিথ্য­ উদ্যোগৰ লগত জড়িত ভাৰতৰ আগশাৰীৰ ব্যৱসায়িক ভিত্তিক প্ৰদৰ্শনী ফুডটেক ইণ্ডিয়া প্ৰথমবাৰলৈ গুৱাহাটীৰ  মণিৰাম দেৱান বাণিজ্য ­কেন্দ্ৰত আয়োজন কৰা হৈছে৷ তিনিদনীয়া কাৰ্যসূচীৰে আয়োজিত নৰ্থ-ইষ্ট ফুডটেকৰ দ্বাৰ আজি অসমৰ কৃষি উদ্যান শস্য­ আৰু খাদ্য­ প্ৰস্তুতকৰণ বিভাগৰ …

১২ বছৰৰ এখন দলং

লংকা, ২৮ এপ্ৰিলঃ হোজাই জিলাৰ উদালী ফুলতলীৰ পৰা ময়না পথাৰ হৈ ১নং কাকী, ২নং কাকী আৰু ৩নং কাকীলৈ সংলগ্ন দলংখনৰ বিধ্বস্ত অৱস্থাই অঞ্চলবাসীক অতিস্থ কৰি তুলিছে৷ বিগত ১২ বছৰ ধৰি মেৰামতিৰ অভাৱত  দলংখনৰ নামত কেইটামান লোহাৰ খুটাৰ ওপৰেদি বিপদসংকুল ভাবে …

সাংবাদিকৰ প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন

নলবাৰী, ২৭ এপ্ৰিলঃ নলবাৰী জিলা পৌৰসভাৰ উদ্যোগত আৰু নলবাৰী প্ৰেছ ক্লাবৰ সহযোগ সাংবাদিকসকলৰ কাৰণে নিৰ্মাণ হ’ব লগা এটা প্ৰেক্ষাগৃহৰ আধাৰশিলা নলবাৰী জিলাৰ বিধায়ক অশোক শৰ্মাই স্থাপন কৰে৷ নলবাৰী জিলাৰ থানা চ’কৰ গোলপাৰ্কৰ উত্তৰ দিশত থকা বজাৰগৃহৰ দ্বিতীয় মহলাত এই প্ৰেক্ষাগৃহটোৰ …

গুৱাহাটীৰ ঘাইপথ মেৰামতি আৰু বেদখল মুক্ত কৰাৰ নিৰ্দেশ

গুৱাহাটী, ২৭ এপ্ৰিলঃ দিছপুৰ আৰু সোনাপুৰৰ ৰাজহ চক্ৰৰ চক্ৰবিষয়াক অহা ৩০ এপ্ৰিলৰ ভিতৰত খানাপাৰাৰ পৰা যোৰাবাট পৰ্যন্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰাকৃতিক পানীৰ সোঁত আবদ্ধ হৈ পৰা অঞ্চল সমূহ পৰিষ্কাৰ কৰাৰ লগতে এই অঞ্চলসমূহৰ বেদখল উচ্ছেদ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা …

বিপদসংকুল ভাবে যাতায়ত শতাধিক ছাত্ৰ-ছাত্ৰীৰ

কলগাছিয়া, ২৭ এপ্ৰিলঃ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিটো স্বাধীনোত্তৰ সত্তৰ বছৰ পিছতো অনুন্নত হৈ থকাত যাতায়ত আৰু স্বাস্থ্যৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিব লগা হৈছে অঞ্চলবাসীয়ে৷ চৰকাৰ তথা প্ৰশাসনৰ চূড়ান্ত অৱহেলাৰ কাৰণে দৈনিক শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় লোকে বিপদসংকুল ভাবে যাতায়ত কৰিব …